সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
অসমীয়া ৰামায়ণ।

বিষয়ত বৈষ্ণবক দেখি নানা চন্দ।
কলঙ্কে লক্ষিত যেন পূৰ্ণিমাৰ চান্দ॥
বিষয়ত বহু গুণ আছে থাকে এক দোষ।
তাত কি মহন্ত জনে কৰে অসন্তোষ॥
এহি জানি দুষ্টৰ সঙ্গক তাৱে ছাড়ি।
ভজিয়ো কৃষ্ণৰ দুই চৰণত ধৰি॥
ধন জন বন্ধু যত কিছু নহে সাৰ।
একেতিলে নিকালিবে কালে গৰ্ব্ব তাৰ॥
মহাযত্নে শুনিয়োক কৃষ্ণৰ গুণ নাম।
এহিসে নিস্তাৰে ডাকি বোলা ৰাম ৰাম॥

—০—

ছবি।

সীতায়ে বোলন্ত লখাই, এভু আছা বাট চাই,
 নুশুনা কি ডাকন্ত ৰাঘৱে।
ত্ৰাহি ত্ৰাহি লক্ষ্মণ, ঝাণ্টে আসি ৰাখা প্ৰাণ,
 দুইবাৰ শুনু আৰ্ত্ত ৰাৱে॥
মই অভাগিনী প্ৰভু, মোন কাৰ্য্য কৰিহোলো,
 কেনে মৃগ মাৰিতে পঠাইলোঁ।
সুবৰ্ণৰ মৃগ আনি, কোন বিধি দেখাইলেক,
 হৰি হৰি প্ৰভুক দেখাইলোঁ॥

(৮)