সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
অসমীয়া ৰামায়ণ।

তেজা বিলঙ্গল কাম, এখনে আসিব ৰাম,
 অব্যাহতে মৃগক সংহৰি।
তেজিয়ো শোকৰ জাল, আনিবন্ত মৃগ ছাল,
 বসিয়া থাকিবা ৰঙ্গ কৰি ৷৷

—০—


দুলড়ি।

লক্ষ্মণৰ হেন, বচন শুনিয়া,
 জ্বলিল কোপ সীতাৰ।
স্বামীৰ সন্তাপে, নিষ্ঠুৰ বচনে,
 বুলিলা কৰি ধিকাৰ।৷
শুনৰে পাপিষ্ঠ, লক্ষ্মণ দুৰ্ঘট,
 বুজিলোঁ তোহাৰ চিত।
তইযেন হিত, স্বামি যে ৰামত,
 আজিসে ভৈলা বিদিত॥
মৰো বুলি প্ৰভু, ডাকিলন্ত শুনি,
 হৰিষ পাইলি বিস্তৰ।
বাঘৰ সদৃশ, শৰীৰ তোহোৰ,
 মুখ গোট হৰিণৰ॥