এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
অৰণ্য কাণ্ড।
ঋষি সকলৰ হৃদি কম্প লৰি গৈলা।
কতো বেলি কম্পি ভূমি খণ্ড থিৰ ভৈলা।৷
সীতায়ে শুনিলা হেন ৰামে দিলা ৰাৱ।
স্বামী ৰাম মৰা বুলি কাম্পে সৰ্ব্ব গাৱ॥
মোৰ প্ৰাণ স্বামীক ৰাক্ষসে বেঢ়ি খাই।
এতেকেসে লক্ষ্মণক ডাকিলা সীতা আই।৷
নসহে শৰীৰে শোক অগনি উধাই।
শ্ৰুতিহত ভৈলা সীতা বাতুল পৰাই॥
তৰঙ্গ নয়নে দেবী চতুৰ্দ্দিশে চান্ত।
লক্ষ্মণক চাই সীতা পাছে বুলিলন্ত॥
শুনা সাধুসব পদ ৰামায়ণ কথা।
দুৰ্জ্জনৰ চেষ্টা কেন দেখিয়ো সৰ্ব্বথা॥
কপটে মাৰিচে কাঢ়িলেক ৰাম ৰাৱ।
নজানিয়া দেবী ভৈলা আকুল স্বভাৱ॥
দুষ্টৰ কপটে মোহ ভৈলা সীতা সতী।
আন সামান্যৰ কিবা কহিবো সঙ্গতি॥
জানি মোহ নুহিবাহা দুষ্টৰ বচনে।
সন্তক সদায় মন্দ বোলে দুষ্ট জনে॥
দুষ্টৰ এহিসে ধৰ্ম্ম অধৰ্ম্ম সুচাৱে।
স্বধৰ্ম্মৰ কথা যত তিলেকো নৰৱে॥