সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
অসমীয়া ৰামায়ণ।

আধা মুণ্ডি যেন নিশাচৰে মায়া কৰে।
দণ্ড দুৰ পন্থে দেখাই গাণ্ডি মুণ্ড ঘুৰে॥
খণ্ড খণ্ড মেঘে যেন চন্দ্ৰক ঢাকয়।
খনো দেখা দেই খনো লুকিয়া থাকয়।৷
খেদন্তে খেদন্তে প্ৰভু পায়া বৰ শ্ৰান্ত।
বৃক্ষৰ আৰত চাপি চুম্পি ৰহিলন্ত॥
মনুষ্যৰ মতে চুম্পি আছা ধনু ধৰি।
মৃগগণ মাজে সিটো চৰে মায়া কৰি।৷
দুৰতে মাৰিচ চৰে ৰাঘবে দেখিলা।
আকৰ্ণ পুৰিয়া ধনু শৰ প্ৰহাৰিলা॥
হৃদয়ত পৰিল অবধ্য ৰাম শৰ।
তেতিক্ষণে প্ৰাণ ছাড়ি গৈলা মাৰিচৰ॥
মৰণ কালত হিত চিন্তি ৰাৱণক।
ৰামৰ সদৃশ লক্ষ্মণক দিলা ডাক।৷
ত্ৰাহি ত্ৰাহি লক্ষ্মণ সত্বৰে আসিয়োক।
একেশ্বৰে বনত ৰাক্ষসে মাৰে মোক॥
হা! লখাই তুমি মোৰ সুবলিত ভাই।
ঝাণ্টে লাগ লোৱাঁ হেৰা মোৰ প্ৰাণ যাই।৷
হেন ৰাৱ ছাড়ি নিজৰূপক ধৰিলা।
পৰ্ব্বত আকাৰ হুয়া ৰাক্ষস পৰিলা॥