সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ

আৰো পুছোঁ শুনি আছে৷ পৰম সুন্দৰ
কহিও কিমতে ভৈল তবু সয়ম্বৰ।
যি মতে লভিলা স্বামী ৰাম ৰঘুপতি।
শুনিচো পবিত্ৰ কথা কহিওক সতী॥
হেন শুনি বুলিলন্ত জানকী গোসানী।
উৎপত্তি কালৰ পৰা শুনিয়ো কাহিনী॥
বাপ মোৰ মহাৰাজা মিথিলা নগৰে।
বিষ্ণুত ভকত তাঙ্ক জানে সুৰাস্থৰে।
অপুত্ৰক ছিল পিতা মনে স্বস্থ নাই।
পাছে মহা মুনিগণ ফুৰে তাঙ্ক চাই।
এক দিনা আকাশক মাথা তুলি চাইলা।
ত্ৰৈলোক্য সুন্দৰী এক কন্যা দেখ। পাইলা।
নামত মেনকা তেহোঁ দেব অপেস্বৰা।
ৰূপে গুণে অনুপম। জগৎ মনোহৰ |
দেখিয়া বাপৰ বৰ বাঢ়ি গৈলা মন।
বিমৰিষি তথাতে আছিল৷ কতোক্ষণ॥
আকাশী বচন পাছে ভৈলা নেহি থানে।
দেবে মিলাইলেক ৰাজা তোমাৰ কল্যাণে॥
হাল ভূমি বাহিয়োক যজ্ঞৰ নিমিত্তে।
ইহান সদৃশ ভূমি লভিবা অলপতে॥