সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
অৰণ্য কাণ্ড

এহি শুনি কৌতুকে জনক ৰঙ্গ কৰি।
যজ্ঞ ভূমি বাহিলন্ত হাতে হাল ধৰি।
শুনিয়োক মহা সতী মোহোৰ যুগুতি।
পৃথিবীৰ হন্তে ভৈলো শিলত উৎপত্তি॥
ধূলিয়ে ধূসৰ ম‍ই কৰোহোঁ ঘঞ্চাল।
দেখি মহা বিস্ময় ভৈলন্ত মহাপাল॥
কোলাত কৰিয়া মহাদৈৰ আগে গেল।
শিৰলত উপজিলোঁ সীতা নাম থৈল॥
জনক ৰাজাৰ যত মুখ্য পটেশ্বৰী।
জীৱ বুলি সবে মোক তুলিলা সদৰি॥
মহাসুখে বৰ ভৈলোঁ তাসম্বৰি থানে।
মাহোত বাসনা শত পুত্ৰৰ সমানে॥
শুক্লপক্ষে নিতে যেন বাঢ়ে চন্দ্ৰ কলা।
ত্ৰৈলোক্য মোহিনী মই ভৈলো বৰ বালা ||
বৰ নপাই মোহৰ সদৃশ দুখ মন।
বাপে বৰ বিচাৰ কৰয় মনে মন॥
চিন্তায়ে বাপৰ ক্ষীণ ভৈল কলেবৰ।
বিমৰিষি মোহোৰ বিহিলা স্বয়ম্বৰ॥
পূৰ্ব্ব কালে যজ্ঞ কৰিলেক যোৰবাপে।
তুষ্ট হুয়া মহাদেবে দিলা ঘোৰ চাপে॥