সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। বাৰে বাৰে ইন্দ্ৰে মোক বজ্ৰ প্ৰহাৰিলা। মোহোৰ গাৱৰ লোম গছো নলড়িলা | আপুনি জানাহা তুমি মই যেন বীৰ। ৰামৰ শৰত মোৰ লড়িল শৰাৰ। Rept তুলা যেন মোক ৰামে শৰে উৰাইলেক। সমুদ্ৰৰ সিপাৰত নিয়া পেলাইলেক | কত কাল মৰি পাছে চেতনক পাইলোঁ। বন্ধুগণ দেখিবাক পাছে লঙ্কা আইলো॥ প্ৰহাৰ সুমৰি এভু দুখ কৰে মন। সি কাৰণে তপ কৰে৷ পশি তপোবন। সুখে ভোগ কৰিতে নপাৰোঁ কিছু কাম। সুমৰন্তে দেখো যেন আসি পাৱে ৰাম॥ এৰিলোহো চাৰ পুত্ৰ দাৰা গৃহবাস। মহাতপ আচৰোঁ স্বৰ্গক অভিলাষ॥ স্বৰ্গৰ দেবতা পাতালৰ নাগ যত। পৃথিবীৰ মহা ৰাজা বীৰ সমস্তত॥ সমস্তৰ বল আছে একৈক ৰামত। নাশিব ৰাক্ষস কুল ৰামৰ হাতত॥ মোৰ বাক্য শুনা যে যেবে লঙ্কাক চলিও। ইটো সব কথা বিভীষণত পুছিও॥