সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০০ অৰণ্য কাণ্ড। দশৰথ ঘৰে যেবে উপজিল ৰাম। সাক্ষাত ঈশ্বৰ সৰ্ব্ব গুণে অনুপাম। শুনি বিশ্বামিত্ৰে পাছে অযোধ্যাক গৈলা। নৃপতিত মাগি ৰাম লক্ষ্মণক নিলা | আপুনি ঋষিয়ে দুইক মন্ত্ৰ দিলা। যত ধনুৰ্ব্বেদ ৰাম লক্ষ্মণে শিখিলা॥ পাছে যজ্ঞ আৰম্ভিলা মহাযত্ন কৰি। শ্ৰীৰাম লক্ষক্ষ্মণে ৰাখি আছা ধনুধৰি॥ দিলন্ত আহুতি মহাবেদ পঢ়ি মুনি। গন্ধ পাই আমাৰ জিহ্বাৰ পৰে পানী॥ আথে বেথে যাই আমি চাপিলোহেঁ৷ কোল! ৰাখা ৰাখা ৰাম বুলি সবে কৰে ৰোল॥ নাহিভয় বুলি হাম্ফলিলা দুই ভাই। চৈধ্য কোটী ৰাক্ষস মাৰিলা সেই ঠাই মোক লাগি ৰামে হানিলন্ত এক শৰ। হৃদয়ত পৰিয়া লড়িল কলেবৰ। ৰাঘবৰ শৰ যেন হবৰ ত্ৰিশূল। উৰুৱাইলা যেন মোক কি মনিৰ তুল যত অস্ত্ৰ মাৰি মোক আছে দেবাস্থৰ! মোহোৰ গাৱত পৰি সবে ভৈলা চূৰ।