পৃষ্ঠা:অসীমৰ বীণ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অসীমৰ বীণ
 

গাড়ী এখন লৈ ছাত্ৰ সকলৰে সৈতে টানি টানি সাহায্য গোটাই ফুৰিছিল। চতুৰ্থ বাৰ্ষিকৰ বাচনি পৰিক্ষাৰ সময়ত কৰ্ম্মবীৰ বৰদলৈ ডাঙৰীয়াৰ শকট নৰিয়া ঘৰত হাঁহাকাৰ, সেই বিপদতো ৺ ককাকৰ সেৱা শুশ্ৰূষা কৰাত পবিত্ৰপ্ৰাণে ত্ৰুটি কৰা নাছিল। ইপিনে বাচনি পৰীক্ষাৰ পঢ়াৰ হেঁচা ইপিনে ঘৰত সাংঘাতিক বিপদ দেৱোপম ককাক মৃত্যু শয্যাত, সেই ৰোগেই ককাকৰ শেষ ৰোগ। সেই বিপদৰ মাজতো পৰীক্ষাদি বাচনিত উঠিল। আৰু ৺ ককাকৰ মৃত্যু শ্ৰাদ্ধাদি শোক সন্তাপৰ মাজতেই তেওঁ ফাইনেল পৰীক্ষাও দিব লগা হল। আৰু সেই পৰীক্ষা দি তেওঁ কৃতকাৰ্য্য হল।

 খেল ধেমালিত অতি উৎসাহী আৰু আগ ৰণুৱা আছিল। টেনিস খেলাত কলেজৰ পৰ ১৯৩৬ সনত এটি ৰূপৰ পদক লাভ কৰে। হকি, ফুটবল, বেডমিনিটন, ভলি, টেনিস সকলোতে পাৰদৰ্শী আছিল। ৰাইজৰ সকলো হিতকৰ অনুষ্ঠানত তেওঁৰ যোগ আছিল তেওঁ একতা সভাৰ সম্পাদক আছিল। অসীম জ্ঞান স্পৃহা আছিল ৺পবিত্ৰপ্ৰাণৰ বিশেষত্ব। সৰুৰে পৰাই নানা পুথি অধ্যয়ন। নানা দেশৰ চিত্ৰ, মুদ্ৰা টিকিট আদি গোটোৱা তেওঁৰ স্বভাৱ আছিল। খবৰৰ কাগজৰ ভাল ভাল প্ৰবন্ধ আদি কাটি কাটি গোটাইছিল। নানা গ্ৰন্থকাৰ আবিষ্কাৰক নেতা আৰু নানা চিত্ৰ সংগ্ৰহ কৰি তেওঁ এখনি এলবাম কৰি থৈছিল। এই কম বয়সতে তেওঁ পৃথিৱীৰ নানা সংবাদ ৰাখিছিল। ৺ ককাকৰ দৰেই দেশৰ আঁতি গুৰি অভাৱ অভিযোগ সকলোৰে খবৰ ৰাখিছিল। নিজৰ কোঠাতে এটি সৰু লাইব্ৰেৰী পাতি লৈছিল। আৰু কিতাপ সংগ্ৰহ কৰিছিল। কলেজৰ পৰা অৱসৰ লৈ তেওঁ গীতা সম্বন্ধে শিক্ষা কৰিবলৈ বৰ উৎসুক দেখা গৈছিল। সৰুৰে পৰা সত্যাশ্ৰয়ী পবিত্ৰপ্ৰাণে সদায় ঈশ্বৰ তত্ব সম্বন্ধে চিন্তা কৰিছিল। মৃত্যুৰ কেই