সমললৈ যাওক

পৃষ্ঠা:অসীমৰ বীণ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চমু জীৱনী
২৫
 

দিন আগতে এটি “মূৰ্ত্তিপূজা” নামৰ ধৰ্ম্ম সম্বন্ধীয় গল্প লেখিছিল। আৰু সেই গল্পৰ সাৰ কথা খিনি মৃত্যুৰ তিনদিন আগতে ঠিৰ হৈ সকলোকে কৈছিল। মোটতে কৰ্ম্মবীৰ ৺ ককাকৰ আদৰ্শ লৈ জীৱন গঠন কৰিবলৈ সদায় তেওঁৰ ইচ্ছা আছিল। জনপ্ৰিয় ৺ ককাদেউতাকৰ দৰে, কুমলীয়া ৺ পবিত্ৰপ্ৰাণকো সকলোৱেই মৰম চকুৰে চাইছিল।

 তেওঁৰ বন্ধু বান্ধৱ বিলাকৰ তেওঁ বৰ প্ৰিয়, আৰু বিশ্বাস ভাজন আছিল। স্বভাৱতে তেওঁ দীঘল ঋজু শৰীৰ আৰু অতি সুন্দৰ শিশুৰ দৰে মুখখনিয়ে আৰু স্বৰ্গীয় হাঁহিটিয়ে সকলোৰে মন পমাইছিল। সেই শুভ্ৰ সুন্দৰ মুখ খনিত মলিনতাৰ চিন নাছিল। আছিল মাথোন এটি সুকোমল নিৰ্ম্মল স্বৰ্গীয় ভাব। সৰুতে ৺ ককাদেউতাকে সদায় “দেৱশিশু” বুলি মাতিছিল। ৺ ককাদেউতাকে স্বাধীন চিতিয়া নিৰ্ম্মল অন্তৰৰ পবিত্ৰপ্ৰাণক বৰ স্নেহ কৰিছিল, আৰু ভৱিষ্যতলৈ এটি আশা ৰাখিছিল। পবিত্ৰপ্ৰাণেও ভৱিষ্যতলৈ দেশ সেৱাত ব্ৰতী হবলৈ মনে মনে সঙ্কল্প কৰি থৈছিল। আৰু সেই উদ্দ্যেশ্যেৰেই ল কলেজত নাম লগাইছিল। যি দিনাই তেওঁ ল কলেজত নাম লগাই, সেই দিনাই নিশা জ্বৰ উঠিল, আৰু সেই জ্বৰেই কাল ৰূপে মাৰ মূৰ্ত্তি ধৰি ন দিনতে সন্নিপাঁত হৈ একৈশ বছৰ ন মাহত পুণ্য আত্মা ৺ পবিত্ৰপ্ৰাণক সামৰি ললে।

সন্তপ্ত বন্ধু “দেৱ”
১৭।১২।৩৮