পৃষ্ঠা:অসীমৰ বীণ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চমু জীৱনী
২৩
 

ঘৰলৈ আহি ৺ককাদেউতাকক এই কথা কোৱাত তেখেতে বৰ আনন্দ আৰু গৌৰব অনুভৱ কৰিছিল। ৺ককাদেউতাকে ৺পবিত্ৰৰ স্বাধীন মনত আঘাত লাগে বুলি, কলিকতাৰ সেণ্টজেভিয়াৰ কলেজত পঢ়িবলৈ পঠিয়ালে। তাত দুবছৰ পঢ়ি, কানিংহাম চাৰ্কুলাৰ আইন আসামৰ পৰা উঠি যোৱাত পুনৰ গুৱাহাটী কটন কলেজৰপৰা ৺পবিত্ৰই আই, এস্, চি আৰু বি, এস্, সিও পাচ কৰে।

 তৃতীয় বাৰ্ষিক শ্ৰেণীত থাকোতে ৺পবিত্ৰপ্ৰাণ কলেজৰ ইউনিয়ন চেক্ৰেটাৰী নিৰ্ব্বাচিত হয়। চেক্ৰেটাৰী হিসাবেও ভূতপূৰ্ধ্ব চেক্ৰেটাৰী সকলৰ দৰে কৰ্ত্তা সকলৰ আদেশ মতে কাম কৰা ৺পবিত্ৰপ্ৰাণ নাছিল। তেওঁ সমুহ ছাত্ৰৰ হিতাথে নিৰ্ভিক আৰু ন্যায় ভাবে সকলো কাম কৰিছিল। সেই বছৰতে যেতিয়া কোনো এজন প্ৰফেচাৰে অসমীয়া ছাত্ৰসকলক গালি পাৰি অপমান কৰা বুলি ছাত্ৰ সমাজত বিক্ষোভ আৰু চাঞ্চল্যৰ সৃষ্টি হৈছিল, তেতিয়া ছাত্ৰৰ প্ৰতিনিধি হিসাবে ৺পৱিত্ৰপ্ৰাণে সেই বিষয়ে প্ৰতিকাৰ কৰিবলৈ, ডাইৰেক্টৰ মহোদয় আদি উপৰিয়াল সকললৈ তাৰৰ বাতৰিৰে জনাইছিল। সেই কামৰ পৰা বিৰত কৰিবলৈ কোনো কোনে৷ অধ্যাপক আৰু ছাত্ৰ আদিয়েও বহুত যত্ন কৰিছিল, আৰু ভয় দেখুৱাইছিল। ৺ পবিত্ৰপ্ৰা ে নিজৰ ব্যক্তিগত স্বাৰ্থলৈ অলপো কান নকৰি, নিভিক মনেৰে ছাত্ৰ সকলৰ হিতাৰ্থে সেই কাম কৰিছিল। তাৰ পিচ বছৰ বহুত বাধা বিঘিণি বিপদৰ মাজতো কটন কলেজৰ পৰাই বি, এছ, ছি পাচ কৰে। সেই বছৰতে নগাওঁৰ বান পানীত সাহায্য কৰিবলৈ শ্বিলংঅৰ পৰা অসুস্থতাৰ কাৰণে হাৱা বদলাবলৈ যোৱাৰ পৰা, লৰি আহি বানপানী সাহায্যৰ কাৰণে গুৱাহাটীত আহি অপ্ৰাণ চেষ্টা কৰিছিল। ছাত্ৰ সমুহক গোটাই লৈ সাহায্য কমিটি খুলি, ঘৰে ঘৰে চাউল ডাইল কাপোৰ কানি ভিক্ষা কৰি ফুৰিছিল,