পৃষ্ঠা:অসীমৰ বীণ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অসীমৰ বীণ
 

পবিত্ৰপ্ৰাণৰ নামে কমিশনাৰৰ চিঠি অহা দেখি ঘৰৰ সকলোৱে আচৰিত হয়। শেষত চিঠি খোলাত দেখা গল যে, খেল মাটিত খেলিবলৈ অনুমতি দি কমিশনাৰে ৺পৱিত্ৰপ্ৰাণলৈ চিঠি দিছে। এনেকুৱা সৰু সুৰা বহু ঘটনাই সৰুৰেপৰা ৺পবিত্ৰৰ সৎসাহ আৰু নিৰ্ভিকতাৰ পৰিচয় দিছিল। প্ৰবেশিকা পৰিক্ষালৈকে গুৱাহাটীৰ কলেজিয়েট স্কুলত পঢ়ি আহিছিল। কিন্তু ১৯৩০ চনৰ সত্যাগ্ৰহ আন্দোলনত মহাত্মাৰ কাৰাবাসৰ দিনা, স্কুল বৰ্জ্জন কৰাৰ অপৰাধত কানিংহাম চাকুলাৰ জাৰি হয়। কানিংহাম চাৰ্কুলাৰত আনডাৰ্‌টেকিং চহী নকৰিলে নিদিলে স্কুলত পঢ়িব নোৱাৰা হোৱাত। আনডাৰটেকিং নিদি স্কুল এৰি একাডেমী স্কুলত ভৰ্ত্তি হয়। আৰু কলিকতা ‘বাচনি’ পৰীক্ষা, আৰু মেট্ৰিক পৰীক্ষা দিয়েগৈ। মেট্ৰিক পৰীক্ষা প্ৰথম বিভাগত পাচ কৰি, কটন কলেজত ভৰ্ত্তি হবলৈ আহোঁতে, আকৌ সেই একে সমস্যাই দেখা দিয়ে। ভূতপূৰ্ব্ব “টমচন” আছিল সেই সময়ত কলেজৰ প্ৰিন্সিপাল। প্ৰিন্সিপালে আনডাৰ টেকিং দিবলৈ কোৱাত স্বাধীন মনৰ সোতৰ বছৰীয়া তেজস্বী ৺পবিত্ৰপ্ৰাণে স্পষ্ট উত্তৰ দিলে, যে “দেশ সেৱা প্ৰত্যেক দেশবাসীৰ কৰ্ত্তব্য, দেশ সেৱা নকৰো বুলি প্ৰতিজ্ঞা কৰা মই মনুষ্যত্বৰ অপমান বুলি ভাবো”। এই কথা শুনি বীৰ জাতি টমচন সাহাবে বৰ ভাল পালে, আৰু হাঁহি মাৰি কলে তেনে তুমি ভষ্যিতলৈ কিবা অপৰাধ কৰিলে কি কৰিম? পবিত্ৰই নিৰ্ভিক ভাবে উত্তৰ দিলে; ‘দেশৰ সেৱাৰ হকে কাম কৰিলে যদি আপোনালোকৰ আইন মতে অপৰাধ হয়, তেনেহলে তেনে অপৰাধ কৰিলে সেই অপৰাধৰ শাস্তি মই নিজে উপযাচি আহি মুৰ পাতিলমহি।

 তথাপি “আনডাৰটেকিং” নিদিলে কলেজত ভৰ্ত্তি হবলৈ দিয়া নহয় বুলি কোৱাত ৺পবিত্ৰৰ কটন কলেজত নাম লগোৱা নহল। আৰু