শ্ৰীযুতা নলিনীদেবীৰ মধ্যম পুত্ৰ পৱিত্ৰপ্ৰাণ সৰুৰে পৰা বৰ নিৰ্জ্জু শান্ত সত্যবাদী আৰু বুজন প্ৰকৃতিৰ লৰা আছিল। সৰু কাল ডোথৰ অলপ ক্ষীণ ৰুগিয়া ধৰণৰ, আৰু সন্তুষ্ট চিত্তৰ আছিল। মাকৰ আৰু গুৰুজন সকলৰ বৰ বাধ্য অনুগত; আৰু বৰ কোমল প্ৰাণৰ ৺পবিত্ৰ সকলোৰে মৰমৰ পাত্ৰ আছিল। মাকৰ আৰু ককাকৰ যত্নত সৰুৰে পৰা সজ শিক্ষা পাই, সভ্য ন্যায়নিষ্ঠা নিৰ্ভিকতা সৰলত। দয়া আদিৰে, ৺পবিত্ৰৰ পবিত্ৰ কোমল মনটি গঢ়ি উঠিছিল নিখুত সুন্দৰ হৈ। ১৯২০ সনৰ জাতীয় আন্দোলনত বিলাতি বৰ্জ্জনৰ বস্ত্ৰ যজ্ঞত যি বিলাতি বৰ্জ্জন কৰিছিল, তেতিয়াৰে পৰা স্বদেশী প্ৰিয় ৺পবিত্ৰৰ গাত কোনেও জীৱনৰ শেষ দিনলৈকে খদ্দৰৰ বাহিৰে অইন কাপোৰ দেখা নেপালে। স্বাধীন চেতা ৺পবিত্ৰৰ মনত কোনো দিনে পৰাধিন ভাৱে ঠাই নেপালে। সৰু কাল ডোখৰ আন আন লৰা ছোৱালীৰ দৰে হাই কাজিয়া মাৰ পিট কৰা পবিত্ৰৰ স্বভাৱ নাছিল। বৰং আনৰ হাই কাজিয়া লাগিলেও মধ্যস্থ হৈ ভাঙ্গিহে দিছিল।
স্বাৰ্থপৰতা, নিচতাক ৺পবিত্ৰই বৰ ঘৃণা কৰিছিল। সৰুৰে পৰা মিছা কথা কব নেজানিছিল। পশু পক্ষী জীৱ জন্তু দুখীয়া আতুৰৰ দুখ দেখিলে ৺পবিত্ৰৰ কোমল মনটি কান্দি উঠিছিল। ধুনপেচ লাহ বিলাহ সমূলি নাছিল। নিৰ্ম্মল মুখৰ সদা প্ৰসন্ন হাঁহিটি ৺পবিত্ৰৰ শুৱনী ওঁঠৰ লগৰীয়া আছিল। স্বভাৱতে প্ৰিয়দৰ্শন মুখ খন দেখিলে কোনেও ভাল নেপাই নোৱাৰিছিল। পঢ়াশুনাত ৺পবিত্ৰপ্ৰাণ সৰুৰে পৰাই মনযোগী ছাত্ৰ আছিল। কোনো এটি কামত পিচ হোঁহকা বা ভয় কৰা স্বভাৱ ৺ পবিত্ৰৰ নাছিল। স্কুলৰ পঞ্চমমান শ্ৰেণীত পঢ়োতে, এডোখৰ খেল মাটিৰ দৰকাৰ হোৱাত লগৰীয়াবোৰৰ হৈ কমিশনাৰৰ ওৰত নিজে গৈ ভঙ্গা ভঙ্গা ইংৰাজী কথাৰে আবেদন কৰে গৈ। হঠাতে এদিন মাষ্টাৰ