[ ৭ ]
এই জিলাৰ উত্তৰ ফালৰ পৰ্বতত থকা অঁকা বিলাকে নিজক বাণৰজাৰ নাতি ভালুকৰ বংশধৰ বুলি কয় আৰু “ৰুষ্য” জাতিৰ মানুহ বুলি চিনাকি দিয়ে। “ৰুষ্য” শব্দটো “ঋক্ষ” শব্দৰ অপভ্ৰংশ হব পায়। ঋক্ষ বুলিলে ভালুক বুজায়। কিন্তু আগৰ দিনত ঋক্ষ নামে এজাতি মানুহো আছিল। শ্ৰীকৃষ্ণৰ ভাৰ্য্যা জাম্বৱতী ঋক্ষকন্যা আছিল। যি ঠাইত ভালুকপেঙ দুৰ্গ আছে সেই পিনে অঁকা পৰ্ব্বতলৈ যোৱা বাট আছে। তাক ভালুক দুৱাৰ বুলিও কয়। সম্ভৱতঃ বাণৰজাৰ নাতি ভালুকে কোনো কাৰণত এই ফালৰ ৰাজ্য হেৰুৱাই অঁকা পৰ্ব্বতত আশ্ৰয় লৈছিল।
“কালিকাপুৰাণৰ” ৩৯ আধ্যাত লিখা আছে যে প্ৰাগজ্যোতিষৰ ৰজা নৰকৰ লগত শোণিতপুৰৰ বাণবজাৰ অত্যন্ত মিত্ৰতা হোৱাত পৰ- স্পৰে পৰস্পৰৰ ঘৰলৈ অহা যোৱা কৰিবলৈ ধৰে; বাণৰজাৰ সংসৰ্গত পৰি নৰকে শিৱভক্ত হৈ অনেক বেদ-বিৰুদ্ধ কাৰ্য্য কৰি দেৱ ব্ৰাহ্মণাদিক অত্যাচাৰ কৰি ৰাজ্যৰ পৰা খেদি দিয়ে; দেৱতাসকলক জিনি দেৱমাতা অদিতিৰ কুণ্ডল হৰণ কৰে; ৰূপে গুণে ধন্য। ষোলহাজাৰ-দেৱকন্যাকো ধৰি আনি আটক কৰি ৰাখে। পাছে, শ্ৰীকৃষ্ণই নৰকক বধ কৰি তেওঁৰ পুতেক ভগদত্তক ৰজা পাতে। গিৰিৰাজ হিমালয়ৰ পৰা ওলোৱা কোকা নামে নদীৰ মুখত দিব্য বৰাহৰূপী বিষ্ণুৱে এক শ্ৰাদ্ধ যজ্ঞ কৰিছিল; তেওঁৰ ভাৰ্য্যা মহীময়ী ছাযাই সেই যজ্ঞৰ পিণ্ড ভোজন কৰি গৰ্ভাৱতী হয় আৰু কিছুদিনৰ পিছত সেই যজ্ঞ ভূমিতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে।
“ততোহস্যাঃ প্ৰাভৱৎ পুত্ৰোভৌমন্ত্বনৰকাসুৰঃ।
প্ৰাগজ্যোতিষঞ্চ নগৰমস্য দত্তঞ্চ বিষ্ণুনা ॥”
সেই পুত্ৰই ভৌম নৰকাসুৰ। ব্ৰহ্মপুৰাণ ২১৯ আধ্যা। বিষ্ণুৱে তেওঁক প্ৰাগজ্যোতিষপুৰ দান কৰে।