পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮]

   ভূমিৰ গৰ্ভত বা যজ্ঞভূমিত জন্ম হোৱা বাবে নৰকাসুৰক আৰু তেওঁৰ বংশৰ ৰজা সকলক ভৌমনৃপতি বোলা হয়। কোকা নদী কৌশিকী বা কুশী নৈত পৰিছে “বৰাহ পুৰাণৰ” (১৪০ আধ্যা) মতে কোকা নৈৰ মুখত ভগবান বিষ্ণুৱে বৰাহ অৱতাৰত ভূমি উদ্ধাৰ কৰি তাত যজ্ঞ কৰিছিল। সেই বাবে ঠাই খনৰ নাম বৰাহ ক্ষেত্ৰ হয়। সাগৰৰ গৰ্ভৰ পৰা নকৈ ওলোৱা ঠাই গুণে সেই ভূখণ্ডক কৌশিকী কচ্ছ বুলিও কয়।

   প্ৰায় পাঁচ হেজাৰ বছৰৰ পূৰ্ব্বে কুৰুক্ষেত্ৰত মহাভাৰতৰ যুদ্ধ হৈছিল। প্ৰাগজ্যোতিষাধিপতি ভগদত্ত কৌৰৱৰ পক্ষে সেই যুদ্ধলৈ গৈ যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰে। তেওিয়া তেওঁৰ পুতেক বজ্ৰদত্তই পিতৃ-সিংহাসন পায়। ভগদত্ত বা বজ্ৰদত্তৰ দিনতে শোণিতপুৰ ৰাজ্য প্ৰাগজ্যোতিষ বা কামৰূপৰ অন্তভুক্ত হৈছিল বুলি অনুমান কৰো। নৰক বংশৰ ৰজা সকলে অনেক শ বছৰ এই দেশত ৰাজত্ব কৰে। এই ৰজাসকলৰ যি যি তামৰ ফলি এই পৰ্য্যন্ত আবিষ্কাৰ হৈছে তাৰ পৰা জনা যায় যে তেওঁলোকে নিজক কোল-সুনু অৰ্থাৎ কোলৰূপী বিষ্ণুৰ সন্তান বুলি চিনাকি দিছিল। বৈদিক যুগত বংশৰ আদি পুৰুষৰ নামৰ পাছত “তা” বা "তি” প্ৰয়োগ কৰি বংশধৰ সকলে চিনাকি দিয়াৰ প্ৰথা আছিল। সেইমতে কোল-সুনু সকল কোলতা বুলি জনাজাত হয় আৰু কালক্ৰমে “কোলতা” শব্দই “কলিতা” হোৱা বুলি বোধ হয়। “কোল” বুলিলে বৰাহ বা বৰাহৰূপী বিষ্ণু বুজায়, এজাতি মানুহ বুজায়।

   মাননীয় ৰায় বাহাদুৰ শ্ৰীযুত কনকলাল বৰুৱা ডাঙ্গৰীয়াৰ “Early History of Kamarupa” পুঠিৰ ২৫ পিঠিত লিখা আছে –    “It may also be supposed that as the earliest Aryan colonists in Assam were the Kalitas, the kings of Naraka line were probably Aryan Kalitas."