পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬]

নিমিত্তে নগৰ খনৰ নাম তেজোৱতী আছিল। সেই পুৰাণে তেজো- ৱতীৰ যি ভৌগলিক স্থিতি নিৰূপণ কৰিছে তাৰ পৰা বুজা যায় যে তেজোৱতীয়েই শোণিতপুৰ। কালক্ৰমত তেজোৱতীৰ “তেজ আৰু শোণিতপুৰৰ "পুৰ” লগ লাগি এই নগৰৰ নাম তেজপুৰ হয়।

   বাণৰজাৰ উষা নামেৰে ভুবন মোহিনী কন্যা আৰু ইন্দ্ৰদমন নামে এটি পুত্ৰ আছিল। ভগবান শ্ৰীকৃষ্ণ আৰু ৰুক্মিনী দেবীৰ নাতি অনিৰুদ্ধ কেঁৱৰক উষাৰ সখীয়েক চিত্ৰলেখা দেবীয়ে যোগবিদ্যাৰ বলত সুদূৰ দ্বাৰকাৰ পৰা ইয়ালৈ লৈ আহে আৰু উষাৰ লগত মিলন কৰি দিয়ে। বাণৰজাই এই কথা জানিবলৈ পাই কোঁৱৰক বন্দি কৰি থয়। নাৰদৰ মুখে শ্ৰীকৃষ্ণই খবৰ পাই সসৈন্যে শোণিতপুৰলৈ আহে। পাছে তুমুল ৰণ হয়। বাণৰজাই শিৱত শৰণ লয়। শৰণাগতক ৰক্ষা কৰি নিমিত্তে শিৱই আহি ৰণত যোগ দিয়ে। এই ৰণকে হৰি-হৰ যুদ্ধ বোলে। শেষত উভয় পক্ষৰ ভিতৰত সন্ধি হয়, আৰু উষাক অনিৰুদ্ধ কোৱৰে বিয়া কৰাই দ্বাৰকালৈ লৈ যায়। যি ঠাইত এতিয়া তেজপুৰৰ কাছাৰি ঘৰ আছে তাতে উষাৰ মঠ বা কাৰেং আছিল বুলি কিংবদন্তি পৰা জনা যায়। ইং ১৯০৬ চনত কাছাৰি ঘৰটি বঢ়াই ডাঙ্গৰ কৰিবৰ নিমিত্তে ভেটিৰ মাটি খানেতে মাটিৰ তলত এটা পুৰনি শিলৰ ঘৰৰ ভগ্নাৱশেষ থকা জনা গৈছিল। বাণৰজাই স্থাপন আৰু পূজা কৰা মহা- ভৈৰৱ শিৱলিঙ্গ এই নগৰত আছে। শুনিবলৈ পাইছেোঁ ইমান ডাঙ্গৰ শিৱ- লিঙ্গ ভাৰতৰ আন কোনো প্ৰদেশত নাই। দেবীকূটৰ আগৰ শিল আৰু ইটাৰে সজা মন্দিৰ ভাগি গল। এতিয়া তাত মহাভাগা ভৈৰবী দেবীৰ দেৱালয় আছে। তেজপুৰৰ ভোমোৰাগুৰি পৰ্ব্বতৰ পৰা অকা পৰ্বতৰ ভালুকপেঙ দুৰ্গলৈকে এটা অতি পুৰনি গড় আছে। এই গড়টো বাণৰজাই কৰোৱা বুলি প্ৰবাদ আছে। আকৌ ভৈৰৱকুণ্ডৰ পৰা তিব্বতৰ লাছা নগৰ লৈকে যিটো পুৰনিকলীয়া বাট আছে সেইটোও হেনো বাণৰজাৰ দিনৰ