পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩ ]

ষষ্ঠদশ বোলা হৈছে যদিও প্ৰকৃতপক্ষে সভাৰ বয়স এতিয়া ১৮ বছৰ পাৰ হৈ গৈছে। কবলৈ গলে এই সভাই এতিয়া তৰুণ অৱস্থা পাইছেহি। শিশু অৱস্থাৰ পৰা যি সকল স্বদেশ-প্ৰেমিক লোকে এই সভাক তুলি তালি বৰ্ত্তমান অৱস্থা পোৱাইছেহি, সেই সকল ধন্যবাদৰ পাত্ৰ, সেই সকলৰ ভিতৰত দান শীল ৰায় বাহাদুৰ শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ বদান্যতা আৰু দিহা পৰামৰ্শ আৰু অক্লান্তকৰ্মী সু-সাহিত্যিক শ্ৰীযুত শৰৎ চন্দ্ৰ গোস্বামী দেৱৰ অদম্য উদ্যম আৰু কাৰ্য্য- কুশলতা লেখত লব লবলগীয়া। আশাকৰোঁ অসম সাহিত্য-সভাৰ বুৰঞ্জীত তেখেত সকলৰ নাম যাউতী-যুগীয়া হৈ থাকিব আৰু অসমীয়া মাত্ৰেই সকৃতজ্ঞচিত্তে তেখেত সকলৰ গুণ চিৰকাল সুৱঁৰিব।

 অসমীয়া ভাষা আৰু সাহিত্যৰ সৰ্ব্বাঙ্গীন উন্নতি কৰাই অসম সাহিত্য-সভাৰ ঘাই উদ্দেশ্য। সেই উদ্দেশ্য সাধনৰ অৰ্থে যোৱা ১৯১৮ চনৰ পৰা এতিয়ালৈকে সভাই যি যি কাৰ্য্য কৰিছে তাৰ এটা চমু বিবৰণ সভাৰ পত্ৰিকাত ওলাব বুলি আমি আশা কৰিলো।

 তেজপুৰ দৰং জিলাৰ সদৰ ঠাই। এই জিলাৰ মঙ্গলদৈ মহকুমাত যোৱা বছৰ সাহিত্য সন্মিলন বহিছিল।

 সংস্কৃত দ্যৌঃ+অঙ্গ শব্দৰ পৰা দৰং শব্দ উৎপত্তি হোৱা বুলি মনে ধৰে। “দ্যৌঃ” শব্দৰ অৰ্থ স্বৰ্গভূমি। সায়ানাচাৰ্য্যই অথৰ্ব্ব বেদৰ ভাষ্যত এঠাইত কৈছে —

 “হিমবৎ শিৰঃ প্ৰদেশ এব স্বৰ্গভূমিৰিতি প্ৰসিদ্ধঃ।” অৰ্থাৎ হিমালয় পৰ্ব্বতৰ শীৰ্ষদেশেই স্বৰ্গভূমি। হিমালয়ৰ ঠাল ঠেঙ্গুলি স্বৰূপ অসমৰ পৰ্ব্বত বিলাক হিমালয় বা দ্যৌঃ অঙ্গ। হিমালয় প্ৰদেশৰ ভিতৰত আসামৰ দৰং জিলাও পৰে।

 হিমালয় প্ৰদেশ বা দ্যৌত কশ্যপ ঋষিৰ বৰপুতেক হিৰণ্যকশিপুৱে ৰাজত্ব কৰিছিল। দিতিৰ গৰ্ভত জন্ম লোৱা বাবে তেওঁক দৈত্য বলে।