পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[৪]

নৰসিংহ বিষ্ণুৱে তেওঁক বধ কৰে। তেওঁৰ পুতেক মহাভক্ত প্ৰহ্লাদ। প্ৰহ্লাদৰ পুতেক বিৰোচন। বিৰোচনৰ পুতেক বলি। বলি মহাদানী আৰু বীৰ আছিল। বামণ অৱতাৰত ভগবান বিষ্ণুৱে তেওঁক ছলনা কৰি পাতাললৈ পঠাই দিয়ে। স্বৰ্গভূমিৰ পদতলত থকা ভূখণ্ডৰ নাম পাতাল। পাতালত ভোগবতী গঙ্গা আছে। এই ভোগৱতী গঙ্গাৰ নাম পাছত ভোগলীয়া বোগলীয়া হৈ এতিয়া বৰাক বা কুশিয়াৰাত পৰি- ণত হৈছে যদিও বদৰপুৰৰ ওচৰত এতিয়াও এই নদী খনক বোগলীয়া বোলে, সুৰমা উপত্যকা আৰু চট্টগ্ৰাম বিভাগেই পৌৰাণিক যুগৰ পাতাল। চট্টগ্ৰাম জিলাত এতিয়াও পাতাল শব মে শিৱৰ দেৱালয় আছে। বলিৰ পুতেক বান পৰম শিৱভক্ত আছিল। তেওঁ শিৱক তপস্যা কৰি পিতৃৰাজ্য শোণিতপুৰ ঘূৰাই পাই তাত ৰাজত্ব কৰে। এই ৰাজ্য অতি পুণি আৰু প্ৰসিদ্ধ। ইয়াত গ্ৰস্তণ যুগৰ শিলৰ অস্ত্ৰ-শস্ত্ৰ পোৱা গৈছে।

  শোণিতপুৰ ৰাজ্যৰ ভিতৰত এতিয়াৰ লক্ষীমপুৰ মহকুমা, ইয়াৰ উত্তৰে থকা দফলা, অকা আৰু ভোটৰ পৰ্ব্বত শাৰীও পৰিছিল। দফলা পৰ্ব্বত শাৰীৰ মাজত নাটক নামে পৰ্ব্বতত শঙ্কৰৰ মহাশ্ৰম আছিল। তাত তেওঁ নটৰাজৰূপে দেৱতা সকলৰ সৈতে নৃত্যবাদন কৰিছিল। নাটক পৰ্ব্বতৰ নামনিত মানস সৰোবৰৰ নিচিনা এটি মনোহৰ সৰোবৰ আছে। তাৰ চাৰিফলৰ পৰআ ভট্টালিকা (ভৰলী) দিক্কৰিকা (দিকৰাই) বৃদ্ধগঙ্গ। (বুঢ়িগাং আৰু স্বৰ্ণবহা (বৰগাং) এই চাৰিখন নৈ বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে। “দ্যৌ” আৰু প্লৱ এই দুটা শব্দ লগ লাগি “দ্যৌপ্লৱ” হৈ শেষত "দফলা" হৈছে বুলি বোধ হয়। “প্লৱ” বুলিলে এজাতি মানুহ বুজায়। সম্ভবতঃ দফলাবিলাক মহাদেৱৰ অনুচব গুহ আছিল। বৃদ্ধগঙ্গাৰ মুখত উমানত উমাই শিৱক স্বামীৰূপে পাবৰ কাৰণে তপস্যা কৰিছিল। শিৱই সেই বৃদ্ধগঙ্গাৰ মুখত যি ঠাই ৩ উমাক দৰ্শন কৰিছিল সেই ঠাইকে বিশ্বনাথ বোলে। “কালিকা পুৰাণত” আছে –