পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২ ]

প্ৰাণৰ পৰশ দি কৃতাৰ্থ কৰিব। তেজপুৰীয়া ৰাইজৰ হৈ আৰু সেই ৰাইজৰ দ্বাৰা গঠিত অভ্যৰ্থনা সমিতিৰ হৈ মই আপোনাসকলক নতশিৰে স্বাগত সম্ভাষণ আৰু ওলগ জনাইছোঁ। আপোনাসকলক দুই দিনলৈ হলেও আমাৰ মাজত পাই অমি নিজক ধন্য মানিছোঁ। মঙ্গলময় পৰমেশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ কৃপাত আৰু আপোনালোকৰ সমবেত চেষ্টাত অসম সাহিত্য সভাৰ এই যষ্ঠদশ সম্মিলন যেন সাফল্য-মণ্ডিত হয়।

 আপোনাসকলে বোধকৰোঁ জানে যে ইংৰাজী ১৯১৭ চনৰ ডিছেম্বৰ মাহত বৰদিনৰ বন্ধত শিৱসাগৰত অসম এছোছিয়েছনৰ সম্মিলন হয়। সেই সুযোগতে শিৱসাগৰৰ সাহিত্যনুৰাগী লোক সকলে অসম এছোছিয়েছনৰ সভা-মণ্ডপত এখন সাহিত্য সম্মিলন পাতে। সাহিত্যিক প্ৰৱৰ ৰায় বাহাদুৰ শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱা এই সম্মিলনৰ সভাপতি আছিল। এই সম্মিলনৰ সুফল স্বৰূপে “অসম সাহিত্য সভা”ৰ জন্ম হয় আৰু ১৯১৮ চনৰপৰা ৰীতিমতে সভাৰ কাৰ্য্য আৰম্ভ হয়। অসম এছোছিয়েছনৰ সম্মিলনৰ লগতে অসম সাহিত্য সভাৰ দ্বিতীয় সম্মিলন ১৯১৮ চনত গোৱালপাৰাত, তৃতীয় সম্মিলন ১৯১৯ চনত বৰপেটাত আৰু চতুৰ্থ সম্মিলন ১৯২০ চনত আমাৰ তেজপুৰ নগৰত বহে। প্ৰবীন সাহিত্যিক প্ৰত্নতত্ত্ববিদ পণ্ডিত ৺হেমচন্দ্ৰ গোস্বামী এই চতুৰ্থ সম্মিলনৰ সভাপতি আছিল। আজি ১৫ বছৰৰ মূৰত আকৌ ইয়াত ষষ্ঠদশ সন্মিলন পাতিবলৈ পাই আমি নথৈ সন্তোষ পাইছোঁ। যোৱা বৰদিনৰ বন্ধতে সন্মিলন পাতিবলৈ যো-যা কৰা হৈছিল। দুখৰ বিষয়, নানা কাৰণত সেইটো হৈ নুঠিল। এই ইষ্টাৰৰ বন্ধত ৰঙ্গালি চ'তৰ বিহুক আগত লৈ ১৮৬৭ শকক বিদায় দিয়াৰ লগে লগে এই সন্মিলন আহ্বান কৰা হল। আগেয়েও ৫ম সন্মিলন যোৰহাট নগৰত ইষ্টাৰৰ বন্ধতে বহিছিল। অসম সাহিত্য সভাৰ এই অধিবেশনক