পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসম সাহিত্য সভাৰ ষষ্ঠদশ বাৰ্ষিক
সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ
সভাপতিৰ অভিভাষণ


স্বাগতম্

‘যো দেবোগ্নৌ যোহপ্সু,
 যো বিশ্বং ভুৱনমাবিৱেশ।
যো ওষধীষু যো বনস্পতিষু
 তস্মৈ দেৱায় নমো নমঃ॥”

মাতৃভাষাৰ সেৱক-সেৱকিনীসকল আৰু দৰ্শকমণ্ডলী,

 আজি আমাৰ পৰম সৌভাগ্য যে অসম মাতৃৰ গুণী-জ্ঞানী-সন্তান সকলক, মাতৃ পূজাৰ পূজাৰীসকলক এই প্ৰাচীন ইতিহাস—পুৰাণ- প্ৰসিদ্ধ প্ৰাকৃতিক সৌন্দৰ্য্য বিভূষিত পুণ্যভূমি শোণিতপুৰ, তেজোৱতী হাটকেশ্বৰপুৰ বা তেজপুৰ নগৰত, মহাবাহু লৌহিত্যৰ পাৰত, সেৱা- সৎকাৰ কৰিবলৈ সুযোগ পাইছোঁ। আপোনাসকলক এই জাতীয় যজ্ঞলৈ আহ্বান কৰি আনি যথাযোগ্যভাৱে আলপৈচান ধৰাত আমাৰ অক্ষমতাৰ বাবে অনেক দোষ ত্ৰুটি হব পাৰে। আশা কৰো, নিজ উদাৰতা গুণে আমাৰ সকলো দোষ ত্ৰুটি মাৰ্জ্জনা কৰি আমাক বন্ধুত্বৰ