পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ২৭ ]


ভিতৰৰ পৰা সুন্দৰমৰ দৰে যদি আন্তৰিকতাৰে কাম কৰিব পৰা কোনো অক্লান্তকৰ্মী ত্যাগী দেশ-সেৱক ওলায়, তেন্তে বছৰি এটকা দিবলৈ গাত লোৱা অন্ততঃ কুৰি হেজাৰ মানুহৰ পৰা কুৰি হেজাৰ টকা তুলিব পাৰিব বুলি মোৰ বিশ্বাস হয।

 এই শকৰ পুণ্য মাঘ মাহত আমাৰ মহামান্য প্ৰজাৰঞ্জক দ্যালু সম্ৰাট পঞ্চম জজ্জৰ তিৰোভাৱ হোৱাত গোটেই সাম্ৰাজ্যৰ ওপৰত শোকৰ ছাঁ পৰে। এই মহান কৰ্ত্তব্যপৰায়ন সম্ৰাটৰ মহা প্ৰয়াণত সকলো নৰনাৰী প্ৰজাই মৰ্মান্তিক শোক পাইছে। আমি আমাৰ আন্তৰিক শ্ৰদ্ধাপূৰ্ণ সহানুভূতি আৰু সমবেদনা সন্তপ্ত ৰাজপৰিয়াললৈ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমাৰ নতুন সম্ৰাট মহামান্য অষ্টম এডোৱাৰ্ড মহোদয়ৰো সুদীৰ্ঘ শান্তিময় জীৱন কামনা কৰি ৰাজভক্তিৰে মূৰ দোৱাইছো।

 এই শকৰ ৩ ফাগুণ দেওবাৰ অসমীয়া ৰাইজৰ কাৰণে এটি বৰ দুদ্দিন। সেই দিন। অসম আকাশৰ উজ্জল তৰা সঙ্গীতজ্ঞ প্ৰবীন সাহিত্যিক লোক প্ৰিয় জননায়ক কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈদেৱে দেশ- বাসীক শোক সাগৰত ডুবাই নিত্যধামলৈ প্ৰয়াণ কৰিলে। আশা কৰোঁ দেশবাসীয়ে তেখেতৰ স্মৃতি-ৰক্ষাৰ যুগুত ব্যৱস্থা কৰিব।

 এই শকতে অসম সাহিত্য সভাৰ ভূতপূৰ্ব্ব সভাপতি সুসাহিত্যিক ধম্মপ্ৰাণ ৺অমৃতভূষণ অধিকাৰী ঠাকুৰদেৱে ইহলীলা সম্বৰণ কৰাত আমি দাৰুণ শোক পাইছো।

 বন্ধুসকল, আমাৰ সুখ দুখ, হৰ্ষ-বিষাদ, আশা-আকাঙ্ক্ষাৰ ভালেখিনি কথা কলো। আপোনাসকলক আজি অনেক দিনৰ মূৰত আমাৰ মাজত পাই আমি যে কি আনন্দ পাইছোঁ, তাক কোৱা বাহুল্য। এনে সুযোগ সততে নঘটে। এই সুযোগৰ আলম লৈ আনন্দত উতলা হৈ যিবিলাক কথা কলো তাত কোনো বঢ়া টুটা বা হীন ডেঢ়ি