এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৮ ]
দোষ পালে যেন মাৰ্জ্জনা কৰে। আমাৰ এই মিলন, এই বন্ধুতা যেন সুফলদায়ক হয়। আমাৰ পূজাৰ সময় উপস্থিত হৈছে। সুযোগ্য পুৰোহিত উপস্থিত আছে। তেখেতক বৰণ কৰি পূজা আৰম্ভ কৰা
যাওক। এজন উদীয়মান তৰুণ কবিৰ ভাষাৰে সামৰণিত মাথোন কওঁ :-
| “মাতৃ মন্দিৰত, | আজি মহাপূজা, | সাজু হোৱা পুৰোহিত, |
| মন্ত্ৰৰ ধ্বনিত, | গগন পবন, | কৰা তুমি মুখৰিত। |
| আগত তোমাৰ, | সহস্ৰ পূজাৰী, | সাধক সেৱক যাত্ৰী, |
| সকলোৱে আজি, | পূজিব আহিছে, | সোণৰ অসম মাতৃ। |
| আজিৰ পূজাত, | নাই ভেদাভেদ, | জাতি অজাতিৰ চিন, |
| স্পৃশ্য অস্পৃশ্যৰ, | সম অধিকাৰ, | নাই ভিন ধনী দীন। |
| * | * | * |
| “পূজাৰ লগন, | চাপিছে ওচৰ, | সকলোটি সাজু হোৱা, |
| হিয়াৰ তেজেৰে, | হোমানল জালি, | দেৱতা আশীষ লোৱাঁ। |
| মাভৈ মাভৈ মন্ত্ৰে, | কৰাঁ পুৰোহিত, | দশোদিশ নিনাদিত, |
| সহস্ৰ শত্ৰুক, | বিপুল উদ্যমে, | কৰা সবে পৰাজিত। |
| স্বৰ্গতো অধিক, | জনম ভূমিৰ, | জিলিকিছে উচ্চ শিৰ, |
| উজলি উঠিছে, | হাঁঁহো হাঁহো মুখ, | নিৰুপমা জননীৰ। |
| বিশ্বৰাণী হই, | জেউতি বিলাব, | সিদিন দূৰত নাই, |
| শঙ্কৰ মাধৱে, | দিছে শুভবৰ, | আজি যে আমালৈ চাই |
| অনন্ত শয্যাৰ, | নাৰায়ণ উঠি, | হ’ল সৌ জ্যোতিষ্মান, |
| শঙ্খ চক্ৰ ধৰি, | ৰাখিব আমাক, | হোৱাঁ সবে আগুৱান। |
শুভমস্তু।
শ্ৰীআনন্দ চন্দ্ৰ আগৰৱালা
অভ্যৰ্থনা সমিতিৰ সভাপতি।