পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ২৬ ]

শিক্ষা দি সিহঁতক আমাৰ আপোন কৰি অসমীয়া জাতিক সবল সুঠাম কৰিব লাগিব। দেশৰ পৰা দৰিদ্ৰতা আৰু অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব।

 আমাৰ ভাষা, সাহিত্য, কৃষ্টি, স্বাতন্ত্ৰ্য আৰু জাতীয়তাৰ ওপৰত বিপদ- ডাৱৰে দেখা দিছে, বিপদৰ ধুমুহা বলিছে। আমাৰ এই সঙ্কটৰ কালত আমি জাতিভেদ, ধৰ্ম্মভেদ, সম্প্ৰদায়ভেদ পাহৰি সকলো অসমীয়া সঙ্ঘ- বদ্ধ হৈ, এলাহ, অসূয়া, পৰশ্ৰীকাতৰতা, ভেম, ভয়, সংশয় এৰি, আত্ম- বিশ্বাস আৰু আত্মবলত বলীয়ান হৈ ঈশ্বৰক চিন্তি অদম্য উৎসাহেৰে দেশ-মাতৃকাৰ সেৱাত, বাণীৰ পূজাত প্ৰবৃত হওঁ আহক। আমাৰ ভাষা আৰু সাহিত্যৰ গুৰি শকত হলেও আমি সজাগ হৈ বিপদ-ধুমুহাক ঠেলি আতৰাব লাগিব। অসমৰ লগত শ্ৰীহট জিলাক সাঙুৰি দিয়াত অসমে উন্নতিৰ বাটত আশানুৰূপে আগুৱাব পৰা নাই, বাটত উজুটি খাইছে। শ্ৰীহট্টক অসমৰ পৰা বাজ কৰিবৰ সময় হল।

 অসম সাহিত্য-সভা অসমীয়া জাতিৰ এটি মহৎ লাগতিয়াল অনুষ্ঠান। এই সভাৰ নিজৰ এটি মুদ্ৰাযন্ত্ৰ থকা আৱশ্যক। কিন্তু সভাৰ বৰ্তমান আৰ্থিক অৱস্থা বৰ শোচনীয়। ইয়াৰ অৱস্থা টনকিয়াল কৰিব লাগিব। এই সম্বন্ধে মোৰ এটি কথা মনত পৰিছে। যোৱা নবেম্বৰ মাহত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ৰ কাৰণে একলাখ টকা আৱশ্যক হোৱাত সেই বিশ্ববিদ্যালয়ৰ ধন তোলা কমিটীৰ সম্পাদক ভি, এ, সুন্দৰম্ নামে এজন ডেকাই যেতিয়ালৈকে এই একলাখ টকা তুলিব নোৱাৰে তেতিয়ালৈকে তেওঁ প্ৰায় উপবাস কৰিম বুলি ওলাই যায়। ভাৰতৰ লক্ষ লক্ষ ছাত্ৰ, হেজাৰ হেজাৰ শিক্ষক, আৰু দেশ-হিতৈষী লোকসকলৰ ওচৰত তেওঁ এই বুলি গোহাৰি জনালে যে প্ৰত্যেকেই যেন বছৰি এটক। ৰূপ দি উক্ত বিশ্ববিদ্যালয়ৰ সহায়ক হয়। কোৱা বাহুল্য যে অলপ দিনৰ ভিতৰতে তেওঁ একলাখ টকা উঠাব পাৰিলে। অসমৰ তৰুণ দলৰ