[ ১৪ ]
হব লাগে। প্ৰত্নতত্ত্ববিভাগৰ বাবু ৰাখালদাস বন্দ্যোপাধ্যায়ে সেই দুৱাৰ
মুখ দেখি লিখি গৈছে :-
“The artist's sense of proportion, the beautiful
symmetry of the figures and ornamental devices and
the excellence of execution tend to prove that the door
lintel belongs to the same period as the great schools
of sculpture which existed at Pataliputra and Benares
in the 5th and 6th centuries A.D. ”
এই মহকুমাত আগৰ দিনৰ ৰজা সকলে খনোৱা এহেজাৰ মান পুখুৰী আছে। তাৰ ভিতৰত হৰ্জ্জৰ বৰ্ম্মাই খনোৱা হজৰী পুখুৰীয়েই আটাইবোৰতকৈ ডাঙ্গৰ। এই পুখুৰীত এতিয়া ঘোৰা-দৌডৰ মেলা- চকৰ পাতিছে। কলংপুৰ মৌজাত দীপৰ বৰ্ম্মাই খনোৱা দীপৰা পুখুৰীক দ্বিতীয় ডাঙ্গৰ পুখুৰী বুলিব পাৰি। সেই পুখুৰীৰ পাৰ বিলাক ইটাৰে বন্ধোৱা আছিল আৰু তাত ইটাৰ খটখটিও আছিল। ইটা বিলাক মানুহে নি অন্ত কৰিলে। ভূমিকম্পত পুখুৰীটোও বাম হল। বাৰভূঞাৰ বংশৰ টেটোনে কৰোৱা আলি আৰু পুখুৰী অদ্যাপিও ছয় দুৱাৰত আছে। গমিৰিৰ বটলাগড আৰু পুখুৰীয়ে আজিলৈকে এগৰাকী বীৰ নাৰীৰ স্মৃতি বহন কৰি আছে।
অনুমান ১১২৫ খৃষ্টাব্দত বঙ্গদেশৰ ৰজা ৰামপালে কামৰূপ জয় কৰিবৰ নিমিত্তে তেওঁৰ সেনাপতি বৈদ্যদেৱক কামৰূপলৈ পঠায়। তেতিয়া ধৰ্ম্মপালৰ পুতেক জয়পালে কামৰূপত ৰাজত্ব কৰিছিল। বৈদ্যদেৱে জয়পালক বধ কৰি ভগদত্তৰ বংশৰ তিঙ্গদেৱ নামে এজন কোঁৱৰক কৰতলীয়া ৰজা পাতি গুচি যায়। এনেতে ৰামপালৰ মৃত্যু হয় আৰু তেওঁৰ পুতেক কুমাৰপাল বঙ্গদেশৰ ৰজা হয়। তেতিয়া তিঙ্গদেৱে কুমাৰ পালক কৰ নিদি নিজক স্বাধীন নৃপতি বুলি ঘোষণা কৰে। কুমাৰপালে