পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


                            [ ১৫ ]

আকৌ বৈদ্যদেৱক কামৰূপলৈ পঠায়। ১১৩১ খৃষ্টাব্দত বৈদ্যদেৱৰ লগত তিঙ্গদেৱৰ যুদ্ধ হয়। সেই যুদ্ধত তিঙ্গদেৱৰ মৃত্যু হয়। বৈদ্যদেৱে কামৰূপ অধিকাৰ কৰি নিজে ৰাজ্য শাসন কৰে। পিছত তেৱেঁই কামৰূপৰ ৰজা হয়। তিঙ্গদেৱৰ মৃত্যুৰ লগে লগে কামৰূপত নৰকাসুৰৰ বংশধৰ সকলৰ ৰাজত্ব শেষ হয়। প্ৰায় ছহেজাৰ বছৰ এই বংশ ৰজা সকলে আমাৰ দেশত ৰাজত্ব কৰিছিল। তিঙ্গদেৱে স্থাপন কৰা তিঙ্গেশ্বৰ শিৱৰ দেৱালয়ৰ ভগ্নাৱশেষ এতিয়ালৈকে ভৈৰৱ-পদৰ ওচৰত আছে। সেই ভগা দেৱালয়টিকে এই প্ৰসিদ্ধ ৰাজবংশৰ শেষ ৰজাৰ শেষস্মৃতি বুলি তেজপুৰে আজিলৈকে বুকুত লৈ আছে।

     বৈদ্যদেৱে কামৰূপ ৰাজ্যৰ নামনি খণ্ডত হে ৰাজত্ব কৰিছিল।

উজনিত আমাৰ এই ফালে ৰজা ধৰ্মপালৰ নাতি সোমপাল নামে এজন কোৱৰে কন্যক। গাৱঁত ৰাজধানী পাতি ৰাজত্ব কৰিছিল বুলি “কামৰূপৰ বুৰঞ্জী” পুথিত লিখা আছে। কন্যকা এখন সমৃদ্ধিশালী গাওঁ আছিল। জীয়া ভৰলী নৈয়ে সেই গাওঁখন ভাঙ্গিলে সোম- পালৰ পিছত তেওঁৰ পুতেক ভালুকপেং বা ৰামচন্দ্ৰ কোৱৰে প্ৰতাপসিংহ নাম লৈ ৰজা হয়। তেওঁ প্ৰতাপগড় নামে দুৰ্গ কৰায় আৰু সেই দুৰ্গৰ পৰা উত্তৰে দফল পৰ্বতলৈকে আৰু দক্ষিণে বিশ্বনাথ নগৰ লৈকে গড বন্ধায়। তেওঁৰ ৰাজছত্ৰত মীন অঙ্কিত কৰা বাবে তেওঁক মীনা বুলিও কয়। উমাটুমনিত তেওঁৰ দিনত শিলা লিপি আছে আৰু শিলত চক্ৰবেহু, বাঘ-খেল আদিও আঁকা আছে। তেওঁৰ ৰাজধানী লৌহিত্যপুৰ এতিয়াৰ বিশ্বনাথ নগৰত আছিল; সৈন্য-সামন্ত বিলাক প্ৰতাপ গড়ত আছিল।