পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৩]


ব্ৰাহ্মণক দান কৰিছিল। এই তামৰ ফলিত এই নগৰৰ এটি সুন্দৰ বৰ্ণনা আছে। “Early History of kamarupa.” পুথিত সেই . বৰ্ণনাৰ কথা সুন্দৰকৈ লিখা আছে।

 নৱম শতিকাৰ মাজভাগত এই তেজপুৰ নগৰৰ অৱস্থা কেনে উন্নত আছিল সেই বৰ্ণনাৰপৰা ভালকৈ বুজিব পাৰি। ইয়াত যে অনেক দেৱ-মন্দিৰ আছিল তাত কোনো সংশয় নাই। অকল বামুনী পৰ্ব্বততে সাটোতা মন্দিৰ আছিল। সেই পৰ্ব্বতত মন্দিৰবিলাকৰ যি ভগ্নাৱশেষ আছে, তাক দেখিলে বিস্ময় মানিব লাগে। এই ভগ্নস্তূপৰ মাজত নটৰাজ শিৱৰ মূৰ্ত্তি দেখা পোৱা গৈছিল। তেজপুৰৰ প্ৰায় সকলো বিলাক পৰ্বতত আগৰ দিনৰ মঠ-মন্দিবিলাকৰ ধ্বংশাৱশেষৰ চিন দৈখিবলৈ পোৱা যায়, শিল আৰু ইটাৰে মন্দিৰবিলাক সজা হৈছিল। শিলবিলাক কাটি তাৰ ওপৰত ধুনীয়াকৈ ফুল কাটিছিল, দেৱ-দেবীৰ মূৰ্ত্তি সাজিছিল আৰু ডাঙ্গৰ ডাঙ্গৰ বিতোপন স্তম্ভ তৈয়াৰ কৰিছিল। শিলত এনে কাৰুকাৰ্য্য দেখি ইযাত ভাস্কৰ বিদ্যাৰ যে কিমান উন্নতি হৈছিল সেইটো বুজিব পাৰি। দুখৰ বিষয় এতিয়া ইয়াত শিলাকুটী নোহোৱাৰ নিচিনাই হল। আকৌ ইয়াত কেতিয়াবা ভাস্কৰ বিদ্যাৰ অনুশীলন হব নে? ইয়াৰ কাছাৰি ঘৰৰ টোলত অনেক পুৰনি কীৰ্ত্তিৰ চিন শিলৰ ভগ্নাৱশেষ চাৰিওফালে সিঁচৰতি হৈ পৰি আছিল। তাৰে কিছুমান কাৰুকাৰ্য্যমষ শিল আতঁৰাই নি চাহাব বিলাকৰ বঙ্গলাত ৰাখিছে আৰু কিছুমান ক'ল পাৰ্কত থৈছে।

 বুৰৈ নৈৰ আগালিত দফলা পৰ্ব্বতত শিল আৰু ইটাৰে নিৰ্ম্মান কৰা এটা প্ৰকাণ্ড দুৰ্গৰ ভগ্নাৱশেষ আছে। অকাঁ দফলাৰ পৰ্ব্বততো আগৰ দিনৰ কীৰ্ত্তিৰ চিন পোৱা যায়।

 দ-পৰ্ব্বতীয়া গাৱঁত এটি অতি পুৰনি, শিলৰ মন্দিৰৰ যি সেজা (Lintel) বা দুৱামুখৰ আছে তাৰ কাৰুকাৰ্য দেখিলে বিমোহিত