[১২]
যে জগৎগুৰু শঙ্কৰাচাৰ্য্যই তেওঁৰ ওচৰত বাদত পৰাস্ত হৈ তেওঁক গুৰু মানি লৈছিল| শ্ৰীহৰ্ষবৰ্ম্মাই কামৰূপৰ ইতিহাসত এটি উজ্জ্বলতম ৰশ্মি পেলাই গৈছে। তেজপুৰৰ ৰাজ কাৰেঙত উপজি, লৌহিত্যৰ পাৰত উমলি, ইয়াৰ অন্নজল খাই ডাঙৰ হৈ, এই তেজস্বী ভূপতিয়ে এই দেশক মহামহিমান্বিতা কৰি গৈছে। কিন্তু চিৰদিন কাৰো সমানে নেযায়। বিজয় লক্ষ্মী চঞ্চলা। ৭৫০ খৃষ্টাব্দত যেতিয়া শ্ৰীহৰ্ষবৰ্ম্মা মগধত বাহৰ কৰি থাকে, তেতিয়া কনৌজৰ ৰজা যশোবৰ্ম্মনে অনেক সৈন্য-সামন্ত লৈ তেওঁক তাতে আক্ৰমণ কৰেহি। দুয়ো পক্ষৰ ভিতৰত ভীষণ যুদ্ধ হয়। সেই যুদ্ধত শ্ৰীহৰ্ষবৰ্ম্মা পৰাজিত আৰু নিহত হয়। তেতিয়াৰ পৰাই কামৰূপ সাম্ৰাজ্যৰ আয়তন ক্ৰমে ক্ৰমে সৰু হৈ আহে। তেওঁৰ পিছত তেওঁৰ পুতেক দ্বিতীয় বলবৰ্ম্মা আৰু প্ৰালম্ভ ক্ৰমে ৰজা হয়। প্ৰালম্ভৰ পিছত তেওঁৰ পুতেক হৰ্জ্জৰবৰ্ম্মাই ৮২০ খৃষ্টাব্দৰ পৰা ৮৩৫ খৃষ্টাব্দলৈকে ৰাজত্ব কৰে। ভৈৰৱ পদৰ ওচৰত দুটা থিয় শিল আছে। তাৰ ওচৰত এটা প্ৰকাণ্ড শিলত হৰ্জ্জৰবৰ্ম্মাৰ আদেশ মতে ৮২৯ খৃষ্টাব্দত লিখা এখন লিপি এতিয়ালৈকে বিদ্যমান আছে। সেই লিপিত এই নগৰৰ নাম হাৰূপেশ্বৰপুৰ বুলি লিখা আছে। তেওঁ এই নগৰৰ পৰা দিয়া এখন তামৰ ফলিও ওলাইছে। তাৰ পৰা জনা যায় যে তেওঁ দাঁতি-কাষৰীয়া পৰ্ব্বতীয়া জাতিবিলাকক বশ কৰি ৰাখিছিল। তেওঁ খনোৱা হজৰা পুখুৰীয়ে আজিলৈকে তেওঁৰ স্মৃতি বহণ কৰি আছে। তেওঁৰ ঔৰসত আৰু তাৰাদেবীৰ গৰ্ভত বনমাল দেৱৰ জন্ম হয়। বনমাল বীৰপুৰুষ আছিল। তেওঁ ৰজা হৈ তেওঁৰ ৰাজ্যৰ সীমা দক্ষিণে সমুদ্ৰৰ পাৰলৈকে বহলাইছিল আৰু উত্তৰ বঙ্গ তেওঁৰ শাসনৰ তলত আছিল। তেওঁৰ এখন তামৰ ফলিৰ পৰা জনা যায় যে তেওঁ ত্ৰিস্ৰোতা (তিস্তা) নৈৰ পশ্চিম পাৰে থকা চন্দ্ৰপুৰী বিষয়ৰ অভীশ্বৰ, ঘটক নামে গাঁৱৰ কিছুমান মাটি এজন