সমললৈ যাওক

পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১১]


পৰ্ব্বতৰ ভৈৰৱপদলৈকে ব্ৰহ্মপুত্ৰৰ কাষৰ সৰ্বদায় ঠাই যুৰি হাটকেশ্বৰ নগৰ আছিল আৰু গোটেইখন পৰ্ব্বতীয়া গাওঁ সেই নগৰৰ অন্তৰ্ভুক্ত আছিল। এই গাওঁখনৰ প্ৰায় মানুহৰ ঘৰে ঘৰে যিবিলাক চটিয়া শিল, শিলৰ খুটা, লতা ফুল আৰু মূৰ্ত্তি থকা শিল দেখিবলৈ পোৱা যায়, সেইবিলাক ওপৰোক্ত ৰজাসকলৰ দিনৰ হাটকেশ্বৰপুৰৰ দৌল-দেৱালয় আদিৰ ভগ্নাৱশেষ বুলি বিশ্বাস হয় ভাস্কৰবৰ্ম্মাই অধিকাৰ কৰা গৌড়, কৰ্ণ, সুবৰ্ণ, তাম্ৰলিপি আদি প্ৰদেশবিলাকৰ ওপৰত শালস্তম্ভ, বিজয়, পালক, কুমাৰ আৰু বজ্ৰদেৱে ৰাজত্ব কৰে। বজ্ৰদেৱৰ পাছত অনুমান ৭৩০ খৃষ্টাব্দত শ্ৰীহৰ্ষবৰ্ম্মাদেৱে এই হাটকেশ্বৰ পুৰত কামৰূপ সাম্ৰাজ্যৰ ৰাজসিংহাসনত অভিষিক্ত হয়। তেওঁৰ অনেক হাঁতী, ঘোঁৰা, যুদ্ধৰ নাও আৰু বিৰাট সৈন্য সামন্ত আছিল। তেওঁ মগধ কোশল, উড়িষ্যা আৰু কলিঙ্গ জয় কৰি গোদাবৰী নৈৰ পাৰত হাটকেশ্বৰ নামে শিৱলিঙ্গ স্থাপন কৰি তাত তেওঁ বিজয় পতাকা উৰাইছিল। তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰায়। জয়দেৱৰ এখন শিলালিপিত শ্ৰীহৰ্ষবৰ্মাক গৌড়, ওড্ৰ, কলিঙ্গ আৰু কোশল প্ৰদেশৰ অধিপতি বুলি যি কথা লিখা আছে, বুৰঞ্জীবিদ পণ্ডিতসকলে সেই কথা সত্য বুলি স্বীকাৰ কৰিছে। এতেকে এতিয়াৰ অসম, বঙ্গ, বিহাৰ আৰু উড়িষ্যা প্ৰদেশ, যুক্তপ্ৰদেশৰ পূ্ৰ্ব্বাংশ আৰু মান্দ্ৰাজ প্ৰদেশৰ উত্তৰাংশ লৈ শ্ৰীহৰ্ষবৰ্ম্মাদেৱে এখন বিশাল সাম্ৰাজ্য গঠন কৰি পূবভাৰতৰ সম্ৰাট হৈ প্ৰায় বিংশতি বছৰ ৰাজত্ব কৰিছিল। পূবে সদিয়াৰ পৰশুৰাম কূণ্ডৰ পৰা পশ্চিমে অযোধ্যলৈকে, উত্তৰে হিমালয়ৰ পৰা দক্ষিণে বঙ্গোপসাগৰলৈকে তেওঁ কামৰূপ সাম্ৰাজ্যৰ সীমা বহলাব পাৰিছিল। তেতিয়াৰ কামৰূপ শৌৰ্যে-বীৰ্য্যে, ধনে সম্পদে, বিদ্যাই বুদ্ধিয়ে ভাৰতত অতুলনীয় আছিল। হাটকেশ্বৰ ৰাজ সভাৰ পণ্ডিত সকলৰ ভিতৰত কুমাৰিলাভট্টৰ নিচিনা এনে অগাধ পণ্ডিত আছিল