পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ১০ ]

তেজপুৰৰ পৰা ৰাজধানী আকৌ গুৱাহাটীলৈ তুলি নিয়ে। প্ৰায় ৩০০ বছৰ তেজপুৰ কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী আছিল।

 সংস্কৃত ভাষাত “হাটকম” বুলিলে সে ণ ব সোণেৰে নিৰ্ম্মাণ কৰা বস্তু বুজায়। “বামন পুৰাণত” হাটকেশ্বৰ নামে শিৱৰ উল্লেখ আছে। সম্ভৱতঃ হাটকেশ্বৰ শব্দই কালক্ৰমে হাৰপেশ্বৰ বা হাৰূপেশ্বৰ (হৰৰূপেশ্বৰ?) বা হলেশ্বৰত পৰিণত হয়। তেজপুৰত হলেশ্বৰ নামে এখন শিৱৰ দেৱালয় আছে। আকৌ সেই নামেৰে এখন মৌজাও আছে। এই নগৰৰ পৰা তিনিমাইলমান দূৰত কেতেকীবাৰী গাঁৱৰ তিনিমুনি বাটত অতি প্ৰাচীন কালৰ এটি প্ৰকাণ্ড শিৱলিঙ্গ থিয় দি আছে। তাৰ অলপ দূৰত এখন ওখ ঠাইত সেই শিৱলিঙ্গটিৰ শিলৰ বেদীখন আছে। তাৰ ওচৰতে এটা পুখুৰী। এনে বোধ হয়, কোনোবা মানুহে ধন-সোণৰ আশাত কোনোবা কালতে সেই শিৱলিঙ্গটি বেদীখনৰ পৰা দাঙ্গি আনি বৰ্ত্তমান ঠাইত হয়। এতিয়া বেদীৰ ভিতৰখন এটা নদৰ নিচিনা দেখা যায়। ইয়াত হেনো ধন-সোণ আছিল। এই শিৱলিঙ্গটিৰ গাত মূৰ্ত্তি কটা আছে আৰু ভালকৈ চালে এনে অনুমান হয় যে তাৰ গাত সোণ খটোৱা আছিল আৰু কোনোবাই যেন সোণবিলাক ৰুকি নিলে! এই শিৱলিঙ্গটিক কোনোৱে হাটকেশ্বৰ আৰু কোনোৱে কেত-কেশ্বৰ বুলি কয়। বোধকৰো এইটোৱেই শালস্তম্ভ ৰজাই স্থাপন কৰা হাটকেশ্বৰ শিৱলিঙ্গ। সি যি হওক, এই শিৱলিঙ্গটিক আকৌ পূৰ্ব্বৰ শিলৰ বেদীখনত স্থাপন কৰি দেৱালয়টিৰ পুনঃ প্ৰতিষ্ঠা কৰা হিন্দু সমাজৰ কৰ্ত্তব্য বুলি ভাবো। হলেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় দুখনো শালস্তম্ভ বা তেওঁৰ বংশৰ কোনো ৰজাই স্থাপন কৰা বুলি বিশ্বাস হয়। চাৰি দুৱাৰৰ কলীয়া গোঁসাইৰ দেৱালয় কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল জানিব পৰা নাই।

 তেজপুৰৰ ভোমোৰ গুৰি পৰ্বতৰ ওচৰৰ ৰূদ্ৰপদৰ পৰা ঔগুৰি