পৃষ্ঠা:অসম সাহিত্য সভা ষষ্ঠদশ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৯ ]

 প্ৰাগজ্যোতিষাধিপতি ভাস্কৰ বৰ্ম্মাৰ ৰাজত্বৰ কালত তেওঁৰ বংশৰ এজন ৰাজকোঁৱৰ এই তেজপুৰ অঞ্চলৰ শাসন কৰ্ত্তা আছিল। তেওঁৰ তলত অনেক ম্লেছ বা মেছ সেনা আছিল। তেওঁৰ সাহ আৰু পৰাক্ৰম দেখি আৰু তয়াময়া ৰণতো তেওঁক শাল গছৰ দৰে অটল দেখি সকলোৱে তেওঁক "শালস্তম্ভ” বুলিছিল। ভাস্কৰবৰ্ম্মা চিৰকুমাৰ আছিল। অনুমান ৬৫০ খৃষ্টাব্দত তেওঁ স্বৰ্গী হয। তেতিয়া অবন্তীবৰ্মা নামে এজন ৰাজ কোঁৱৰে প্ৰাগজ্যোতিষৰ সিংহাসন অধিকাৰ কৰে। শালস্তম্ভই তলে তলে সেই সিংহাসন পাবৰ কাৰণে যত্ন কৰে আৰু ছেগ চাই থাকে। তেওঁ তেজপুৰৰ দা-ধৰা পুখুৰীৰ চাৰিওকাষে তেওঁৰ সৈন্যবিলাকৰ বাহৰ কৰি তাৰ নাম জয়স্কন্ধাৱাৰ ৰাখে আৰু তাৰ পৰা কিছু দূৰত হাটকেশ্বৰ নামে সোন খটোৱা শিৱলিঙ্গ স্থাপন কৰি তাত নিতৌ শিৱপূজা কৰে। পাছে, অনুমান ৬৫৫ খৃষ্টাব্দত তেওঁ দা-ধৰা পুখুৰীত অ -শস্ত্ৰ ধৰাই লৈ সসৈন্যে গৈ প্ৰাগজ্যোতিষপুৰ অৱৰোধ কৰে আৰু অৱন্তী বৰ্ম্মাক বধ কৰি নিজে ৰাজপাট অধিকাৰ কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি আনি তেজপুৰত পাতে আৰু তেওঁৰ ইষ্টদেৱতা হাটকে-শ্বৰ শিৱৰ নামানুসাৰে ৰাজধানীৰ নাম হাটকেশ্বৰপুৰ ৰাখে। তেওঁৰ পিছত তেওঁৰ বংশৰ বিজয়, পালক কুমাৰ , বজ্ৰদেৱ, শ্ৰীহৰ্ষবৰ্ম্মা, দ্বিতীয় বলবৰ্ম্মা, প্ৰালম্ভ, হৰ্জ্জৰবৰ্মা, বনমাল বৰ্ম্মা, জয়মাল বা বীৰবাহু, তৃতীয় বলবৰ্ম্মা, দীপৰবৰ্ম্মা, ত্যাগসিংহ আদি ২০ জন ৰজাই একাদিক্ৰমে কামৰূপত ৰাজত্ব কৰে। “দশ কুমাৰ চৰিতত" লিখা কলিন্দবৰ্ম্মাও এই বংশৰে এজন ৰজা আছিল। এই সকলো ৰজাৰ দিনত হাটকেশ্বৰ বা তেজপুৰেই কামৰূপৰ ৰাজধানী আছিল। কামেশ্বৰ শিৱ আৰু ভগৱতী মহাগৌৰী তেওঁলোকৰ উপাস্য দেৱতা হলেও তেওঁলোকে বিষ্ণু,সূৰ্য্য আদি দেৱতাকো পূজিছিল। অনুমান ৯৮৫ খৃষ্টাব্দত ৰজা ত্যাগ-সিংহ অপুত্ৰক হৈ মৰাত তেওঁৰ বংশৰ ব্ৰহ্মপালে ৰাজপাটত বহি