পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭
স্বৰ্গদেৱ চুখংফা ওৰফে ৰুদ্ৰসিংহ(১)


 মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত:— ওপৰত কোৱা শাক্ত গোঁসাইক মহাৰাণী ফুলেশ্বৰীয়ে বৰ ভক্তি কৰিছিল। ইহাতে মোৱামৰীয়া বৈষ্ণৱসকলে আকৌ গোসাঁনী নামানে। সেই কথাত ফুলেশ্বৰী বৰকুঁৱৰী বৰ সৰু অসন্তুষ্ট হৈছিল। ৰজাই যি ধৰ্ম্ম গ্ৰহণ কৰে, প্ৰজায়ো তাকে গ্ৰহণ কৰা উচিত; এই ভাবি, তেওঁ এবাৰ দুৰ্গোৎসৱ পূজা পাতি, শূদ্ৰ মহন্তসকলক তালৈ নিমন্ত্ৰণ কৰালে। ৰাজাজ্ঞা শিৰোধাৰ্য্য বুলি পূজালৈ সকলো মহন্ত আহিল। তাতে ফুলেশ্বৰী কুঁৱৰীয়ে গোসাঁনী নমনা বৈষ্ণৱবিলাকৰ কপালত বলেৰে বলিকটা ম'হ-ছাগলীৰ তেজৰ ফোঁট দিয়ালে, আৰু সকলোকে গোসাঁনী সেৱা কৰোৱাই, গোসাঁনীৰ প্ৰসাদ কঁটিয়াই নগুৰশাস্তি কৰালে। এই কথা মহন্তসকলৰ পক্ষে অতি অসহনীয় হ’ল। গতিকে, কেনেকৈ ইয়াৰ প্ৰতিশোধ দিব পৰা যায়, মোৱামৰীয়া মহন্তই ভিতৰি তাৰ আলচ পাতিৰলৈ ধৰিলে। “মোৱামৰীয়া-বিদ্ৰোহৰ" এয়ে সূত্ৰপাত(খ্ৰী: ১৭১৬ চন)।

 অম্বিকা দেৱী পৰ্ব্বতীয়া কুঁৱৰী:— মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ পাচতে, ১৭১৭ খ্ৰীষ্টাব্দত ফুলেশ্বৰী কুঁৱৰীৰ পৰলোক হোৱাত, স্বৰ্গদেৱে সলাল গোহাঞিৰ ভাৰ্য্য অম্বিকা দেৱীক (১) বিয়া কৰাই, তেওঁক মদাম্বিকা নাম দি, মহাৰাণী পাতে। তেওঁক দ্ৰৌপদী নামেৰেও জনা যায়। এই গৰাকী কুঁৱৰীৰ নামতো ৰূপ আৰু সোণৰ মোহৰ মৰোৱা হৈছিল। মদাম্বিকা কুঁৱৰীয়ে, খ্ৰী: ১৭২০ চনত "শিৱসাগৰ" পুখুৰী খনাই পাৰত "শিৱদৌল” বন্ধাই, তাত দেৱালয় স্থাপন কৰালে। মদাম্বিকা কুঁৱৰী বা অম্বিকা দেৱী (২) এগৰাকী বিদ্যোৎসাহিনী পণ্ডিতা ৰাণী আছিল; তেওঁৰ পাণ্ডিত্যিক উদ্যোগত “হস্তিবিদ্যা" বুলি এখন সচিত্ৰ বিচিত্ৰ পুথি প্ৰচাৰিত হৈছিল; সি এতিয়া পৃথিৱীত


 (১) "এওঁ মিৰি-সন্দিকৈ সলাল গোহাঞিৰ ভাৰ্য্যা আছিল। তেওঁৰ ফালৰ দুটা ল'ৰাও হয়। এনেতে ৰজাদেৱে আনি পৰ্ব্বতীয়া কুঁৱৰী পাতিলে। এখেতৰো লৰা এটা হল। তেওঁক তিপাম-ৰজা পাতিলে। আগৰ দুটাৰ এটাক বৰগোহাঞি আৰু আনটোৰক শদিয়াখোৱা গোহাঞি পাতিলে। কলুঞ্চপৰীয়া গোহাঞি গাঁৱৰ কাষত পুখুৰী এটাই খন্দাই নাম থলে "শিৱসাগৰ"। চিনাতলি বাহৰৰ যি ঠাইত কুঁৱৰী স্বৰ্গী হ'ল, তাৰ ওপৰত তেওঁৰ নামেৰে দৌল বন্ধোৱা হ'ল। ”— শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী" ৩৮ পৃষ্ঠা।

 (২) কোনো-কোনোৰ মুখে এনে আখ্যাও শুনা যায় যে শিৱসিংহ ৰজাৰ প্ৰথমা কুঁৱৰী অম্বিকা দেৱীহে। ফুলেশ্বৰী বা ফুলমতী চিনাতলীয়া নটৰ জীয়ৰী আছিল। জয়দৌলত দেৱতাৰ আগত নাচ-গীত কৰি থাকোঁতে তেওঁ এদিন স্বৰ্গদেৱ শিৱসিংহৰ চকুত পৰিল। ফুলেশ্বৰীৰ অঙ্গৰ লনীয়ে, শৰীৰৰ সৌন্দৰ্য্যই আৰু অসীম প্ৰতিভাৰ আভাসে শিৱসিংহ ৰজাৰ মন বিশেষৰূপে আকৰ্ষণ কৰিলে। ৰজাই তেওঁক বিয়া কৰাবলৈকে মন মেলিলে; কিন্তু মহাৰাণী অম্বিকা দেৱীৰ কাৰণে বিয়া কৰাব নোৱাৰি,জয়খামডাং খাতৰ বিশেষ বিশ্বস্ত খাত মানুহ এঘৰত ফুলেশ্বৰীক থোৱালে। ৰজাই সেই ফালে মাজে-সময়ে যোৱা-অহা কৰোঁতে ফুলেশ্বৰীক চাবলৈ নাপাহৰিছিল। এনেতে, মহাৰাণী অম্বিকা দেৱী মৰাবুঢ়া নৰিয়াত পৰে। তেওঁ মৃত্যুশয্যাত স্বামী শিৱসিংহ ৰজাক স্নেহ-ভক্তি এইবুলি জনালে; "বঙ্গহৰ দেও,ফুলেশ্বৰীক বিয়া কৰাবৰ আপোনাৰ একান্ত মন যেতিয়া, মোৰ মৰণৰ পাছত আপুনি তেওঁক বিয়া কৰাব। নহ'লে জানোচা আপোনাৰ মনত খেদ ৰৈ যায়। " সেই অনুসৰি,অম্বিকা দেৱীৰমৃত্যুৰ পাচত, ফুলেশ্বৰীক শিৱসিংহ স্বৰ্গদেৱে বিয়া কৰায়। কিন্তু এই বিবৃতি সম্পূৰ্ণ প্ৰকৃত বুলি ধৰিলে, ১৭১৪-১৭ খ্ৰী:চনৰ টকা-মোহৰ, ঘাই আলি, গৌৰীসাগৰ পুখুৰী, কালুগঞা দৌল, মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত এইবোৰ ১৭২০-৪৪ খ্ৰী: চনৰ শিৱসাগৰ পুখুৰী, শিৱদৌল, দেবি ৰাজমাও দৌল ইত্যাদিৰ আগত থিয় হলহি।