পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
অসমৰ বুৰঞ্জী


দুৱৰাৰ ভিতৰুৱাল ফুকন, মিৰি-সন্দিকৈৰ দিহিঙ্গীয়া ফুকন, জপৰজলৰ পুতেকক বৰচেটিয়াগোহাঞি এইসকলক নতুনকৈ ডাঙ্গৰীয়া বিষয়া পতা হয়।

 পিতৃৰ দৰেই স্বৰ্গদেৱ শিৱসিংহৰ হিন্দুধৰ্মত বৰ আসক্তি আছিল। সততে দীক্ষা-মন্ত্ৰ জঁপোতেই তেওঁ বহুত সময় নিয়াইছিল। বাস্তৱতে, শিৱসিংহ স্বৰ্গদেৱ এজন ঘোৰ শাক্ত ৰাজৰ্ষি আছিল।পিতৃ-অনুজ্ঞা অনুসৰি,তেওঁ শান্তিপুৰৰ কৃষ্ণানন্দ ন্যায়বাগীশ ভট্টাচাৰ্য্য গোসাঁইত শৰণ নয়। এই জনা গোসাঁইক উজনিত আৰু কামৰূপত ভালেমান ব্ৰহ্মোত্তৰ মাটি দান কৰি, স্বৰ্গদেৱে তেওঁৰ মনোমতকৈ গুৱাহাটীৰ নীলাচলত ঘৰ-বাৰী কৰাই দি, বসতি কৰিবলৈ দিয়ে সেই কাৰণেই, তেওঁক "পৰ্ব্বতীয়া গোসাঁই” বোলে, আৰু তেতিয়াৰপৰা অসমত পৰ্বতীয়া গোসাঁইৰ শিষ্য বাঢ়িবলৈ ধৰে।

 ফুলেশ্বৰী কুঁৱৰী:-এওঁ চিনাতপীয়া নটৰ জীয়ৰী; নাম ফুলমতী নাচনি আছিল। শিৱসিংহ স্বৰ্গদেৱে ছমাহমান ৰাজত্ব কৰোঁতেই, দৈবজ্ঞ আৰু জ্যোতিষীয়া পণ্ডিতসকলে তেওঁৰ 'ছত্ৰভঙ্গ যুগ' পৰিছে বুলি কোৱাত, দৈবিক যুগৰ হাত এৰাবৰ মনেৰে তেওঁ দেৱী-দেৱালয়ত আৰু ব্ৰাহ্মণ-মহন্তসকলক দান-দক্ষিণাদি দিবলৈ ধৰিলে; সদৌশেহত, তেওঁ ৰাজ্যভাৰ এৰি, তেওঁৰ পাটমাদৈ ফুলেশ্বৰী কুঁৱৰীক সিংহাসনত বহুৱাই বৰকুঁৱৰী পাতি,নিজে মুকলিমূৰীয়া হৈ থাকিল। এই গৰাকী কুঁৱৰীক প্ৰমতেশ্বৰী নামেৰেও জানা যায়। আৰু এওঁৰ দুয়ো নামত ৰূপ আৰু সোণৰ মোহৰ মৰোৱা হৈছিল। এওঁৰ আমোলত ধাই-আলি, গৌৰীসাগৰ পুখুৰী আৰু দৌল, কালুগাৱঁত দৌল আৰু পুখুৰী কৰোৱা হয়। “এও বৰকুঁৱৰীয়ে ৰাজক্ষমতা পায়েই ভায়েকক বৰপাত্ৰ, দদায়েকক তিপমীয়া ফুকন,ভতিজাকক ঢেঁকীয়াল বৰুৱা পাতিলে। আহোমৰ পূৰ্ব্বৰ ধাৰণা গুচাই মৰাক পোৰালে। ঠাকুৰীয়া মহাজনসকলক আনি আউনীআটীত গড়মূৰত সেৱা কৰাই শ্ৰীমূৰ্ত্তি ভাগৱত শালগ্ৰাম, দেউৰী ভাগৱতী দি পূজা-সেৱা কৰিব দিলে। আৰু অনেক অপকাৰ কৰিলে, এই এক দোষ। ফুলবাৰীক ধৰি সমস্তো দেৱালয়ৰ মূৰ্ত্তিসকল অনাই সোণাৰীজনৰ বাহৰত থাকি লুইতত সেই মূৰ্ত্তিবিলাক পেলোৱালে; পাচে শিলৰ পিতলৰ প্ৰতিমা কৰাই স্থানে স্থানে দিলে। এই এক দোষ! সেই দোষতে ললাট ভুঞ্জি মৰিল (১)।”

 ডফলাৰ বিৰুদ্ধে ৰণ যাত্ৰা:— ১৭১৭ খ্ৰীষ্টাব্দত ডফলাবিলাকে আকৌ ওচৰৰ গাওঁবোৰত উপদ্ৰৱ কৰেহি, আৰু আহোম ৰজাৰ অধীনতা নমনা হয়। সেই কাৰণে, ডফলাৰ বিৰদ্ধে অসমীয়া সেনা পঠিয়াই সিহঁতক আকৌ বশ কৰি, এইবাৰ পৰ্ব্বতৰ দাঁতিয়েদি এটা গড় মৰোৱা হয়। সেই গড় মৰোৱাৰপৰা ডফলাহঁতৰ উপদ্ৰৱলৈ আৰু সুবিধা নাথাকিল।

 মাটি-পিয়ল:— স্বৰ্গদেৱ শিৱসিংহৰ অনুজ্ঞানুসৰি কামৰূপ আৰু বকটাত মাটিপিয়ল কৰোৱা হয়। তেতিয়াৰপৰা হে মাটিৰ “জমাবন্দী" আৰু “পেৰাৰকাকত" ৰখাৰ নিয়ম প্ৰচলিত হয়। সেই কাকতত, বস্ততী বাজে, সকলো বিধৰ আবাদী আৰু নিষ্কৰ মাটিৰ মাটি-কালিয়ে সৈতে বিস্তাৰিত বৰ্ণনা লিখা হৈছিল।


শ্ৰীনাথ দুৱৰা বৰৱৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী" ৩৭,৬৮ পৃষ্ঠা।