সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
তুংখুঙ্গীয়া ফৈদৰ ধাৰাবাহিক ৰাজত্ব


নষ্ট কৰিলে। ১৬১৫ শকৰ ভাদত আউনীআটীয়া বাপুক ধন ভাণ্ডি লৈ শদিয়াত থলে নি। আনো গোসাঁই-মহাজন, মেধি-মহন্ত সমস্তকে ধন ভাণ্ডি লৈ নিজ নিজ সত্ৰৰপৰা উচ্ছন্ন কৰি নামৰূপ, টোকোলাই, চেউনী আদি ঠাইত নিলগাই পাতি পুৰণি সত্ৰাদি জুই দি পুৰিলে।"[]

 মুছলমানৰ ১৪ শ বা শেহ আক্ৰমণ, বা ইটাখুলিৰ ৰণ:-শাসন পদ্ধতিৰ ভিতৰ-ব্যৱস্থা ঠিক কৰি লৈ উঠি, স্বৰ্গদেৱ গদাধৰসিংহই ডা-ডাঙ্গৰীয়া, ফা-ফুকন,বৰুৱা-ৰাজখোৱা আৰু বৰা-বুৰুকেৰে আলচ কৰি গুৱাহাটীৰ বঙ্গালক মাৰিবৰ যুগুতি কৰিলে। সেই অৰ্থে গড়গঞা ডাঙ্গৰীয়া, দিলিহিয়াল লাঙ্গি বুঢ়াগোহাঞি, সলাল গোহাঞি চেংখাম, দিহিঙ্গীয়া আলুন বৰবৰুৱা, পিকচাই হুলো ফুকন, লানমাখ্ৰ ফুকন, ভাটিৰ লানমাখ্ৰ বন্দৰ বৰফুকন, খামং পানীফুকন, চাৰিঙ্গীয়া খামৰাক ফুকন, আনো ৰাজখোৱা, হাজৰিকীয়া সকলেৰে ৰণ-যাত্ৰা কৰালে। সিবিলাকে পোনেই বাঁহবাৰী মাৰিলেগৈ। তাৰ পাচে কাজলী মাৰিলে। তাৰ পাচত আহোমৰ ৰণবল ভাগ ভাগ কৰি কুৰুৱা, সাউদৰ কোঁঠ, বৰনদীমুখ প্ৰভৃতি ভিন্ ভিন্ কোঁঠত খাপ দিয়ালে। এনেতে, মুছলমানৰ ৰণবলে গছ-নাও’ (পালত পানচৈ নাও) আনি বৰনৈমুখত ফেৰ পাতি লাগিলেহি। অসমীয়া ৰণুৱায়ো আন আন কোঁঠৰপৰা খেদি গৈ যোগ দিলে। মুছলমান ৰণুৱাই ঠাৱৰিব নোৱাৰি পলাবলৈ ধৰিলে। ইতিছেগতে আলুন বৰবৰুৱাই ইটাখুলি দখল কৰি ললে। মঞ্চুৰ খাঁ নবাবো ভাগি পলাল। অসমীয়া ৰণুৱাই পিচে পিচে খেদি নি মানহত ঠেকালেগৈ। পিতলীয়া বৰহিলৈ, বৰ-সৰু হিলৈ, আনো অস্ত্ৰ-শস্ত্ৰ অনেক পোৱা হ'ল। ধন-মানো, ঘোঁৰা, উট, বলধি, ম'হ বিস্তৰ পোৱা গ'ল। মুঠৰ ওপৰত, এই যুদ্ধত যিমান সম্ভাৰ পোৱা গ'ল, আগেয়ে কোনো যুদ্ধত ইমান পোৱা নাই। ১৬০৪ শকৰ শাওণত এই যুদ্ধ আহোমে জিনিলে। এয়ে অসমত মুছলমানৰো শেষ আক্ৰমণ। []

 ইটাখুলি ৰণ-জয়ৰ ফলত লালুকসোলা বৰফুকনে চক্ৰান্তকৈ এৰি দিয়া গুৱাহাটী পুনৰুদ্ধাৰ কৰা হ'ল। ইয়াৰ পাচত আৰু মুছলমান সম্ৰাটে আহোম সম্ৰাটক জোকাবলৈ সাহ কৰিব পৰা নাই। এই যুদ্ধৰ পৰিণতিয়ে গদাধৰসিংহ স্বৰ্গদেৱৰ বাহুবলৰ পৰিচয় ভাৰতৰ চৌদিশে বহুলকৈ বিস্তাৰ কৰে।

 ডাঙ্গৰীয়া আৰু বিষয়াৰ ষড়যন্ত্ৰ:-ইতিপূৰ্ব্বতে ডা-ভাঙৰীয়া আৰু বৰুৱা ফুকনাদি বিষয়াসকলে যি ষড়যন্ত্ৰ কৰি স্বৰ্গদেৱসকলৰ অকাল পতন ঘটাইছিল, সেই বিদ্ৰোহৰ ষড়যন্ত্ৰ তলে তলে উকাবৰ আগন্তুক দেখা গ’ল। কিন্তু, সেই কু-অভিসন্ধি কাৰ্যত ফলিয়াবলৈ নাপালে; স্বৰ্গদেৱ গদাধৰ সিংহই নিজ বাহুবল আৰু ৰাজনৈতিক জ্ঞানবলেৰে সেইবোৰ শাসনসংক্ৰান্ত অপায় দুপতীয়াতে মুচৰি জঁয় পেলাই নিষ্কণ্টক হৈ ললে। তাৰে গোটাচাৰেকৰ চমু বিবৃতি তলত দিয়া হ'ল :-

 (ক) "১৬০৪ শকৰ ২৪ পুহত সম্ভেদ পোৱা গ'ল,বোলে, বন্দৰ বৰফুকনৰে ফুল


  1. শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ "তুংখুঙ্গীয়া বুৰঞ্জী";২৬-২৭ পৃষ্ঠা।
  2. মিল-"তুংখুঙ্গীয়া বুৰঞ্জী",১৭ পৃষ্ঠা