সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

৬৬

অসমৰ বুৰঞ্জী

যাওঁতে, মহাৰজা গদাধৰসিংহ শিঙ্গৰিঘৰ উঠিল; ২৩ তাৰিখে সিংহপীৰাত বহিল ২৪ তাৰিখে মঙ্গলবাৰে সিংহাসনত উঠিল। সেইদিনাই স্বৰ্গদেৱে আহোম জ্ঞাতিনাম “চাওঁচুপাতফা” আৰু হিন্দুমতে “গদাধৰসিংহ” নাম গ্ৰহণ কৰে। সেই নাম মজুদ্দাৰে সুবৰ্ণৰ কাপেৰে লিখি পাত্ৰ-মন্ত্ৰী সমস্তকে শুনালে। আৰু, ১৬০৪ শকৰ বহাগ‍ত আওৰৰ কলে []

 গদাধৰসিংহ স্বৰ্গদেৱ যেনে বাহুবলী, শাসন কাৰ্য্যতো তেওঁ তেনে এজন টানমুখীয়া ৰজা আছিল। তেওঁ যদিও ডাঙ্গৰীয়া কেইজন আৰু আন আন বৰমুৰীয়া বিষয়া সকলৰ সাহায্যত হে ৰাজপাট লাভ কৰে, তথাপি ল'ৰা ৰজা বৰ্ত্তমান থাকোতেও যিবিলাক বিষয়াই গদাপাণিক ৰজা পতা কাৰ্য্যত যোগ দিছিল, সিবিলাকক ৰাজদ্ৰোহী সাব্যস্ত কৰি ৰাজধৰ্ম্মমতে দণ্ড বিহিবলৈ তেওঁ অলপো কাতৰ নহৈছিল। গদাধৰসিং স্বৰ্গদেৱে সিবিলাকক স্বয়ং আগত থাকি শালত দিয়ালে। আৰু, সেই ঠাই আজিকালিও “শালমৰামূখ” বুলি জনা যায়। আনকি, তেওঁক নিৰাশ্ৰয় অৱস্থাত আশ্ৰয় দি উপকাৰ কৰোঁতা তিনিহিয়েক বন্দৰ বৰফুকনক, প্ৰাণে মাথোন এৰি দি, বিষয়া ভাঙ্গি ৰাজ্যৰপৰা বাহিৰ কৰি খেদি দিয়ে। তৰ পাচত, তেওঁ নিজৰ বাচনিমতে লঙ্ককীয়াৰ খাম্পেঙ্গক বুঢ়াগোহাঞি, আচুকক বৰপাত্ৰগোহাঞি আৰু সন্দিকৈ ফুকনক বৰফুকন পাতিলে। স্বৰ্গদেৱ গদাধৰসিংহই দেখিলে যে হিন্দুধৰ্ম্ম প্ৰৱৰ্ত্তক মেধি-মহন্তসকলৰ ভিতৰত বহুতৰ ভণ্ডামি আৰু কুটিল স্বভাৱৰ দোষত ৰাজ্যত ধৰ্ম্মৰ সলনি অধৰ্ম্ম আৰু অন্যায় উপদ্ৰৱ আদি হে বাঢ়িছে; সেই কাৰণে তেওঁ ভালেমান মহাজন- মহন্তক সিবিলাকৰ সত্ৰৰপৰা বাজ কৰি চেউনী, টোকোলাই আৰু নামৰূপত নিলগকৈ পাতিলে।

 বৈষ্ণৱ নিৰ্যাতন :—“বেজদলৈ ৰঙ্গাচৰণ ভণ্ডাৰী বৰুৱাই মহাৰাজত গোচৰ দিলে বোলে, ‘ভকতৰ ঘৰত ধন কিলেই লাগিছে, চাউল কঠাহে লাগে; তাকো সেৱক-শৰণীয়াই দিছে। যদি স্বৰ্গদেৱৰ আজ্ঞা হয়, সেই ধন আনিব পাৰোঁ।' ৰজাদেৱে বোলে, ‘ভকত-মহাজন, গোসাঁই মহন্তৰ কপট আচৰণৰ কথা মোৰো মনত আছে।' অৰ্থাৎ পূৰ্ব্বে ৰজাদেৱে পলাই ফুৰোঁতে দক্ষিণপাটৰ কলাবাৰী সত্ৰতে আছোতেে ডেকা গোসাঁয়ে এদিনা বঢ়াকৈ বাকা বুলিলে। সেই কথা মনতে আছিল। আৰু যেতিয়া কলিয়াবৰত গদাধৰসিংহ স্বৰ্গদেৱক ডা-ডাঙ্গৰীয়া, ফা-ফুকন,বৰুৱা-বিষয়া, বৰা-বুৰুক সকলে ৰজা পাতি শৰণ ললে, তেতিয়া গোঁসায়ে ডাঙ্গৰীয়া-বিষয়াসকলক কৈ ৺দেৱক ৰজা গুচাবৰ নিমিত্তে কলাবাৰীৰ পৰা নাৱে লুইতে ভটিয়াই গৈছিল। স্বৰ্গদেৱ গদাধৰ সিংহই বিশ্বনাথ বাহৰৰপৰা দেখি দক্ষিণপাটীয় ডেকা গোসাঁইক মাতি পঠিয়ালে, বোলে, মোক আশীৰ্ব্বাদ কৰি যাওঁকহি। মানুহে নাও মেলি গৈ কলত গোসাঁই নাহিল। এই এক নিমিত্ত। আৰু বনমালী গোসাঁয়ে সুৱৰ্ণৰ মূৰ্ত্তি এখান কৰালে এয়ো কথা মনতে আছিল। এইবোৰ আগ-পাচ সাত-পাঁচ গুণি স্বৰ্গদেৱে অনুমতি দিয়াত, বেজদলৈয়ে চাওডাং লগত লৈ গৈ মহাজনসকলক লঘুলাঞ্ছনা কৰি ভাঁৰি-বান্ধি ধন আনিলে। পূৰ্ব্বৰ অপৰাধক লৈ দক্ষিণপাটৰ সুৱৰ্ণৰ মূৰ্ত্তিকে৷ কাঢ়ি আনি সেই সত্ৰৰ ৰাম গোসাঁইৰো মৰ্য্যাদ৷


  1. (১)মিল,-শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ"তুংখুঙ্গীয়া বুৰঞ্জী"১৫-১৬ পৃষ্ঠা।