ডেবেৰা বৰবৰুৱা; (২) বাহঁগৰীয়া আতন বুঢ়াগোহাঞি, পাচত বাহঁগৰীয়া বুঢ়াগোহাঞি ডাঙ্গৰীয়া; (খ) মেটেকা-তলীয়া লালুকসোলা বৰফুকন। ১ম, আৰু ৩য়, জনে ৰজা নহৈও, ৰাজক্ষমতা চলোৱাৰ দুৰাকাঙ্ক্ষা সিদ্ধিৰ উদ্দেশ্যে বিস্তৰ গৰ্হিত কাৰ্য্য কৰাৰ উপৰি, ভালেমান কোঁৱৰ আৰু কুঁৱৰীক অবাবত অকালত বধ কৰাইছিল। তাৰ ভিতৰত, খ্ৰীঃ ১৬৭১ চনত স্বৰ্গদেৱ উদয়াদিত্য, ১৬৭৩ চনত ৰামধ্বজসিংহ স্বৰ্গদেৱ, ১৬৭৪ চনত চুহুং কোঁৱৰ, ১৬৭৫ চনত তিপামৰ ৰজা নাৰায়ণ গোহাঞি, ১৬৭৭ চনত গোবৰ কোঁৱৰ, ১৬৭৬ চনত জয়ধ্বজ সিংহ ৰজাৰ আইকুঁৱৰী, ১৬৭৭ চনত চুজিন্ফা স্বৰ্গদেৱ, ১৬৭৯ চনত চুডৈফা স্বৰ্গদেৱ, ১৬৮০ চনত মহাসতী জয়মতী কুঁৱৰী, ১৬৭৬ চনত চৈধ্যজন কোঁৱৰৰে সৈতে নামৰূপীয়া ৰজা, ১৬৭৭ চনত চাৰিঙ্গীয়া ৰজা, বানৰুকীয়া বৰগোহাঞি আৰু ঘোঁৰা-কোঁৱৰ, ১৬৮১ চনত চুলিক্ফা বা ল’ৰা-ৰজা এই
সকলৰ সেই সংসৰ্গত অকাল-মৃত্যু ঘটে।
ডেবেৰা বৰবৰুৱা:—ওপৰত কোৱা অভিনয়ৰ আদিছোৱাৰ প্ৰধান নায়ক আছিল লুখুৰাখনৰ লেচাই ডেবেৰা বৰবৰুৱা। তেওঁ পোনতে এজন হাজৰিকীয়া বিষয়া আছিল। পিচে, উদয়াদিত্য স্বৰ্গদেৱক বধি, তেওঁৰ ভায়েক সৰুগোহাঞি - ওৰফে চুক্লন্ফা বা ৰামধ্বজসিংহক ৰজা পতা কাৰ্য্যৰ গুৰি ধৰি, লেচাই-ডেবেৰা বৰবৰুৱাৰ পদলৈ উঠি, স্বৰ্গদেৱৰ বৰ প্ৰিয়পাত্ৰ হৈ উঠিল। সেই সময়ত ঘোঁৰাকোঁৱৰ গুৱাহাটীত বৰফুকন (লাচিত বৰফুকন) হৈ ৰৈ যোৱাৰ ছেগতে, স্বৰ্গদেৱে ডেবেৰাক নিগাজিকৈ বৰবৰুৱা পাতি লয়। সেই বিষয়-বাব পাই ডেবেৰা একেদোপে ইমান মইবৰ হৈ উঠিল যে পাচলৈ তেওঁ কাকো গণিতা নকৰা হ’ল; ৰজা মাথোন নামত ৰজা থাকিল। আনকি, আগৰ স্বৰ্গদেৱ জয়ধ্বজ সিংহ ৰজাৰ আইকুঁৱৰীলৈকো ডেবেৰাৰ অসৎ কটাক্ষ পৰিল; ডেবেৰাই ক’লে,— “আইকুঁৱৰীদেৱ মোৰ ঘৰতে থাকক।” সেই কথা শুনি একালৰ পাটমাদৈ আইকুঁৱৰীদেৱে জ্বলি উঠি ডেবেৰাক ক’লে, – “বন্দী, নিশ্চয় তোক কাটিম।” কিন্তু তাৰ ফলত, “ডেবেৰাই আইকুঁৱৰীক প্ৰাণে মাৰি জয়ধ্বজসিংহ ৰজাৰ মৈদামত থলেনি।” কিন্তু,“এশ গৰু মাৰিলে বাঘৰো মৰণ” এই ৰচন ফাঁকি ডেবেৰাৰ গাত ফলিয়ালে। শেহান্তত, বাহঁগৰীয়া আতন বুঢ়াগোহাঞি, লালুকসোলা বৰফুকন আৰু “শৰাইঘটীয়া” ফুকন, ৰাজখোৱা, হাজৰিকীয়া আদি লগলাগি ডেবেৰাক বন্দী কৰিবলৈ উজাই আহিল। ডেবেৰাই ৰণবল গোটাই লৈ গৈ ভেটা দি ধৰাত, বাহঁগৰত এখন ৰণ লাগে। ৰণত ঘাটি পলাই ডেবেৰা থুকুবিলৰ কাষৰত সোমাইছিলগৈ। পিচে; তাৰপৰা ধৰাই আনি ডেবেৰাক শাকবাৰীৰ নাওশালিত ওপৰ-চাং সাজি থোৱা হয়। তাৰ পাচত, তাৰপৰা ৰজাহাটলৈ নি, তাতে বুঢ়াফুকনে (লালুকসোলা বৰফুকন) বিস্তৰ বিকৰ্থনা কৰি, আৰু নানা উৎকট্ শাস্তি দিয়াই, ডেবেৰাক হাৰীৰ হতুৱাই ভৰিৰপৰা মূৰলৈকে কোবেৰে চৰিয়াই-কোবাই বধ কৰিলে। এই দৰেই ৰজা বধি ৰজা পতা লেচাই ডেবেৰা-বৰবৰুৱা বধ অভিনয়ৰ অন্ত পৰিল।
সেই বিপ্লৱ অভিনয়ৰ উৎপতীয়া দৃশ্যৰ প্ৰধান নায়ক আছিল ডেবেৰা বৰবৰুৱা,দীঘলা বুঢ়াগোহাঞি আৰু লালুকসোলা বৰফুকন। এই কেইজন অত্যাচাৰী আৰু