সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
স্বৰ্গদেৱ চুহুন্মুং বা স্বৰ্গনাৰায়ণ


চিন্তি, সাধ্বী সতী জয়মতীয়ে ল’ৰা ৰজাৰ নৰৰূপী দানৱ চাওডাঙ্গৰ হাতত নশ্বৰ দেহা এৰি [] অমৰবাঞ্ছিত নাম-গৌৰৱেৰে আহোম জ্ঞাতি আৰু অসমীয়া জাতিৰ নাম ধন্য কৰি, পৃথিৱীত নাৰীসকললৈ পতি-প্ৰাণতাৰ জ্বলন্ত পটন্তৰ ৰাখি, সীতা, সাবিত্ৰী আৰু দময়ন্তীৰ শাৰীত আসন ল’বলৈ বৈকুণ্ঠপ্ৰয়াণ কৰিলে। এতিয়াও, শিৱসাগৰত “জয়সাগৰ” আৰু “জয়দৌল” জয়মতীৰ সতীত্বৰ চানেকিস্বৰূপ জিলিকি আছে। ১৯১৩ খ্ৰীষ্টাব্দ বা ১৮৩৫ শকৰপৰা বছৰি ‘জয়সাগৰ’ৰ পুণ্যসলিলত স্নান আৰু দৌল-মন্দিৰত সভা-সংকীৰ্ত্তনাদিৰে সৈতে “জয়মতী-তিথি” পালনৰ ৰীতি চলিব লাগিছে।

 সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা:—অসম বুৰঞ্জীৰ এই ছোৱাৰ, ১৫২৫ খ্ৰীষ্টাব্দৰপৰা ১৬৭০ খ্ৰীষ্টাব্দলৈকে, —আহোম গৌৰৱৰ লগত ভাৰত- বুৰঞ্জীৰ মোগল গৌৰৱৰ ৰিজনি খাটে। এই যুগতে ভাৰতবৰ্ষত মোগল ৰাজক্ষমতাৰ চূড়ান্ত উন্নতি। ভাৰত-বুৰঞ্জীৰ এই ছোৱাত, আৰ্য্যাবৰ্ত্তত মুছলমানৰ প্ৰতিপত্তি বঢ়াৰ লগে-লগে, দাক্ষিণাত্যত সু-প্ৰখ্যাত হিন্দু বীৰ শিবাজীয়ে হিন্দু ৰাজক্ষমতা পুনৰপি বিস্তাৰ কৰিবলৈ প্ৰয়াস পায়। সেই কালত মোগল বংশধৰ বাবৰ, হুমায়ূন, আকবৰ, জাহাঙ্গীৰ, চাহজাহান আৰু আওৰেংজেব এই পাঁচজন ৰজাই দিল্লীৰ ৰাজপাট খাইছিল। বাবৰে তাতাৰৰপৰা আহি ভাৰতবৰ্ষত মোগল ৰাজ্য স্থাপন কৰে; এওঁৰ দিনত পাণিপথৰ প্ৰথম যুদ্ধ আৰু কনুৱা-যুদ্ধ এই দুখন ডাঙ্গৰ ৰণ লাগে। হুমায়ুনৰ ৰাজত্ব কালত আগ্ৰাৰ পুনৰুদ্ধাৰ আৰু কনৌজ যুদ্ধ এই দুটা প্ৰধান ঘটনা। আকবৰে ‘দিল্লীশ্বৰ’ নামেৰে সম্ৰাটৰ খিতাপ লাভ কৰিছিল। আকবৰ বাদচাহৰ আমোলত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল; তাৰ ভিতৰত চিতোৰ আক্ৰমণ, জিজিয়া-কৰ ৰহিত, আইনী-আকবৰী আৰু আকবৰনামা প্ৰচাৰ, "পাণিপথৰ ২য়, যুদ্ধ” এইবোৰ ঘাই। জাহাঙ্গীৰ বাদচাহৰ দিনত বিখ্যাত “ইষ্ট ইণ্ডিয়া কোম্পানি” আৰু “ফৰাচী কোম্পানি” নামেৰে ইংলণ্ড আৰু ফ্ৰান্স দেশৰ দুটা বেপেৰুৱা কোম্পানিৰ পোন্-প্ৰথম আগমন আৰু স্থাপন হয়। চাহজাহান বাদচাহৰ দ্বাৰাই তেওঁৰ প্ৰিয়তমা পত্নীৰ নামে পৃথিবীৰ সপ্তম আচৰিত বস্তু “তাজমহল” নিৰ্ম্মিত হয়। আওৰেংজেব সম্ৰাটৰ ৰাজত্বত শিবাজীৰ বিক্ৰমৰ ফলস্বৰূপ বিখ্যাত “পুৰন্দৰ সন্ধি” স্থাপন, ইউৰোপীয় কোম্পানিৰ বাণিজ্য বিস্তাৰ, ভাৰতবৰ্ষত বৃটিচৰ স্থিতি বিস্তাৰ আৰু স্থায়ীকৰণ এইবোৰেই এই যুগত ভাৰত বুৰঞ্জীৰ লেখত লবলগীয়া সমসাময়িক ঘাই ঘটনা।

ৰাজ্যবিপ্লৱ

(খ্ৰী:১৬৭১⸺৮২চন)

 খ্ৰীঃ ১৬৭১ চনৰপৰা ১৬৮২ চনলৈকে এই এঘাৰ বছৰৰ ভিতৰত ভালেমান কোঁৱৰ-কুঁৱৰী-বধৰ অভিনয়ে অসমত এটা দোৰ্ঘোৰ ৰাজ্য বিপ্লৱ ঘটাইছিল। সেই অভিনয়ৰ নায়কৰ ভিতৰত এই তিনিজন ঘাই :—(১)লুখুৰাখনৰ লেচাই ডেবেৰা হাজৰিকীয়া, পাচত


  1. “গৰ্ভে সহিতে আইকুঁৱৰীদেৱক শাস্তিতে মাৰিলে।”—শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ “তুংখুঙ্গীয়া বুৰঞ্জী,” ১৪ পৃষ্ঠা