অসমৰ বুৰঞ্জী
মুছলমানৰ ১৩শ আক্ৰমণ বা ৰঙ্গামাটি ৰণ :- স্বৰ্গদেৱ চুডৈফাৰ ৰাজত্বৰ কালত মুছলমানৰে সৈতে যি বিবাদ লাগে, সি চেঁচা হবলৈ নৌ পাওঁতেই, ইফালে এজন ৰজাৰ অপমৃত্যুত আন এজন সিংহাসনত উঠাৰ উৎপাত লাগিল। সেই ছেগতে মুছলমানে আকৌ আহোম ৰাজ্য আক্ৰমণ কৰেহি। সিফালে লালুকসোলা বৰফুকনে ৰঙ্গামাটিৰ আজমতৰা নৱাবক গুৱাহাটীৰ সৰ্ত্ত এৰি দি আহি, চক্ৰান্ত কৰি চুডৈফা স্বৰ্গদেৱক বধ কৰাত, আনো সকলো ডা-ডাঙ্গৰীয়া বিষয়াই তেওঁকো তেনে চক্ৰান্তেৰেই বধ কৰালে। এনে অৱস্থাত, ভাৰধৰাকে নতুনকৈ বৰফুকন পাতি মুছলমানৰ লগত যুঁজিবলৈ পঠিওৱা হৈছিল। পিচে, তেওঁ মুছলমানক খেদিবলৈ অক্ষম হোৱাত, তেওঁক ভাঙ্গি লানমাখক চেটিয়াৰ বন্দৰ ৰাজখোৱাক বৰফুকন পতা হ'ল। বন্দৰ বৰফুকন এজন বাহুবলী আৰু যুদ্ধবিদ্যাত পৈণত পুৰুষ আছিল। তেওঁ বিষম বিক্ৰমেৰে মুছলমানৰে সৈতে ৰঙ্গামাটিত ৰণ দিলেগৈ। বন্দৰ বৰফুকনৰ বিক্ৰম সহিব নোৱাৰি মুছলমান সেনা কামৰূপ এৰি পলাবলৈ বাধ্য হ'ল। সেই ৰণত সম্পূৰ্ণ জয়লাভ কৰাৰ বঁটাস্বৰূপে, বন্দৰক গুৱাহাটীত নিগাজিকৈ বৰফুকন পাতি ৰখা হ'ল।
জয়মতী কুঁৱৰী (১):–ডেবেৰা বৰবৰুৱাক বধ কৰাৰ পাচত, স্বৰ্গদেৱ চুলিকফা বা ল'ৰা-ৰজাক যদিও ডা-ডাঙ্গৰীয়া আৰু বিষয়াসকলোৱে ৰজা বুলি মানি লৈছিল, তথাপি তেওঁ আগৰ ৰজাসকলৰ ভাগ্যফল স্মৰণ কৰি, সততে নিজৰ অকাল মৃত্যু কল্পনা কৰি আছিল। সেই সময়ত ৰজা হ'ব পৰা ফৈদবিলাকত ভালেমান কোঁৱৰ আছিল। গতিকে, মন্ত্ৰীসকলে তেওঁলোকৰ খাটনি এৰাব নোৱাৰি, এজনক বধি আন এজনক ৰজা পাতি উৎপাত লগাইছিল। যোৱা ৯ বছৰৰ ভিতৰত সেইদৰেই কেইবাজনো কোঁৱৰৰ অকাল মৃত্যু হয়। সেই কাৰণে, ল'ৰা ৰজাই এনে আশঙ্কাৰ সঁচ মাৰিবৰ নিমিত্তে ৰজা হ'বৰ যোগ্য কোঁৱৰবিলাকক চোৰাংচোৱা লগাই ঘুণীয়া কৰি ৰজাৰ অযোগ্য কৰিবলৈ ধৰিলে। পিচে, তুংখুঙ্গীয়া ফৈদৰ গোবৰ-ৰজাৰ পুতেক [১]। লাঙ্গিগদাপাণি এজন বৰ বাহুবলী কোঁৱৰ আছিল; আন আন ফৈদৰ কোঁৱৰৰ কঠিয়া মাৰি, ল'ৰা-ৰজাই গদাপাণিত চকু দিয়ে। তেওঁৰ ওচৰত কিন্তু চোৰাংচোৱাৰ কৌশল নৰজিল। তেওঁ এনে বাহুবলী আছিল যে দুজন চাৰিজনে তেওঁৰ কাষ চপাই টান। সেই কথাত ল'ৰা ৰজা অতিশয় আশঙ্কিত হৈ, গদাপাণিক ধৰিবলৈ সৰহকৈ ৰণুৱা মানুহ পাচিলে। মহাবাহুবলী গদাপাণিয়ে সিমানতো কেৰেপ্ নকৰি ফেৰ পাতি ধৰিছিল; কিন্তু শেহান্তৰত, নিজৰ ভাৰ্য্যা আৰু আত্মীয়-কুটুম্বাদিৰ প্ৰেৰণাত তেওঁ অগত্যা অকলে নগৰ এৰি আঁতৰিবলৈ বাধ্য হয় [২]
- ↑ (১)"তুংখুঙ্গীয়া বুৰঞ্জী"ৰ১৩ পৃষ্ঠাত"শ্ৰীশ্ৰীমৎ গদাধৰ সিংহ মহাৰজা তিংখাং নামেৰে গ্ৰামত উদ্ভৱ হৈ দুই ভায়েকৰ অৰ্দ্ধ ৰাখিব গ'ল" বোলা হৈছে; ইয়াৰ পৰা অনুমান হয় যে গদাপাণিৰ ভায়েক বা ককায়েক এজন আছিল। আকৌ, ১৪ পৃষ্ঠাত "বুঢ়াফুকনৰ ভয়ত দুই জনা গোঁহাইক নগাচাঙ্গত থৈছিল" বোলা হৈছে;কোনোৱে জয়মতী গদাপাণিৰ দুই পুত্ৰ লাই আৰু লেচাই গোঁহাইদেৱদ্বয়কে সেই দুই গোঁহাই বুলি কয়
- ↑ (২)হৰকান্ত বৰুৱাৰ বুৰঞ্জীমতে গদাপাণিয়ে, তেওঁৰ ভাৰ্য্যা জয়মতীক লগত লৈ পলাইছিল; যেনে,-"পলাই গৈ তেওঁৰ ভাৰ্য্যা গাভৰু সহিতে অটব্য অৰণ্যত সোমাই আছিল;তাতে এটি সৰু