সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ

 ৰামধ্বজ স্বৰ্গদেৱৰ ৰাজত্বত দেউৰী-চুটিয়া আৰু মিছিমিৰ বিদ্ৰোহ উঠিছিল ।এই ৰাজত্বত লুখুৰাখনৰ লেচাই-ডেবেৰা বৰবৰুৱা আৰু চেঙ্গমুন বৰগোহাঞি হয়। ভেবেৰা আগেয়ে হাজৰিকীয়া পদত আছিল; ৰামধ্বজ ৰজাই তেওঁক বিশ্বাসী বন্ধু ভাবি বৰবৰুৱা পাতি ললে। কিন্তু, দুবছৰ মাথোন ৰাজত্ব কৰোতেই, ভেবেৰা বৰবৰুৱাৰ লগত ৰামধ্বজসিংহ স্বৰ্গদেৱৰ মনান্তৰ ঘটে; আৰু সেই আপাহতে স্বৰ্গদেৱক নৰিয়া অৱস্থাত ডেবেৰাই খৰমজু নামেৰে বেজ এটাৰ হতুৱাই বিহ খুৱাই মাৰে। তাৰ পাচত, তিপাম ৰজা নাৰায়ণ গোহাঞিকে আদিকৰি চৈধ্য জনা ৰাজকোঁৱৰক ডেবেৰাই চক্ৰান্তৰ ওপৰত বধ কৰালে; তাৰো পাচত, নামৰূপীয়া ৰজাকো মৰালে।এই অনুক্ৰমে, ডেবেৰাৰ হাতত ৰামধ্বজ স্বৰ্গদেৱৰ বংশছেদ হোৱাত, সদৌশেহত, তুংখুঙ্গীয়া ফৈদৰ কোঁৱৰ এজনক তেওঁ ৰজা পাতি লয় (১)। কিন্তু, ১২ বাৰদিন মাথোন ৰাজপাট খাওঁতেই, এই তুংখুঙ্গীয়া কোঁৱৰজনকো অবাবত বধ কৰাই, ডেবেৰা বৰবৰুৱাই চামগুৰীয়া ফৈদৰ চুহুং কোঁৱৰক খ্রীঃ ১৬৭৩ চনত ৰজা পাতি, মোমাইতামুলী বৰবৰুৱাৰ জীয়েকক স্বৰ্গদেৱৰ বৰ-আইকুঁৱৰী পাতিলে । পিচে, চুহুং স্বৰ্গদেৱে ডেবেৰা বৰবৰুৱাৰ অধৰ্ম্ম-অত্যাচাৰ অন্ত পেলাবৰ অভিপ্ৰায়ে তেওঁক বধিবৰ উপায় চিন্তিছিল; কিন্তু স্বৰ্গদেৱৰ খাৰছাই এজনীৰ মুখে সেই কথাৰ সম্ভেদ পাই, ডেবেৰাই স্বৰ্গদেৱক,ডেৰমাহ মাধোন ৰাজপাট খাওঁতেই, গুপুত ব্যৱস্থাৰে বিহ খুৱাই মাৰিলে। তাৰ পাচত, ডেবেৰা বৰবৰুৱাই গড়গঞা ৰজাৰ নাতিয়েক তুংখুঙ্গীয়া ফৈদৰ গোবৰ নামেৰে কোঁৱৰক খ্রীঃ ১৬৭৪ চনত ৰজা পাতি লয়। গোবৰ স্বৰ্গদেৱে ২০ কুৰি দিন মাথোন ৰাজপাটত বহিবলৈ পালে; তেওঁ ডেবেৰা বৰবৰুৱাৰ মনোনয়ন মতে গেৱা ৰজা কাৰণে, বাঁহগৰীয়া আতন বুঢ়াগোহাঞি ডাঙ্গৰীয়া প্ৰমুখ্যে আনো আনো ডা-ডাঙ্গৰীয়া, ফা-ফুকন, বৰুৱা-বিষয়াসকলে লগলাগি তেওঁক বধ কৰায়। সদৌশেহত, ডেবেৰা বৰবৰুৱাৰ মইমতীয়া আচৰণ অসহনীয় হোৱাত, আৰু তেওঁৰ ষড়যন্ত্ৰত অকালত আৰু অবাবত ভালেমান ৰাজকোঁৱৰৰ অকাল-মৰণ সংঘটিত হোৱাত, বাঁহগৰীয়া আতন বুঢ়াগোহাঞি ভাঙ্গৰীয়াৰ নেতৃত্বত (২), ৰৰগোহাঞি ডাঙ্গৰীয়া, লালুকসোলা বুঢ়াফুকন, পানীফুকন,ৰাজখোৱা, হাজৰিকীয়া প্ৰভৃতি বা-বিষয়াসকলে (৩) লগলাগি চাপি গৈ, বাঁহগড়ত ৰণ দি, ডেবেৰা বৰবৰুৱাক ধৰি নি, ৰজাহাটত বধ কৰালে ( ৪) । গোবৰ ৰজাৰ অকাল-মৃত্যুৰ পাচত, সেই চনতে দিহিঙ্গীয়া ফৈদৰ চুজিন্‌ফা কোঁৱৰক ৰজা পতা হয়। স্বৰ্গদেৱ চুজিন্‌ফাই তিনি বছৰ মাথোন ৰাজত্ব কৰোঁতেই, আনো আনো ডা-ডাঙ্গৰীয়া বিষয়া সকলেৰে যোগ


 (১)এওঁকে তুংখুঙ্গীয়া ফৈদৰ প্ৰথম ৰজা বুলি ধৰা যায়।-"তুংখুঙ্গীয়া বুৰঞ্জী,” ৪পৃষ্ঠা।

(২) মিল, — শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ “তুংখুঙ্গীয়া বুৰঞ্জী," ৬ পৃষ্ঠা

(৩) "শৰাইঘাটৰ ৰণ”ত জয়লাভ কৰা বাবে ইবিলাক “শৰাইঘটীয়া বিষয়া” নামেৰেও জনাজাত।

(৪) “বুঢ়াফুকনে অনেক বিকৰ্থনা কৰি ৰজাহাটলৈ আনি ভীম আওটাই ডেবেৰাক চেপিবলৈ দিওঁতে ভীম ডাঙ্গি দুটা মানুহ মৰিল । তাৰ পাচত, ৰাজহাটতে ডেবেৰাক হাবিয়ে ভৰিৰপৰা মূৰলৈকে কুৰিলে। এইদৰে, ৰজা মৰা ডেবেৰা বৰবৰুৱাক শাস্তি দি মৰা হ'ল"।- "পুৰণি আহোম বুৰঞ্জী।"