কৰি ধৰি আনি গড়গাঁৱলৈ পঠিয়ালে। তাতে সিবিলাক দুইকো বধ কৰা হয়। মুছলমানৰ সকলো অস্ত্ৰ-শস্ত্ৰ বৰফুকনৰ হাতত পৰিল। ১৬৬৮ খ্ৰীষ্টাব্দত সেই ৰণৰ সামৰণি পৰে, ফলত গুৱাহাটী পুনঃ আহোম ৰজাৰ দখললৈ আহে। এই সংবাদত মহা অভিমানী আওৰেঞ্জেৱ বাদচাহ অগ্নিৱত জ্বলি উঠিল। অম্বৰাধিপতি ৰজা ৰামসিংহক ৩০০০ ঘোঁৰা ৰণুৱা, ১৮০০০ মাটি ৰণুৱা, ১৫০০০ কোঁচবিহাৰৰ কাঁড়ী সৈন্য দি, আৰু নচৰত খাঁ, ৰঘুনাথ সিংহ, ৰচিদখাঁ প্ৰভৃতি কেইবাজনো সেনাপতিৰ ওপৰত তেওঁক প্ৰধান সেনাপতি পাতি, বিপুল আয়োজনেৰে অসম দেশ আক্ৰমণ কৰিবলৈ পাচিলে। ইফালে স্বৰ্গদেৱ চক্ৰধ্বজ সিংহয়ো বছা বছা কাজুৱা আহোম সেনাপতি আৰু বিস্তৰ সৈন্য-সামন্তৰ ওপৰত লাচিত * ঘোঁৰা-কোঁৱৰক বৰসেনাপতি পাতি, মুছলমানৰ আক্ৰমণ ওফৰাবলৈ গুৱাহাটীত সাজু কৰি ৰাখিলে। বৰসেনাপতি লাচিত ঘোঁৰা-কোঁৱৰে শৰাইঘাটত এটা ভালকৈ কোঁঠ মৰাই সৈন্য-সামন্ত লৈ মুছলমানক প্ৰতীক্ষা কৰিলে। ৰামসিংহ ৰজা সসৈন্যে গুৱাহাটীৰ সীমা পালেহি। ইতিমধ্যতে লাচিতে শৰাইঘাটৰ কোঁঠ মেৰাই এটা গড় মৰাবলৈ আয়োজন কৰিলে। সেই গড় একে ৰাতিৰ ভিতৰতে উলিয়াব লগীয়া হৈছিল, কিয়নো পিচদিনা পুৱাতে মুছলমানে আহোম কোঁঠ আক্ৰমণ কৰিব। সেইকাৰণে, সেই গড় উলিয়াবলৈ তেওঁ নিজৰ মোমায়েকৰ গাত ভাৰ দিছিল। পিচে, শেহৰাতিলৈকে গড় মৰা হৈ নুঠা দেখি, লাচিত বীৰে একেঘাপে মোমায়েকক কাটি দোছোৱা কৰিলে। তেওঁৰ তেনেকুৱা তীক্ষ্ণমতিৰ বৈদ্যুতিক উত্তেজনাত উত্তেজিত হৈ, বাকী গড় মৰা মানুহবিলাকে মৰোঁ-জীওঁকৈ লাগি, ৰাতি নৌ-পুৱাওঁতেই গড়টো বান্ধি উলিয়ালে। সেই গড় এতিয়াও “মোমাই কটা গড়” নামে প্ৰখ্যাত। তাৰ পাচত, লাচিত বীৰে, একেৰাহে ছমাহ মাটি-যুদ্ধ, পানী-যুদ্ধ, ঘোঁৰা-যুদ্ধ তয়াময়াকৈ পাঁতি, মুছলমান সেনা-সেনাপতিক বিচেষ্টা কৰি পেলালে। পিচে, এনেতে, হঠাৎ জলসাৰ নৰিয়াত পৰি স্বৰ্গদেৱ চক্ৰধ্বজসিংহ স্বৰ্গী হোৱাত, তেওঁৰ ভায়েক উদয়াদিত্যই, ৰাজপাটত উঠি, সেই মহাৰণ চলাব লগাত পৰে। মুছলমানৰ ৰণবল ক্ৰমাৎ ক্ষয় হৈ আহিল; মুছলমান সেনাপতি এজন এজনকৈ ৰণত পৰিবলৈ ধৰিলে; আৰু সিহঁতৰ বহুত বাৰুদ, বন্দুক, তোপ, ৰণ-তৰি আহোমৰ
* কিম্বদন্তি আছে, লাচিত মোমাই তামুলী বৰবৰুৱাৰ সৰুঘৈণীৰ একেটি পুতেক। সাহ-পিত ওখ স্বভাৱেৰে তেওঁ বৰ চহকী। সেই চহকী স্বভাৱেই কালত তেওঁক মান-মৰ্যাদা আৰু ৰাজকীয় অৰ্থ-বিভূতিৰেও চহকী কৰিলে। মুছলমানৰ লগত ৰণ দি, প্ৰথমবাৰ ঘাটি, চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে এদিন মন মাৰি বহি আছে, এনে অৱস্থাত আহোম বীৰসন্তান লাচিত ডেকাই দেখি গল। তেওঁ ঘৰলৈ গৈ মাকৰে সৈতে এই বুলি কোৱামেলা কৰিছিলগৈ, “আই, আমাৰ স্বৰ্গদেৱক আজি মন মাৰি থকা দেখি আহি মোৰ মনত বৰ বেজাৰ লাগিছে। এই খেপত আমাৰ ৰজাৰ ৰণুৱাই মুছলমানক হৰুৱাব নোৱাৰিলে; সেই বাবেই স্বৰ্গদেৱৰ মনত বৰ বিষাদ লাগিছে। কিন্তু, মই যাবলৈ পোৱা হলে, মুছলমানক ওফৰাই পঠিয়ালোঁগৈহেঁতেন।’’ মাকে কলে, “বুপাই, এনে কথা কৈ নুফুৰিবি, কোনোবা পৰীয়া-চৰীয়াই শুনিব।শুনিলে, ৰজাই তোক ৰণলৈ পাচিব! লাচিতে সাহসৰ হাঁহি মাৰি এই বুলি সমিধান দিলে, “আই, ৰণলৈ মোক পঠিয়াব যদি, ভাল হে। তেতিয়াহে মোৰ মনৰ কামনা পূৰণ হ’ব। ৰণ দি জিকিবলৈ নাপালে, মোৰ এই জীৱন ধৰাই মিছা। আই, মোৰ মনেৰে এনেহে লাগে, যেন আমাৰ দেশৰ সেই শত্ৰু