স্বৰ্গদেৱ চুখাম্ফাৰ দিনতে সিফালে কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজ্যত মুছলমানৰ ৭ম আৰু ৮ম, বাৰৰ আক্ৰমণ পৰে। সেই সময়তে প্ৰায় তিনি কুৰি বছৰ নামজ্বলাই ৰাজত্ব কৰাৰ পাচত; খ্ৰী: ১৬১১ চনত (১), চুখাম্ফা স্বৰ্গদেৱ অতি বুঢ়া বয়সত স্বৰ্গী হয়।
ওপৰত কোৱাৰ উপৰিও, স্বৰ্গদেৱ চুখাম্ফাৰ ৫৯ বছৰীয়া সুদীৰ্ঘ ৰাজত্ব নানা অশান্তিজনক আৰু অমঙ্গলীয়া ঘটনাপূৰ্ণ আছিল। তাৰ ভিতৰত, ১৫৬০ খ্ৰীষ্টাব্দত नগা-দমন(ক); ১৫৬৩ আৰু ১৫৭২ খ্ৰীষ্টাব্দত চুটিয়া-বিদ্ৰোহ; ১৫৬৩ খ্ৰীষ্টাব্দত আহোম ৰাজকোঁৱৰেৰে লগ লাগি তোলা ঢেঁকেৰি-বিদ্ৰোহ (খ) ১৫৬২ খ্ৰীষ্টাব্দত কোঁচৰ ২য় আৰু ৩য় আক্ৰমণ (গ) ১৫৬৪ খ্ৰীষ্টাব্দত চুটিয়াৰ
ক’লে, ’ভাই চুগাম, যদি যোৰ-দহ মাৰিব পাৰ, সত্যে সত্যে সত্যে যেই খোজ তাকে দিম’। পাচে চুগাম কোঁৱৰে বিমুখে ঢালি যোৰ দহ পেলালে। পাচে কোঁচ ৰজাই বোলে, ’মই বচনেে ঘাটিলোঁ; মই দিওঁ বুলিছোঁ, তই যি খোজ, খোজ’। পাচে চুগাম কোঁৱৰে বোলে, ’যদি দিবা, মোৰ লগত অহা মানুহে সৈতে মোক আমাৰ ৰাজ্যলৈ পঠিয়াই দিয়াঁ’। কোঁচ ৰজাই বোলে, ’ভাল, বিদায় দিলোঁ, তোমাৰ মানুহে সৈতে যোৱা, আৰু মোৰ মানুহ যি যাব ধৰিছে তোমাৰ লগত যক। পাচে চুগাম কোঁৱৰ মানুহে সৈতে উজাই আহি ৰজাদেৱক সেৱা কৰি সপ্ৰপঞ্চে বাত-যাত্ৰা কলেহি।" - "দেওধাই অসম বুৰঞ্জী",৪৫ পৃষ্ঠা। হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী"ত এই চুগাম কোঁৱৰক সোন্দৰ গোঁহাই বোলা হৈছে। আৰু, পাশা-খেলখন মুছলমানৰ হাতত বন্দী হৈ থকা চিলাৰায়ৰ সঙ্কেত্, মতে হোৱা বুলি কোৱা হৈছে। -৩৫ পৃষ্ঠা।
(১) চাৰ এডোৱাৰ্ড গেইটৰ বুৰঞ্জী মতে, এই চন ১৬০৩ হ’ব লাগে। আৰু, সেইমতে তেওঁ খোৰা-ৰজাৰ ৰাজত্ব ৫১ বছৰীয়া কৰি, জয়ধ্বজসিংহৰ ৰাজত্বলৈকে মাজৰ ৩ জনা ৰজাৰ ৰাজত্ব আঠ বছৰকৈ বঢ়াই ধৰিছে। কিন্তু, সেইটো মত আনবিলাক বুৰঞ্জীয়ে হুবহুকৈ সমৰ্থন নকৰে। "দেওধাই অসম বুৰঞ্জী" মতে খোৰা-ৰজাৰ ৰাজপাট ভোগ ৫২ বছৰ ( ৫১ পৃষ্ঠা); কাশীনাথ, ৰবিনচন আৰু গুণাভিৰাম বুৰঞ্জী মতে সেই ৰাজপাট-ভোগ ৫৯বছৰীয়া।
( ক) “স্বৰ্গদেৱে চাৰিং-ৰজা, বুঢ়াগোহাঞি আৰু বৰগোহাঞিক সৈন্য-সেনা দি নগা-দমনলৈ পঠিয়ালে। চাৰিং-ৰজা আৰু বৰগোহাঞে নামতুতফা নদী পাৰ হৈ গ'ল। বুঢ়াগোহাঞি মোমাইৰ বাটে গ'ল। আহোম সেনাই খেদি যোৱা দেখি আইতনীয়া ভাগি পাপুকীয়া নগাত সোমালগৈ। পাপুকীয়াও ভাগি খামডেঙ্গীয়াত সোমালগৈ। আহোম সেনাই খেদি নি খামডেং পালেগৈ। খামডেং ভাগি গ'ল। সেই ঠাইতে বৰগোহাঞি নৰিয়া পৰিল।বৰগোহাঞিক ওলোটাই আনোতে বাটত আইতনীয়া,পাপুকীয়া,খামডেঙ্গীয়া একেঠাই হৈ দইমুং পৰ্ব্বতত বেৰি ধৰি বৰগোহাঞিক লৈ অহা মানুহ কাটিলে। পাচে, তাচুপান আৰু তাওতু এই দুই কুমাৰে খেদি গৈ দইমুং পৰ্ব্বতত যুদ্ধ ধৰিলে। তিনিও ফৈদ নগাযুদ্ধে নোৱাৰি ভাগিল। দুই কোঁৱৰে বৰগোহাঞিক এৰুৱাই আনিলে।’’-দেওধাই অসম বুৰঞ্জী",৪০ পৃষ্ঠা।
(খ) চুটিয়াৰ উপদ্ৰৱৰ পাচতে ঢেকেৰি-বিদ্ৰোহ উঠে। প্ৰথমে "মাঘৰ দিনত পছন নামেৰে ৰজা যুদ্ধ কৰিবলৈ পালেহি। যুদ্ধত ঢেকেৰি বিস্তৰ পৰিল, বিস্তৰ ভাগি গ'ল। পাচে ৰজাদেৱে ফাগুনৰ দিনত বৰগোহাঁইকে, বৰপাত্ৰগোহাঁইকে, বুঢ়াগোহাঁইকে ৰূপ সন্দিকৈকে ঢেকেৰিৰ ঢেলা ৰজাক ধৰিব দিলেগৈ। চাৰিয়ো গৈ ঢেলা ৰজাক ধৰি আনি ৰজাদেৱৰ ঠাইত দিলেহি।” – “দেওধাই অসম বুৰঞ্জী",৪৬ পৃষ্ঠা।
(গ)“লাক্লি মুংৰাও শকত (১৪৮৪ শঁক) কোঁচ ৰজা লুইতে উজাই আহি দিখৌমুখৰ পোনে লুইতৰ উত্তৰে ৰ'লহি। চাৰিং-ৰজা, বুঢ়াগোহাঞি, বৰপাত্ৰগোহাঞি এই সকলে আহোম সৈন্য-সেনা লৈ ইপাৰে কোঁঠ দি ৰ'লগৈ। তাৰপৰা চাৰিং-ৰজাই লাঙ্গিডাম,লেচাইলুং, লাঙ্গিখুন এই তিনিক কোঁচৰ ৰজাৰ ঠাইলৈি প্ৰীতিৰকাৰণে পঠাই দিলে। কোঁচ ৰজায়ো ৰতিকৰা নামেৰে ভাল মানুহ এটা পঠাই দিলে। কোঁচ ৰজাই এই বুলি কৈ পঠালে আমিও এতিয়াৰ নহওঁ, সিবিলাকো এতিয়াৰ নহয়।"বিশেষতঃ স্বৰ্গী ৰজা ইন্দ্ৰৰ"সন্তান,আমিও সদাশিৱৰ সন্তান; এতেকে তোমাৰে আমাৰ কন্দল কৰা উচিত নহে। পূৰ্বতো তোমাৰে