পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
অসমৰ বুৰঞ্জী

তেওঁৰ নামেৰে ভালেমান আলি, পুখুৰী আদিও কৰোৱা হৈছিল। তাৰ চিন্ এতিয়াও উত্তৰ-লক্ষীমপুৰ মহকুমাত দেখিবলৈ পোৱা যায় (১)। শেহান্তৰত, ডা-ডঅঙ্গৰীয়াসকলে নাহৰৰ অযথা ক্ষমতা সহিব নোৱাৰি চক্ৰান্ত কৰি তেওঁক বধ কৰালে। সেই আপাহতে ৰজাৰ দুয়োগৰাকী কুঁৱৰী আত্মঘাতিনী হ’ল। তাৰ পাচত, স্বৰ্গদেৱে নৰা-ৰজাৰ বৰগোহাঞিৰ জীয়ৰীক বিয়া কৰায়, আৰু তেওঁৰপৰা স্বৰ্গদেৱ চুখামফাই তিনিটি পুত্ৰ লাভ কৰে।

 সলাল-গোহাঞি বিষয়াৰৰ সৃষ্টিঃ—স্বৰ্গদেৱ চুখামাৰ ৰাজত্বত আইখোৱা বুঢ়াগোহাঞি আৰু বলিয়া বৰপাত্ৰগোহাঞি হয়। আৰু এইজনা স্বৰ্গদেৱেই ’সলাল- গোহাঞি’ বিষয় বাব সৃষ্টি কৰি, বৰগোহাঞি পৰিয়ালৰ লেচাইডাং বৰগোহাঞিক পোন্ প্ৰথমে সলাল-গোহাঞি খিতাপেৰে দৰঙ্গৰ শাসনকৰ্তা পাতে।

 কোঁচৰ ২য় আৰু ৩য় আক্ৰমণ, আৰু নাৰায়ণপুৰত কোঁঠ স্বাপন:—

 চুখামফা স্বৰ্গদেৱৰ দিনত কোঁচ ৰাজ্যৰ যুৱৰাজ বিখ্যাত চিলাৰায়, খ্ৰীঃ ১৫৬২ আৰু ১৫৬৩ চনত দুবাৰ আহোম ৰাজ্য আক্ৰমণ কৰেহি। প্ৰথমবাৰত স্বৰ্গদেৱৰ সেনাপতিয়ে তেওঁৰ সেনাবিলাকক গুণ পিন্ধাই কপিলাৰ পিঠিত তুলি ৰণলৈ পঠোৱাত, চিলাৰায়ে গো-বধ আৰু ব্ৰহ্ম-বধ পাপলৈ ভয় কৰি ৰণ নিদি উলটি যায়। আহোম ৰজাৰ আজ্ঞানুসৰি লেকাই চেটিয়াই লগুণ গুচোৱাৰ পাচতো, সেই ছদ্মবেশী ব্ৰাহ্মণ সেনাবিলাকৰ কোনো কোনোৱে গুপুতে লগুণ পিন্ধি ব্ৰাহ্মণৰ বেশেৰেই থাকিল। তাৰে আঠঘৰ বামুণৰ নামৰ শেহত “আল” প্ৰত্যয় লগাই চিন্ থোৱা হৈছিল (২), কিন্তু আজিকালি সেই আল ভোটা হৈ, সেই চিন মৰিবলৈ ধৰিছে। চিলাৰায়ে নিজৰ দেশলৈ উলটি যোৱাৰ পাচত, আহোম ৰজাৰ সেনাপতিয়ে সেইদৰে ভুৱা দিয়াটো বুজিব পাৰি, পুনৰায় তেওঁ আহোম ৰাজ্য আক্ৰমণ কৰিলেহি। পাচে, কেইজনমান বিষয়াৰ লৰাৰে সৈতে, তিনিজনা গোহাঞি-ডাঙ্গৰীয়াৰ পুতেক তিনিজনাক লগ-কৰি দি, সন্ধিৰ প্ৰস্তাৱ কৰাত, চিলাৰায় তাতে মান্তি হৈ নিজ দেশলৈ উলটিল, কিন্তু বৰগোহাঞিৰ ঘৈণী নাংবক্ল গাভৰুৱে তাত মান্তি নহৈ পুতেক ত্যাউপেতক কাঢ়ি লৈ যোৱাত (৩), তেওঁৰ সলনি স্বৰ্গদেৱৰ ভায়েক চুগাম কোৱৰক পঠোৱা হয়৷ (৪) সেই আলমতে নাৰায়ণপুৰত কোঁচৰজাৰ কোঠ এটা নিগাজীকৈ পতা হ'ল। তাৰ পাচত, খ্ৰীঃ ১৫৮৫ চনত, কোঁচ ৰজা লক্ষ্মী-

নাৰায়ণে তেওঁৰ সঙ্কলা নামেৰে জীয়েকক চুখামফা স্বৰ্গদেৱলৈ বিয়া দি মিত্ৰতা কৰে।


 (১) উত্তৰ-লক্ষীমপুৰত নকাৰী মৌজাৰ ন-কাৰী গাঁৱৰ আগফালৰ পথাৰত “নাহৰপুখুৰী আৰু চুটিয়াকাৰী মৌজাড় নাহৰৰ জেঠয়েকৰ নামেৰে খন্দোৱা “জেঠী পুখুৰী” এতিয়া আছে।

 (২) “কাশীনাথ তামুলীফুকনৰ বুৰঞ্জী’’, ৩৩ পৃষ্ঠা; ৰায়বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী’’ ৪২ পৃষ্ঠা।

 (৩) বৰগোহাঞিৰ ঘৈণী নাংবক্ল গাভৰু দিহিঙ্জাগীয়া ৰজাৰ জীয়েক, খোৰা-ৰজাৰ পেহীয়েক। গাভৰুদেৱেৱ এইবুলি পুতেকক কাঢ়ি লৈ গলঃ— মোৰ পোক ভাটী দেশলৈ কেলৈ দিম, নিদিওঁ। কোঁচতে ৰণ হাৰিলি, ৰজানো কি? ডা-ডাঙ্গৰীয়ানো কি? কিহৰ নো বৰগোহাঞি? তহঁতে যে হাৰিলি এই ৰণ কৰি চাওঁ। তহঁতৰ টুপী, চোলা, কুমবিন্, কুনখা মঞি পিন্ধি কোঁচক যুদ্ধ কৰোঁ৷তিৰতা নে পুতাপু এতেকে মোক জানিবি। ” --দেওধাই অসম বুৰঞ্জী“ ৪৪ পৃষ্ঠা৷

 (১) “পাচে কোঁচ ৰজা বোলে 'ভাই চুগাম। পাশা খেলো আহ’’। এইবুলি পাশা খেলিলে। পাচে, চুগাম কোঁৱৰে কুৰি ঢাল পাশা জিকিল। এঢালত ষোৰ-দহ লাগি আছে৷ এনেতে কোঁচ ৰজাই