পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
স্বৰ্গদেৱ চুহুম্মুং বা স্বৰ্গনাৰায়ণ

 কোঁচৰ ১ম আক্ৰমণ বা পিছলাপৰীয় ৰণ: ১৫৪৬ খ্ৰীষ্টাত কোঁচ ৰজা। নৰনাৰায়ণৰ আদেশমতে, বিখ্যাত সেনাপতি যুৱৰাজ চিলাৰায়ে, ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে, ভৈৰবী নৈলৈকে উজাই আহি, আহোম ৰাজ্য আক্ৰমণ কৰে। ইয়াতে চূৰচূৰীয়াকৈ এখন যুদ্ধ হয়, আৰু আহোম সেনা ৰণত ঘাটি পলাই যায়। বাকী আহোম সেনাবিলাক ব্ৰহ্মপুত্ৰ পাৰ হৈ কলিয়াবৰত ৰলগৈ। কোঁচ সেনাপতিয়ে খেদি নি তাতো এখন ৰণ পাতিলেগৈ, আৰু সেই ৰণতো আহোম সেনা ঘাটিল। তাৰ পাচত, আহোম সেনাই ছলা নামেৰে ঠাইত আকৌ ফেৰপাতি ধৰিলেছি। কোঁচ সেনাপতি চিলাৰায়ে সেই ঠাইকো অধিকাৰ কৰি, কেইবাজনো আহোম সেনাপতিক ৰণত পেলালে। ইয়াৰ পাচত, কিছুমান দিন আহোমসকল নিটাল মাৰি থাকিল। আৰু সেই অৱসৰতে কোঁচবিলাকে নতুনকৈ জয় কৰা ৰাজ্য নিজৰ দখললৈ আনি, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, কোঁচ-ৰাজধানী কোঁচবিহাৰৰপৰা নাৰায়ণপুৰলৈকে এটা আলি বন্ধাই লৈ, নাৰায়ণপুৰত কোঁঠ মাৰি থিতাপিত হলহি। সেই আলিয়েই “গোহাঞিকমলা আলি”। এইদৰে কোঁচ সেনা ক্ৰমাৎ আহোম ৰাজ্যৰ ভিতৰলৈ সোমাই অহাত আহোমৰ ওচৰ-ভৱিষ্যত ঘোৰ আন্ধাৰ হৈ পৰিল; সেই কাৰণে, স্বৰ্গদেৱে সৈন্য-সামন্ত গোটাই লৈ, নিজে কোঁচ সেনাক আগভেটি ধৰি, পিছলা নৈৰ পাৰত কোঁঠ মাৰিলেহি। চিলাৰায়ে তাতে গৈ আহোম ৰজাক আক্ৰমণ কৰিলে। কিন্তু, এইবাৰ তেওঁৰ আক্ৰোশ নৰজিল; স্বৰ্গদেৱ চুক্লনফাৰ হাতত চিলাৰায় সম্পূৰ্ণকৈ ঘাটি স্বৰাজ্যলৈ উলটিবলগীয়া হ'ল। সেই একেখন ৰণত জয়লাভ কৰিয়েই চুক্লনফা স্বৰ্গদেৱে আগৰ কেইখন ৰণত হেৰোৱা নিজৰ ৰাজ্য সমূদায় পুনঃ উদ্ধাৰ কৰি ললে। এই ৰণকে “পিছলাপৰীয়া ৰণ” বোলে। *

 ১৫৪৮ খ্ৰীষ্টাব্দৰ ভূমিকম্প:—স্বৰ্গদেৱ চুক্লনফাৰ ৰাজত্বত, ১৫৪৮ খ্ৰীষ্টাব্দত এটা ভয়ঙ্কৰ ভূমিকম্প হৈছিল। তাৰ জোকাৰণিত মাটি ফাটি তলৰ ধাতুগুৰি, গন্ধকাদি আগ্নেয় পদাৰ্থ ওলাইছিল। তাৰ আগেয়ে আৰু পাচে, ১৮৯৭ খ্ৰীষ্টাব্দৰ আগলৈকে, এনে ভূমিকম্প অসমত কেতিয়াও হোৱা নাই।

 চুক্লনফা স্বৰ্গদেৱে গড়গাঁৱ-নগৰ, নগা-আলি, গড়গাঁৱৰ পুখুৰী, কাঁহী-কুচী আৰু চাঙনীমুখৰ মথাউৰি প্ৰভৃতি ভালেমান সৎকৰ্ম্ম সম্পাদন কৰে। তেওঁ ১৫৫২ খ্ৰীষ্টাব্দত স্বৰ্গী হয়।


স্বৰ্গদেৱ চুখামফা বা খোৰা-ৰজা

 স্বৰ্গদেৱ চুক্লনফাৰ পুত্ৰ চুখামফা কোঁৱৰ খ্ৰীঃ ১৫৫২ চনত ৰজা হয়। হাতীৰপৰা পৰি খোৰা হোৱাত, তেওঁক খোৰা-ৰজা নামেৰেও জনা যায়।

 নাহৰঃ- খোৰা-ৰজাৰ সোণাৰি খেলৰ দুগৰাকী লক্ষীমপুৰীয়া কুঁৱৰী আছিল। দুয়ো গৰাকী কুঁৱৰী অপুত্ৰকা হেতুকে সিবিলাকে ৰজাৰ অনুমতি অনুসৰি নিজৰ খেলৰ নাহৰ নামেৰে এজন ডেকাক তোলনীয়া পুত্ৰ কৰি লৈছিল। কালত, নাহৰে কুঁৱৰী

সকলৰ বলত বলী হৈ, ৰাজক্ষমতাৰে সৈতে ভালেমান শকত কাৰ্য্য কৰাই লৈছিল।


  • মিল,— “দেওধাই অসম বুৰঞ্জী’’ ৩৮ পৃষ্ঠা