পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
অসমৰ বুৰঞ্জী

বিৰোধ” লাগি পুতেক চুক্লানফা তিপাম-ৰজাৰ চক্ৰান্তত চুহুম্মুং বৰ্গদেৱৰ অকাল-মৃত্যু ঘটে (১)।


সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা


 অসমত স্বৰ্গদেৱ স্বৰ্গনাৰায়ণৰ দীঘলীয়া ৰাজত্বৰ কালত, সিফালে আৰ্যাত টোগলক, লোডী আৰু পাঠান এই তিনিটা তুকী মুছলমান বংশীয় ৰজাৰ প্ৰতিপত্তি বাঢ়িবলৈ ধৰে। তাৰ ভিতৰত গিয়াচুদিন টোগলক, মহম্মদ টোগলক, ফিৰোজ টোগলক, মোবাৰিক চাহ (পাঠান), আলমচাহ (পাঠান), চেকেন্দৰ লোডী, ইব্ৰাহিম লোডী এই কেইজন প্ৰখ্যাত। এই তিনিটা বংশৰ মাজত ৰাজক্ষমতা লৈ এৰিয়া-অৰি লাগি সিবিলাক ক্ৰমাৎ দুৰ্ব্বল হ’বলৈ ধৰিলে। সেই ছেগতে, তাইমুৰ নামেৰে এজন মোগলবংশীয় দিগ্বিজয়ীয়ে তাতাৰ দেশৰ পৰা আহি হিন্দুকুশ পৰ্ব্বত পাৰ হৈ দিল্লী নগৰ দখল কৰেহি। তেওঁ ভাৰতবৰ্ষত সৰহ দিন নাথাকিল; তেওঁৰ বংশধৰ আবু চৈয়দ নামেৰে এজনক দিল্লীত ৰজা পাতি থৈ, তেওঁ বিস্তৰ ধন-সম্পত্তি লৈ আকৌ স্বদেশলৈ গুচি গ'ল। পিছে, বাবৰ নামেৰে আবু চৈয়দৰ পৰিনাতি ১৪৯৪ খ্ৰীষ্টাব্দত দিল্লীৰ ৰাজপাটত উঠে; স্বৰূপত, এৱেই দিল্লীত মোগলবংশীয় প্ৰথম ৰজা। আৰ্য্যৱৰ্তত টোগলক আৰু পাঠান বংশী ৰজাৰ মাজত ৰাজ্য লৈ ৰণ-বিগ্ৰহ চলি থকাৰ ছেগতে, সিফালে দাক্ষিণাত্যত বাহমনি আৰু বিজয়নগৰ এই দুখন হিন্দুৰাজ্য পুনঃ স্বাধীন হৈ উঠে।


স্বৰ্গদেৱ চুক্লন্ফা বা গড়গঞা ৰজা


 ১৫৩৯ খ্ৰীষ্টাব্দত চুহুম্মুং স্বৰ্গদেৱৰ পুত্ৰ তিপামৰ ৰজা চুক্লনফা আহোম ৰাজপাটত বহে। ১৫৪০ খ্ৰীষ্টাব্দত তেওঁ “গড়গাওঁ নগৰ” স্থাপন কৰি, তাত শিঙৰিঘৰ সজাই, আহোম প্ৰথা অনুসৰি ৰজা হয়। সেই আলমতে তেওঁক “গড়গঞা ৰজা” নামেৰেও জনা যায়। তেওঁৰ ৰাজত্বৰ কালত আইথেক্ বুঢ়াগোহাঞি, তন্খাম বৰগোহাঞি আৰু কনচেং ডাঙ্গৰীয়াৰ পুতেক কনজাং বৰপাত্ৰগোহাঞি এই তিনিজনা ডাঙ্গৰীয়া হয়।


লোকৰ মুখে সোধালে, বোলে, কোন ৰজাৰ দূত আহিছে বা কি নিমিত্তে** পাচে চেতিয়া বোলে স্বৰ্গমহাৰাজাৰ সাত মাসৰ পথত নগৰ, তাতে থাকি পাচিছে।** কিন্তু আমাৰ স্বৰ্গমহাৰাজাৰো কন্যাৰ অৰ্থেহে বচন বুলি আহিছে। পাচে গৌৰেস্বৰে হাসি বোলে, কন্যা হলে য’তে ত’তে দিবকহে লাগে। বিশেষতঃ সৌৰমাৰেস্বৰ মহাৰাজক যদি মঞি জোঞাই পাঞ, তেৰে আতপৰে ডাঙ্গৰ কি আছে? এই বুলি মহাপাত্ৰক আজ্ঞা কৰিলে। মহাপাত্ৰয়ো অনেক বস্তু সম্ভাৰ, হস্তি-ঘোঁৰা, ভাল মানুহ লগত যৌতুক দি ৰাজাৰ জীয়েকক আনি স্বৰ্গমহাৰাজাৰ থাই জোগালে নি। কন্যাৰ নাম ৰজনীকুমাৰী। কন্যাৰ লগত যৌতুক দিলে সেৰপুৰ, পাতিলাদহা, এৰাৰেসেন্দুৰ কামৰূপ বাহিৰবন্ধ এই পাঞ্চথান দিলে। বিশেষতঃ স্বৰ্গমহাৰাজাৰো ৰাজ্যত ইচ্ছা নায়; কৰতেস্বৰৰ মিত্ৰৰ কাৰণেহে সহায় হৈ গৈছিল সেই কৰতেস্বৰে দিলে কন্যা। গোহাঞি কৰতোয়া ৰজাৰ কোখত দৌল পুখুৰী খনালে” - “পুৰণি আহোম বুৰঞ্জী।”
 (১) “চুক্লনফা তিপাৰ ৰজাই বাতৰাল নামেৰে কছাৰী লোহতীয়াক স্ত্ৰী বেশ পঠাই দি, বাপেক ৰজাদেৱক দুপৰ-ৰাতি ছুৰিৰে খুঁচি মাৰিলে” - “দেওধাই অসম বুৰঞ্জী”, ৩০ পৃষ্ঠা