পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমৰ বুৰঞ্জী

তেওঁ উটি-উটি হাবুং পালেগৈ। তাতে এমন হাবুঙ্গীয়া বামুণে কুঁৱৰীক তুলি নি মাহচাৰেক প্ৰতিপাল কৰাৰ পাচত, তেওঁৰ ঘৰতে এটি সুলক্ষণীয়া পুত্ৰ প্ৰসৱ কৰি প্ৰসূতা-ৰোগত কুঁৱৰী স্বৰ্গী হয়। সেই পুত্ৰটিয়েই কালত “বামুণী-কোঁৱৰ নামেৰে জনাজাত হয়, আৰু সেই বিষয়ে পাচত বহলাই কোৱা হৈছে। স্বৰ্গদেৱে যুদ্ধত জয়ী হৈ আহি, সৰুকুঁৱৰীক বধ কৰা দুৰ্ঘটনাৰ কথা শুনি মৰ্ম্মান্তিক বেজাৰ পালে। ত্যাওখাম্‌খি স্বৰ্গদেৱৰ দিনত চাওফ্ৰংডাম মৰাণ বুঢ়াগোহাঞি আৰু তাফ্ৰিখিন্‌ বৰগোহাঞি দুয়োজন ডাঙ্গৰীয়াৰ মৃত্যু হোৱাত, সিবিলাকৰ পুত্ৰ ক্ৰমে চাওথাইখুম্‌ আৰু ত্যাতান্‌বিদ বুঢ়াগোহাঞি ডাঙ্গৰীয়া আৰু বৰগোহাঞি ডাঙ্গৰীয়া হয়। এইজনা স্বৰ্গদেৱ মন্ত্ৰী আৰু আন আন বিষয়াসকলৰ অপ্ৰিয় হোৱাত, খ্ৰী: ১৩৮৯ চনত, তেওঁক মন্ত্ৰীসকলে চক্ৰান্ত কৰি বধ কৰায়।

২য়, বিষয়াতন্ত্ৰ-শাসন

 স্বৰ্গদেৱ ত্যাওখাম্‌খি দেখাত অপুত্ৰক হৈ স্বৰ্গী হোৱাত, তেওঁৰ ভায়েক চাওপুলাই কোঁৱৰ ৰাজপাটত উঠিব লাগিছিল। কিন্তু, ইয়াৰ আগেয়ে তেওঁৰ ককায়েক দুজনাই ময়ী আৰু বিষয়াসকলৰ ইচ্ছবিৰোধী কাৰ্য্য কৰি ৰাজ্যত অন্যায়-উপদ্ৰৱ আদি কৰাত, মন্ত্ৰীসকলে এওঁকো বিশ্বাস কৰিব নোৱাৰি ৰজা পাতিবলৈ অস্বীকাৰ কৰিলে। তাৰ পাচত, মন্ত্ৰী আৰু বিষয়াসকলে ৰজা পাতিবৰ নিমিত্তে তলে-তলে আন এজন মনে বছা কোঁৱৰ বিচাৰোঁতেই, খ্ৰী: ১৩৮৯ চনৰপৰা ১৩৯৮ চনলৈকে, ৯ বছৰকাল আহোম ৰাজ্য দ্বিতীয়বাৰ বিষয়াতন্ত্ৰ-শাসনত চলিবলগীয়া হয়।

স্বৰ্গদেৱ চুডাংফা বা বামুণী-কোঁৱৰ

 ডাঙ্গৰীয়া বিষয়াসকলে ভাল উপযুক্ত কোঁৱৰ পাবলৈ পালি-বিচাৰি থাকোতেই ৯ বছৰকাল পাৰ হৈ গ'ল। পিচে, ১৩১৮ শঁকত থাউখুন্‌চোং বুলিবৰ আহোম ডেকা এটাই লুইতৰ সিপাৰে গৰু কিনিবলৈ গৈ চুডাং কোঁৱৰক দেখি আহি ডাঙ্গৰীয়া সকলত জনালে *। ডাঙ্গৰীয়াসকলে সবিশেষ সম্ভেদ্‌ লৈ তেওঁক অতি আদৰেৰে নগৰলৈ নাই, খ্ৰী: ১৩৯৮ চনত পিতৃসিংহাসনত তুলি ৰজা পাতে। এইজনা কোঁৱৰ বুজন হৈ নুঠালৈকে তেওঁৰ পালক ব্ৰাহ্মণৰ ঘৰকে তেওঁ নিজৰ পৰিয়াল বুলি ভাবিছিল। সেই কাৰণে, ৰজা পাতিবলৈ অনাওঁতে অকলে আহিবলৈ তেওঁ অমান্তি হোৱাত, তেওঁৰ লগতে সেই বামুণৰ ঘৰোৱাহকে তুলি অনা হয়। সেই আপাহতে, বামুণৰ ঘৰত প্ৰতিপালিত হোৱাৰ কাৰণে, তেওঁ আৰু পালক ব্ৰাহ্মণৰ লৰাহঁত পাচলৈ "বামুণী-কোঁৱৰ" নামেৰে জনাজাত হয়। আহোমৰ ৰাজ্যত বামুণৰ প্ৰতিপত্তিৰ এয়ে সূত্ৰপাত।


 *"দেওধাই অসম বুৰঞ্জী", ১০ পৃষ্ঠা