পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আহােম ৰজাৰ ৰাজত্ব

সিন্ধু নদ পাৰ হৈ আহি পঞ্জাব জয় কৰে। স্বৰ্গদেৱ চুকাফাৰ সৌমাৰৰ শাসন-কালত, দিল্লীত দাসবংশী আণ্টমাচ, ৰকামুদ্দিন, ৰেজিয়া, ব্ৰেহাম, আলাউদ্দিন, নাজিৰুদ্দিন, বুল্‌বন এই কেইজন মুছলমান শাসনকৰ্ত্তাই ৰাজ্য ভোগ কৰিছিল। খ্ৰীঃ ১২৭০ চনৰপৰা ১৩৮০ চনলৈকে পাঁচজন স্বৰ্গদেৱৰ আমোলত উজনিৰপৰা নামনিৰ ফালে আহোম ৰাজ্য ক্ৰমাৎ বিস্তাৰ হোৱাৰ সময়ত, সিফালে আৰ্য্যাৱৰ্ত্তত সঘনে মোগল আক্ৰমণ হবলৈ ধৰে। তেতিয়া দিল্লী ৰাজধানীত খিলিজী বংশৰ জেলাউদ্দিন আৰু আলাউদ্দিন বৰ পৰাক্ৰমী ৰজা আছিল। আলাউদ্দিনে ৰাজপুতনা জয় কৰি উঠি, চিতোৰ ৰাজ্যৰ অধিপতি ভীমসিংহক আক্ৰমণ কৰে। সেই আপাহতে, ভীমসিংহৰ কুঁৱৰী পদ্মিনী ৰাণী প্ৰমুখ্যে ভালেমান ৰাজপুত ৰমণীয়ে জলন্ত চিতাত পৰি তনুত্যাগ কৰে। সেই সময়তে দাক্ষিণাত্যতো মুছলমানৰ আধিপত্য বিস্তাৰ হবলৈ ধৰে, আৰু আলাউদ্দিনৰ সেনাপতি কাফুৰে কৰ্ণাট, মালোৱা, দেবগিৰি এইবোৰ ৰাজ্য জয় কৰি মুছলমানৰ দখললৈ আনে।

১ম, বিষয়াতন্ত্ৰ-শাসন

 চুতুফা স্বৰ্গদেৱে চুটিয়া ৰাজ্য আক্ৰমণ আৰু মন্ত্ৰীসকলৰ ইচ্ছা-বিৰোধী আন ভালেমান কাৰ্য কৰি ৰাজ্যত অন্যায়-উপদ্ৰৱ কৰাৰ কাৰণে, মন্ত্ৰী আৰু বিষয়াসকল তেওঁৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল। সেইবাবে ৰাজকোঁৱৰসকলৰ ক্ষমতাত আশঙ্কা মানি, মন্ত্ৰীসকলে চুতুফা স্বৰ্গদেৱৰ পাচত, খ্ৰীঃ ১৩৭৫ চনৰপৰা ১৩৮০ চনলৈকে, ৰজা নপতাকৈয়ে ৰাজ্য শাসন কৰিবলৈ মনস্থ কৰিছিল। সেই পাঁচ বছৰ ৰজাৰ ডঁৰি নথকাত, শাসনৰ বান্ধ চিলা হৈ, ৰাজ্যত বহু উৎপাত-অশান্তি হৈছিল।

স্বৰ্গদেৱ ত্যাওখাম্‌থি

 ওপৰত কোৱা পাঁচ বছৰকাল বিষয়-তন্ত্ৰ শাসনৰ পাচত, মন্ত্ৰী আৰু আন-আন বিষয়া সকলোৱে মিল হৈ, চুংখাফা স্বৰ্গদেৱৰ সৰু-মাজিউ পুতেক ত্যাওখাম্‌থি কোঁৱৰক, খ্ৰীঃ ১৩৮0 চনত, ককায়েকৰ সিংহাসনত তুলি ৰজা পাতি লয়। পিছে, তেওঁ সিংহাসনত উঠাৰ বছৰ চাৰেকৰ পাচত, মন্ত্ৰী আৰু বিষয়াসকলৰ অসন্মতি থকাতো, ভ্ৰাতৃ-বৈৰী চুটিয়া ৰজাক প্ৰতিশোধ দিবৰ মনেৰে, তেওঁৰ ৰাজ্য আক্ৰমণ কৰেগৈ। স্বৰ্গদেৱে সেই আক্ৰমণলৈ যাওঁতে, নিজৰ ৰাজ্যৰ শাসনভাৰ তেওঁৰ বৰকুঁৱৰীৰ হাতত দি যায়। সেই সময়ত তেওঁৰ সৰুকুঁৱৰী সগৰ্ভা আছিল। বৰকুঁৱৰী নিজে অপুত্ৰকা হোৱাৰ কাৰণে, সৰুকুঁৱৰীক পেটে-পেটে তেওঁ হিংসা কৰিছিল। পাচলৈ সতিনীৰ ল'ৰা ৰজা হ’ব, সেই হিংসাত, ৰজাৰ অনুপস্থিতিৰ ছেগ লৈ, সৰুকুঁৱৰীক মিছাকৈয়ে কোনো এটা ডাঙৰ অপৰাধত পেলাই বৰকুঁৱৰীয়ে তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা দিয়ে। পিছে, বধিবলৈ নিবৰ সময়ত সগৰ্ভা দেখি, বুঢ়া গোহাঞি ডাঙ্গৰীয়াই গোপনে ভুৰত তুলি সৰুকুঁৱৰীক দিহিঙ্গত উটাই দিলে।