পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
আহোম ৰজাৰ ৰাজত্ব

 নৰা-যুদ্ধ:- চুডাংফা কোঁৱৰক ৰজা নৌপাতোঁতেই সিফালে চাওপুলাই কোঁৱৰ ৰাজ্যলাভৰ আশাত নিৰাশ হৈ, নৰা-ৰজাৰ ওচৰত সহায়প্ৰাৰ্থী হলগৈ। নৰা-ৰজা আৰু আহোম-ৰজা পূৰ্ব্বৰ একে বঙহৰ দুই ৰাজবংশধৰ। পিচে, নৰা-ৰজাক চাওপুলাই কোঁৱৰে এইদৰে বুজাই কলেগৈ যে মন্ত্ৰীসকলে কু-মন্ত্ৰণা কৰি, সৌমাৰত আহোম বংশৰ ৰজা লোপ কৰি, বামুণীয়া ৰজা পাতিবলৈ আয়োজন কৰিছে। নৰা-ৰজা চুকণ্‌ফাই সেই কথাত বিষম পাই, তেওঁৰ চিন্‌পৌ নামেৰে বৰগোহাঞি-ডাঙৰীয়াক, এজাক তেজী সৈন্য লগত দি, আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ায়। নৰা-ৰজাৰ আগন্তুক আক্ৰমণৰ বাতৰি পাই, ইফালৰপৰা চুতাংফা স্বৰ্গদেৱৰ ত্যাতান্‌বিঙ্গ বৰগোহাঞি-ডাঙ্গৰীয়ায়ো সৈন্য-সামন্ত লৈ আগবাঢ়ি গৈ, তিপামৰ কুঁহিয়াৰবাৰীৰ ওচৰতে নৰা-ৰজাৰ ফলীয়া মানুহৰে সৈতে ভেটা-ভেটি হলগৈ। তাৰ পাচে, চিন্‌পৌ বৰগোহাঞিয়ে আহোম ৰজাৰ ফালৰ মানুহৰ মুখে চুডাংফা স্বৰ্গদেৱৰ সম্বন্ধে সকলো বৃত্তান্ত শুনিলে। শুনি, আহোম ৰাজপাটত আহোম ৰাজবংশৰ ৰজা বিদ্যমান থকা জানি, তেওঁ যুদ্ধ দিবলৈ অমান্তি হ’ল। গতিকে, খ্ৰীঃ ১৪০১ চনত, দুয়োজনা বৰগোহাঞি ডাঙ্গৰীয়াই পাট্‌কাই পৰ্ব্বতকে দুই ৰাজ্যৰ মাজ-সীমা পাতি, ভৱিষ্যতে কোনো পক্ষই সেই সীমা পাৰ নহবলৈ অঙ্গীকাৰ কৰিলে। আৰু, সেই সন্ধিৰ চিন্‌স্বৰূপে দুয়োজনা বৰগোহাঞিৰ দুটা শিলৰ প্ৰতিমূৰ্ত্তি কটাই তাতে স্থাপন কৰা হয়। ইয়াৰ পাচত, চাওপুলাই কমতেশ্বৰ ৰজাৰ ওচৰত সহায় প্ৰাৰ্থী হ’লগৈ। কিন্তু, কমতেশ্বৰৰ জীয়ৰী আহোম ৰজাৰ ৰাজনী কুঁৱৰীৰ কৌশলত, কমতেশ্বৰে স্বৰ্গদেৱ চুডাংফালৈ নিজৰ বংশৰ ভাজনী নামেৰে কুমাৰীক বিয়া দি, বৈবাহিক সুত্ৰেৰে পূৰ্ব্বৰ মিত্ৰতা দৃঢ়তৰ হে কৰিলে। * চুডাংফা স্বৰ্গদেৱে চৰগুৱাত নগৰ পাতি, পোন্-প্ৰথমে শিঙৰিঘৰ উঠি, আহোম বিধিমতে ৰাজপাট গ্ৰহণ কৰে। তেওঁ মুঠতে ৯ বছৰকাল ৰাজত্ব কৰাৰ পাচত, নিজে পতা চৰগুৱা নগৰত, খ্ৰীঃ ১৪০৭ চনত স্বৰ্গী হয়।

স্বৰ্গদেৱ চুজাংফা

 স্বৰ্গদেৱ চুডাংফা বা বামুণী-কোঁৱৰ স্বৰ্গী হোৱাত, তেওঁৰ পুতেক চুজাংফা কোঁৱৰ ৰজা হয়। তেওঁ খ্ৰীঃ ১৪০৭ চনৰপৰা ১৪২২ চনলৈকে, ১৫ বছৰ ৰাজত্ব কৰি স্বৰ্গী হয়। তেওঁৰ ৰাজত্বৰ কালত লেখত লবলগীয়া কোনো ডাঙৰ ঘটনা হোৱা নাছিল। চুজাংফা স্বৰ্গদেৱৰ দিনত ত্যাতান্‌বিঙ্গৰ লোকান্তৰ হোৱাত, তেওঁৰ পুতেক নাংচুখাম্ বৰগোহাঞি ডাঙ্গৰীয়া হয়।

স্বৰ্গদেৱ চুকক্‌ফা

 চুজাংফা স্বৰ্গদেৱৰ পাচত, তেওঁৰ পুতেক চুকক্‌ফা কোঁৱৰ খ্ৰীঃ ১৪২২ চনত ৰজা হয়। তেওঁৰ দিনত খেন্‌লুং আৰু নাওনিম্ ক্ৰমে বুঢ়াগোহাঞি-ডাঙ্গৰীয়া আৰু


 *মিল:-প্ৰফেচাৰ ৰায়বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী,” ১১ পৃষ্ঠা।