পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
অসমৰ বুৰঞ্জী
 
স্বৰ্গদেৱ চুখ্ৰাংফা

 স্বৰ্গদেৱ চুখ্ৰাংফা স্বৰ্গী হোৱাৰ পাচত, তেওঁৰ বৰপুত্ৰ চুখ্ৰাংফা স্বৰ্গদেৱে খ্ৰীঃ ১৩৩২ চনৰপৰা ১৩৬৪ চনলৈকে ৩২ বছৰ সুখ্যাতিৰে ৰাজত্ব কৰে। তেওঁৰ ৰাজত্বতে, আগৰেপৰা ভালেমান দিন শূন্য হৈ থকা বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ আসন আকৌ পূৰ্ণ কৰা হয়। নিৰুদ্দেশ ডাঙ্গৰীয়াৰ মৰাণ-জীয়ৰী ভাৰ্য্যাৰ গৰ্ভজাত বৰপুত্ৰ থাবুক গোহাঞিদেৱ অজ্ঞাতভাৱে যেতিয়া কাঁডীৰ লেখত পৰি খৰি-যোগনিয়াৰ হয়, তেতিয়া মাকৰ উপদেশ মতে, তেওঁ কানমাৰিডাল ৰজাঘৰত এৰি নাহি সদায় অনা-নিয়া কৰা বাবে সন্দেহৰ ওপৰত সেই কানমাৰি ফলাই চোৱাত, তাৰ ভিতৰৰপৰা থাওৰুক বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ হেঙ্গাদানখন ওলাই পৰিল। মৰাণ-ডেকা থাবুকে তাৰ তথ্য কব নোৱাৰাত, তেওঁৰ মাক মৰাণ-জীয়ৰী ডাবুকা গোহাঞিনীক যথা সম্মানেৰে ৰজাৰ বৰচৰালৈ অনাই সোধাত, থাওৰুক বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ সঠিক সম্ভেদ পোৱা গ’ল (১)। তাৰ পাচত ডাঙ্গৰীয়াৰ বৰপুত্ৰ থাবুক গোহাঞিদেৱক চাওফ্ৰংডাম নাম দি বুঢ়াগোহাঞি-ডাঙ্গৰীয়াৰ বিষয়-বাব দিয়া হ’ল; আৰু দ্বিতীয় পুত্ৰ বকুল গোহাঞিদেৱক কুনকাই নামেৰে পিতৃৰ প্ৰতিনিধিত্ব বিষয়-বাব দি, মৰাণ-ৰাজ্যত মৰাণ-গোহাঞি-বৰুৱা পতা হ’ল (২)। চুখ্ৰাংফা স্বৰ্গদেৱৰ ৰাজত্বৰ আগছোৱাত ভায়েক চাওপুলায়ে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আচৰিছিল; আৰু শেহত ধৰা পৰি, তেওঁ মোমায়েক কমতাপুৰৰ ৰজাৰ আশ্ৰয় ললেগৈ। সেই বিদ্ৰোহৰ ষড়যন্ত্ৰত যোগ থকাৰ সম্ভেদ্ পাই স্বৰ্গদেৱে চাওবিন বৰগোহাঞিক বধ কৰাই তেওঁৰে পুতেক তাফ্ৰিখিনক বৰগোহাঞি ডাঙ্গৰীয়া পাতিলে। সদৌশেহত, মিত্ৰৰজা কমতেশ্বৰৰে সৈতে যুগুতি কৰি, চাওপুলাই কোঁৱৰক নিজ ৰাজ্যলৈ অনাই, স্বৰ্গদেৱে তেওঁক চাৰিঙ্গীয়া ৰজা পাতিলে।

স্বৰ্গদেৱ চুতুফা

 চুখাংকা স্বৰ্গদেৱ অপুত্ৰক আছিল। গতিকে, তেওঁ স্বৰ্গী হোৱাৰ পাচত, ভায়েক চুতুফা কোঁৱৰে ৰাজপাট পায়। তেওঁ নিজৰ ৰাজ্য বঢ়াবৰ অভিপ্ৰায়ে চুটিয়া ৰজাৰ ৰাজ্য অযাচিতে আক্ৰমণ কৰিছিলগৈ; পিচে সেই কাৰ্য্যত মন্ত্ৰী-ডাঙ্গৰীয়াসকলৰ সহযোগ নথকাত তেওঁ কৃতকাৰ্য্য হ'ব নোৱাৰিলে। শেহান্তৰত, তেওঁ চুটিয়া ৰজাৰে সৈতে 'সাজি-সখি' বন্ধাই মিত্ৰতা কৰিবলৈ বাধ্য হয়; আৰু সদৌশেহত, সেই চুটিয়া ৰজাৰে স্বৰ্গদেৱক চফ্ৰাই নৈত চৰানাও খেলাবলৈ নি, খ্ৰীঃ ১৩৭৬ চনত ছলকৈ বধ কৰে।

সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা

 আহোম স্বৰ্গদেৱ চুকাফা মহাৰজাই ১২২৯ খ্ৰীষ্টাব্দত সৌমাৰপীঠ দখল কৰাৰ লগে লগে, সিফালে ১২২৮ খ্ৰীঃ চনৰ শেহভাগত জেঙ্গিচ্ খাঁ নামে এজন মোগল দিগ্বিজয়ীয়ে


 (১) মিলঃ- “দেওধাই অসম বুৰঞ্জী”ৰ অন্তৰ্গত বাঁহগৰীয়া বুঢ়াগোহাঞিৰ বুৰঞ্জী”, ৯২-৯৬-৯৭ পৃষ্ঠা।
 (২) “মৰাণ-বুঢ়াগোহাঞি আৰু মৰাণ-গোহাঞি বৰুৱা বংশাৱলী”।