সমললৈ যাওক

পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
আহোম ৰজাৰ ৰাজত্ব
 
স্বৰ্গদেৱ চুতেউফা

 চুকাফা স্বৰ্গদেৱৰ তিনিজনা পুত্ৰ থাকিল। সিবিলাকৰ ভিতৰত বৰপুত্ৰ চুতেউফা কোঁৱৰে খ্ৰীষ্টাব্দ ১২৬৮ চনত ৰজা হৈ, ১৩ বছৰ ৰাজত্ব কৰে। তেওঁৰ দিনত আগৰ থাওমূংক্লিংলুনমুং বুঢ়াগোহাঞি ডাঙ্গৰীয়া আৰু থামুংকানন বৰগোহাঞি ডাঙ্গৰীয়াৰ মৃত্যু হোৱাত, সিবিলাকৰ পুত্ৰ ক্ৰমে থাওকক আৰু চাওবিনৰ পিতৃৰ বিষয়-বাব দি নতুনকৈ ডাঙ্গৰীয়া পতা হয়। এই ৰাজত্বতে কহাৰীৰিলাকে দিখৌ নৈৰ পূবৰ সমুদায় ৰজাক আহোম ৰজাক এৰি দিয়ে।

স্বৰ্গদেৱ চুবিন্‌‌ফা

 চুতেউফা স্বৰ্গদেৱৰ পাচত, তেওঁৰ বৰপুৰ চুবিনফা কোঁৱৰ খ্ৰীষ্টাব্দ ১২৮১ চনত ৰজা হয়। তেওঁ ১১ বছৰ মাখোন ৰাজত্ব কৰে। এই ৰাজত্বত খাওকক বুঢ়া-গোহাঞি ডাঙ্গৰীয়াই ৰাজ্যৰ চাৰিওফালে ৰাজকীয় শাসন-তন্ত্ৰ প্ৰৱৰ্ত্তাই ফুৰিছিল। সদৌশেহত, তেওঁ সেই কালৰ প্ৰতাপী আদিবাসী বৰাহী আৰু মৰাণৰ ৰাজ্যত বাহৰ পাতি ৰয়গৈ। তাতে বৰাহী-মৰাণৰ ৰজা থামিথুমাৰ ভাবুকা নামেৰে ৰূপৱতী জীয়ৰী এগৰাকীৰ প্ৰেমত পৰি, তেওঁক ডাঙ্গৰীয়াই তাতে বিয়া কৰাই ভাৰ্য্যাৰুপে গ্ৰহণ কৰে। তাৰ পাচত, সাত বছৰমান মৰাণ-ৰাজ্যত শাসন-সংক্ৰান্ত ৰীতি-নীতি প্ৰৱৰ্ত্তাই থাকোঁতেই, থাবুক আৰু বকুল নামেৰে দুটি পুত্ৰ সন্তানেৰে সৈতে সেই ভাৰ্য্যাৰ তাতে এৰি, থাওকক বুঢ়াগোহাঞি ডাঙ্গৰীয়া স্বৰ্গী হয়। (১) মৰণৰ আগতে ডাঙ্গৰীয়াই বিষয়-বাৰৰ নিদৰ্শনস্বৰূপে নিজৰ হেঙ্গদানখন এডাল কানমাৰিৰ জোখাৰে দলৌবাঁহ এডোখৰৰ গাঁঠি ফুটাই তাৰ ভিতৰত সুমুৱাই তাক ওপৰচাদত তোলাই থৈছিল। সময়ত যেতিয়া তেওঁৰ তেওঁৰ প্ৰথম পুত্ৰটি কাঁড়ীৰ লেখত পৰি ৰজাঘৰত খৰি যোগনিয়াৰ হ’ব, তেতিয়া সেই কানমাৰিৰে সৈতে খৰি যোগাই, কানমাৰিভাল সদায় ঘৰলৈ ঘূৰাই অনাবলৈ ডাঙ্গৰীয়াই সেই ভাৰ্য্যাক উপদেশ দি থয়। কালত সেইমতে কাৰ্য্য কৰা হয়।

স্বৰ্গদেৱ চুখাংফা

 চুবিন্‌‌ফা স্বৰ্গদেৱ স্বৰ্গী হোৱাত, তেওঁৰ বৰপুত্ৰ চুখাংখা কোঁৱৰ ১২৯৩ চনত পিতৃসিংহাসনত বহে। এই জনা স্বৰ্গদেৱে কমতাপুৰৰ বিখ্যাত নীলধ্বজ ৰজাক য়ুদ্ধত ঘটাই, সন্ধিৰ সূত্ৰৰূপে ৰাজনী নামেৰে জীয়েকক বিয়া কৰাই, খেনবংশী ৰজাৰে সৈতে বৈবাহিক বান্ধোনৰ মিতিৰ পাতিছিল। তাত বাজেও, ভালেমান দেশহিতকৰ সৎকাৰ্য্যৰ বাবে তেওঁৰ ৰাজত্ব প্ৰখ্যাত আছিল। ৩৯ বছৰীয়া সুদীৰ্ঘকাল সুখ্যাতিৰে ৰাজত্ব কৰাৰ পাচত, চুখাংফা, চুতুফা, ত্যাওখামথি আৰু চাওপুলাই নামেৰে চাৰিজন কোঁৱৰ ৰাখি, খ্ৰীঃ ১৩০২ চনত চুখাংফা স্বৰ্গদেৱ স্বৰ্গী হয়।


 (১) "দেওধাই অসম বুৰঞ্জী"ৰ অন্তৰ্গত "বাঁহগৰীয়া বুঢ়াগোহাঞিৰ বুৰঞ্জী", ৯৬-৯৭ পৃষ্ঠা