পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২১
বাৰভূঞা

বশ্যতা স্বীকাৰ কৰি, পাচলৈ আৰু কোনাে উৎপাত নঘটাবলৈ অঙ্গীকাৰ কৰাত, সিবিলাকক মুক্তি দিয়া হয়। তাৰ পাচত, বাৰ-ভূঞাই, আহােম বজাৰ ফলীয়া হৈ, আকৌ দিগ্বিজয় কৰিবলৈ ধৰিলে। সেই আলমতে সিবিলাকে কমতাপুৰৰ ৰজাক এৰাৰ আক্রমণ কৰি যুদ্ধত ঘটাই আহােম ৰজাৰ অধীন কৰিছিল। তাৰে পাচত, বাৰ-ভূঞাই, আহােম ৰজাৰ অনুমতি অনুসৰি, চুটিয়া ৰজাক আক্রমণ কৰেগৈ। আৰু, চুটিয়া সেনাপতি কুমাৰ ধীৰনাৰায়ণৰে সৈতে সাত দিন যুদ্ধ পাতি তেওঁক পৰাস্ত কৰি, বাৰ-ভূঞা আকৌ প্রখ্যাত হৈ উঠে। কিন্তু, তেতিয়াও সিবিলাক আহােম ৰজাৰ অধীনে হে চলিছিল।

 ইফালে বৰ-বাৰভূঞাবিলাকো লক্ষীমপুৰত প্ৰতাপী হৈ উঠিছিল। কিন্তু, ইবিলাকৰ প্রতাপ সৰু-বাৰভূঞাৰ সমান প্ৰৱল হােৱা নাছিল। গতিকে, চুটিয়া ৰজাই ঘনে ঘনে আক্রমণ কৰি সিবিলাকৰ পিট্ মৰাত ক্ৰমে দুৰ্ব্বল হৈ সিবিলাক দক্ষিণপাৰলৈ উঠি গৈ সৰু-বাৰভূঞাৰ লগত মিল হ’ল। এই দৰেই দক্ষিণপাৰে, এতিয়াৰ নগাওঁ অঞ্চলত, দুয়ো ফৈদ মিহলি হােৱাত, পিচলৈ সিবিলাকৰ ভিতৰত সৰু-বৰৰ চিন্ হেৰাই আহিল। সদৌশেহত, পুৰণি তথ্যজ্ঞ লোকসকলে মাথােন সিবিলাকৰ বৈষ্ণৱী দলক “সৰু-ভূঞা-পােৱালি” আৰু শাক্ত দলক “বৰ-ভূঞা-পােৱালি" বুলি নিৰ্দ্দেশ কৰিব পৰা হ'ল। বর্তমান “ভূঞা-পােৱালি"ৰ নাম নুমাইছে। “ফটা হওক, ছিটা হওক, পাটৰ টঙ্গালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পােৱালি” এই প্রচলিত বচন ফাকিত মাখােন “ভূঞা- পােৱালি”ৰ চিন্ ৰৈছেগৈ।

আধ্যা-৬
খেনবংশী ৰজাৰ ৰাজত্ব

 নীলধ্বজ -পালবংশী ৰজাৰ ৰাজত্ব অন্ত পৰাৰ পাচত, বছৰদিয়কলৈ কামৰূপ ৰাজ্য অৰাজক হয়। তাৰ পাচত, ত্ৰয়োদশ খ্ৰীষ্টাব্দৰ আৰম্ভণত খেনবংশীয় কান্তনাথ নামেৰে এজন ডেকাৰ ভাগ্যলক্ষ্মী প্ৰসন্ন হােৱাত, তেওঁ কামৰূপৰ অধীশ্বৰ হয়। কান্তনাথৰ পিতাকৰ নাম ভক্তেশ্বৰ আৰু মাকৰ নাম অদনা। ইবিলাক মেচ জাতীয় এটি নিচেই টোকোনা পৰিয়াল আছিল। কান্তনাথৰ বয়স কথমপি দহবছৰ পাৰ হওঁতেই তেওঁৰ পিতাক ঢুকায়। তাৰ পাচত, সিবিলাকৰ অৱস্থা অতিকৈ হীন হৈ পৰে। শেহান্তৰত, বিধবা অদনাই মাউৰা পুতেক কান্তনাথক এজন বামুণৰ ঘৰত গৰখীয়া থৈ জীৱিকা উলিয়াব লগাত পৰে।

 পিচে,এদিন গৰু চৰাওঁতে ভাগৰ লগাত, মুকলি পথাৰৰ মাটিতে পৰি কান্তনাত টোপনি গ'ল। দুপৰীয়া ভােজনৰ পৰ উকলি গ'ল, তথাপি গৰখীয়া ঘৰলৈ যােৱা নাই। পিছে, গৰাকী বামুণে বিচাৰি গৈ দেখে যে, টোপনিত লালকাল্ দি পৰি থকা গৰখীয়াৰ মুখত আৰু চকুত ৰ'দ নপৰাকৈ, মূৰৰ ফালৰপৰা এটা ফেঁটী সাপে ফেঁট্ তুলি আৰ কৰি ধৰি ৰখি আছে, আৰু ল'ৰাৰ ভৰিৰ তলুৱাত ৰাজলক্ষণ নিলগতে জিলিকিব লাগিছে।