পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অসমৰ বুৰঞ্জী


বামুণে দেখি স্তম্ভিত হৈ, অনতিপলমে গৰখীয়াক অতি আদৰেৰে ঘৰলৈ আনি, তেওঁত সকলো কথা ভাঙি কলেহি। সময়ত গৰখীয়াই সেই বামুণৰ উদগনিত উৎসাহিত হৈ, তেওঁৰ পৰামৰ্শ মতে, ৰাজ্য লাভ কৰিবৰ অৰ্থে নানাৰূপে পুৰুষাৰ্থ কৰিবলৈ ধৰিলে। সেই সময়তে ওপৰত কৈ অহা পালবংশী ৰজাৰ ঘাই মন্ত্ৰী সমুদ্ৰৰ মৃত্যু হোৱাত, কামৰূপ ৰাজ্য বছৰদিয়েকলৈ অৰাজক হৈ পৰে। এনে ছেগতে কান্তনাথৰ মনোৰথ পূৰ্ণ হয়। কান্তনাথে ১২০১ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা হৈ নীলধ্বজ নাম গ্ৰহণ কৰে, আৰু পূৰ্ব্বৰ প্ৰতিশ্ৰুতি মতে তেওঁৰ পালক ব্ৰাহ্মণক নিজৰ প্ৰধান মন্ত্ৰী পাতি লয়। ৰজা হৈয়েই নীলধ্বজে প্ৰাগ্‌জ্যোতিষপুৰৰপৰা ৰাজধানী তুলি নি কমতাপুৰত পাতিলেগৈ। কমতাপুৰৰ ৰাজধানীখন তেওঁ অতি বিতোপনকৈ পাতিছিল, আৰু সেই আপাহতে তেওঁক কমতেশ্বৰ নামেও জনা যায়। নীলধ্বজ বৰ ধাৰ্ম্মিক ৰজা আছিল, আৰু তেওঁৰ ৰাজ্যত বৈদিক ধৰ্ম্মৰ চৰ্চ্চা বঢ়াবৰ অৰ্থে মিথিলাৰপৰা অনেক সু-ব্ৰাহ্মণ পণ্ডিত অনাই তেওঁ নিজে বহু সজ শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ পাৰিষদবৰ্গকো শিক্ষা দিয়াইছিল। নীলধ্বজ ৰজাৰ ৰাজত্বৰ কালতে মুছলমানে তলত লিখা তিনিবাৰ একেৰাহে অসম দেশ আক্ৰমণ কৰে।

 মুছলমানৰ ১ম আক্ৰমণ বা শিলসাঁকোৰ ৰণ:- দিল্লীৰ সম্ৰাট মহম্মদ গোৰীৰ অনুজ্ঞামতে, বঙ্গদেশৰ শাসনকৰ্ত্তা বক্তিয়াৰ খিলিজি খ্ৰীঃ ১২০৪ চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিবলৈ উজাই আহে। তেওঁ কামৰূপ জয় কৰিবলৈ দহ দিন উজাই আহি, এখন শিলৰ সাঁকোৰ পছিম পাৰে পৰ্ব্বতৰ মাজত সোমোৱা মাত্ৰকে নীলধ্বজ ৰজাৰ প্ৰধান কৰ্ম্মচাৰীয়ে অলপীয়া সৈন্যেৰেই তেওঁক বিষমৰূপে আক্ৰমণ কৰিলে গৈ। বক্তিয়াৰে সেই আক্ৰমণ সহিব নোৱাৰি পলাই ফাট মাৰিলে, আৰু তেওঁৰ সৈন্য-সামন্তৰ এভাগ অসমত বন্দী হৈ ৰৈ গ'ল। এয়ে অসমত মুছলমান বসতিৰ সূত্ৰপাত। পাচত, সিবিলাক গৌৰদেশৰপৰা অহাৰ কাৰণে, অথবা মহম্মদ গোৰীৰ মানুহ বুলি, অসমত সেই মুছলমানবিলাকক “গৰীয়া” বোলা হয়।

 মুছলমানৰ ২য় আক্ৰমণ:- বক্তিয়াৰ খিলিজিৰ মৃত্যুৰ পাচত, বঙ্গদেশত চুবাদাৰৰ বিষয়-বাব লৈ মহা জঞ্জাল উপস্থিত হয়। সেই সময়ত কেইবাজনো চুবাদাৰক ভঙ্গা-পতা কৰাৰ পাচত, গিয়াছুদ্দিন নামেৰে এজনক চুবাদাৰ পতা হয়। তেওঁ নিজক বক্তিয়াৰত্‌কৈ কাজুৱা বোলাবৰ অভিপ্ৰায়ে, খ্ৰীঃ ১২২৮ চনত, অসমদেশ দ্বিতীয়বাৰ আক্ৰমণ কৰেহি। এই আক্ৰমণত তেওঁ নীলধ্বজ ৰজাৰ তলতীয়া জনচেৰেক সৰু সৰু শাসনকৰ্ত্তাক যুদ্ধত হৰুৱাই সিবিলাকৰ পৰা কৰ্-কাটল আদায় কৰিছিল।

 মুছলমানৰ ৩য় আক্ৰমণ:- গিয়াছুদ্দিনৰ পাচত, চাৰিজন চুবাদাৰ হৈ যোৱাৰ পাচে, ইখ্‌টীয়াউদ্দিন মল্লিক বুজ্‌বেক বঙ্গদেশৰ চুবাদাৰ হয়। ১২৫৬-৫৭ খ্ৰীষ্টাব্দত, খৰালি তেওঁ অসমদেশ আক্ৰমণ কৰি, প্ৰাগ্‌জ্যোতিষপুৰত থকা নীলধ্বজ ৰজাৰ প্ৰতিনিধিক পৰ্ব্বতলৈ খেদি দি, আৰু ৰাজধানীত এটা মজিদ-মন্দিৰ তুলি, নিজক কামৰূপৰ অধিপতি বুলি ঘোষণা কৰিলে। পিচে, যেতিয়া বাৰিষা আহিব,